Dailyhunt

দামী ক্ৰীম নহয়, ফাদিল হ'ল ন'ৰাৰ সৌন্দৰ্যৰ ৰহস্য

ডিজিটেল ডেস্ক: ন'ৰা ফাতেহী, নামেই যাৰ পৰিচয় ! সুদক্ষ অভিনয়, অতুলনীয় নৃত্য-শৈলীৰ লগতে অপূৰ্ব সৌন্দৰ্যৰ গৰাকী ন'ৰাই খুব কম সময়তে বলীউডত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।বিশেষকৈ, অভিনেত্ৰীগৰাকীৰ ছাল ইমানেই উজ্জ্বল যে, সকলোৱে তেওঁৰ উজ্জ্বল ছালৰ ৰহস্যৰ বিষয়ে জানিবলৈ বিচাৰে আৰু ন'ৰাই শেহতীয়াকৈ তেওঁৰ নিখুঁত ছালৰ ৰহস্য ৰাজহুৱা কৰিছে। উজ্জ্বল ছাল-চুলিৰে কেনেকৈনো ন'ৰা ইমান সুন্দৰী হৈ আছে, আজি জানো আহক-

সতেজ কৰি ৰাখে ছাল

এক সাক্ষাত্‍কাৰত ন'ৰাই জনোৱা মতে, তেওঁ যেতিয়াই ঘৰত থাকে, তেতিয়াই ছালখন সতেজ কৰি ৰাখিবলৈ চেষ্টা কৰে।আনহাতে, মেকআপ আঁতৰ কৰাৰ পিছত সদায় ছাল ভালদৰে পৰিস্কাৰ কৰে।মুখ পৰিস্কাৰ কৰিবলৈ অভিনেত্ৰীগৰাকীয়ে ক্লিনজাৰ ব্যৱহাৰ কৰে, যাতে ছালৰ লেতেৰাবোৰ সহজতে পৰিস্কাৰ হৈ পৰে।

ব্যৱহাৰ কৰে চিৰাম

ন'ৰাই ছালৰ বাবে ট'নাৰ ব্যৱহাৰ কৰে। ইয়াৰ বাবে তেওঁ ছালত স্প্ৰে কৰি কপাহৰে চাফা কৰে আৰু তাৰ পিছত ছালত চিৰাম প্ৰয়োগ কৰে। তেওঁ সদায় প্ৰাকৃতিক উপাদানৰে তৈয়াৰী সৌন্দৰ্য সামগ্ৰী ব্যৱহাৰ কৰে।

ছালক হাইড্ৰেট কৰি ৰাখে

অভিনেত্ৰীগৰাকীয়ে বিশ্বাস কৰে যে যদি ছালখনক হাইড্ৰেটড কৰি ৰখা নহয়, তেতিয়া অতি সোনকালে ছালত বয়সৰ চাপ পৰে। এনে পৰিস্থিতিত, ছালখন হাইড্ৰেটেড কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ।ন'ৰাই ছালখন হাইড্ৰেটেড ৰাখিবলৈ গ্ৰীণ টি এণ্টিঅক্সিডেণ্ট মাস্ক প্ৰয়োগ কৰে। অভিনেত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰা মতে, তেওঁৰ সৌন্দৰ্য সামগ্ৰীবোৰত মুখ্যতঃ আৰ্গান তেল অন্তৰ্ভুক্ত থাকে, যি তাইৰ ছাল স্বাস্থ্যৱান ৰখাত সহায় কৰে।

এইদৰে কৰে ফেচ স্ক্ৰাবৰ ব্যৱহাৰ

ন'ৰাই সদায় গ্ৰীণ টি থকা স্ক্ৰাব ব্যৱহাৰ কৰে। এই স্ক্ৰাবে মুখখন গভীৰভাৱে পৰিস্কাৰ কৰাৰ লগতে অভিনেত্ৰীগৰাকীক চাপমুক্ত কৰি ৰাখে। তেওঁ স্ক্ৰাব পাতল হাতেৰে বৃত্তাকাৰ গতিত ছালত প্ৰয়োগ কৰে।

এয়াও হৈছে ন'ৰাৰ উজ্জ্বল ছালৰ ৰহস্য

ন'ৰাৰ মতে, ছালৰ যত্নৰ ৰুটিন অনুসৰণ কৰাৰ লগতে তেওঁ দৈনিক নৃত্য কৰে, যি তেওঁৰ 'মুড' ভাল আৰু ছাল উজ্জ্বল কৰি ৰাখে। তদুপৰি, তেওঁ যথেষ্ট পানী খায় আৰু যিমান সম্ভৱ ফল আৰু তৰল পদাৰ্থবোৰ আহাৰত অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে সকলো সময়তে সক্ৰিয় হৈ থাকিবলৈ ভাল পায়, যিয়ে তেওঁক ভিতৰৰ পৰা সুখ দিয়ে আৰু ছালো জিলিকাই ৰাখে।

ছাল-চুলি নষ্ট হৈ ম্লান হৈ পৰিব আপোনাৰ সৌন্দৰ্য
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin