Dailyhunt
দূৰ হ'ব হৰমন-হাড়ৰ সমস্যা, জিলিকি উঠিব ছাল

দূৰ হ'ব হৰমন-হাড়ৰ সমস্যা, জিলিকি উঠিব ছাল

ডিজিটেল ডেস্ক: ৩৫ বছৰ বয়স অতিক্ৰম কৰাৰ লগে লগে মহিলাৰ শৰীৰত বহু পৰিৱৰ্তন হ'বলৈ আৰম্ভ কৰে। এই বয়সত হৰম'নৰ ভাৰসাম্যহীনতা, হাড়ৰ দুৰ্বলতা আৰু ভাগৰুৱা আদিৰ সমস্যা একেবাৰে সাধাৰণ হৈ পৰে। এনে পৰিস্থিতিত উপযুক্ত খাদ্যাভ্যাস অতি গুৰুত্বপূৰ্ণ হৈ পৰে। উপযুক্ত খাদ্যই ৰোগ প্ৰতিৰোধ কৰে, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি তথা বয়স বৃদ্ধিৰ লগে লগে অহা সমস্যাৰ পৰাও সুৰক্ষা প্ৰদান কৰে। বহু সময়ত মহিলাসকলে তেওঁলোকৰ শৰীৰত ঘটা সৰু সৰু পৰিৱৰ্তনক আওকাণ কৰে, যিয়ে পিছলৈ তেওঁলোকৰ স্বাস্থ্যত নেতিবাচক প্ৰভাৱ পেলায়। স্বাস্থ্য বিশেষজ্ঞৰ মতেও, বয়স বৃদ্ধিৰ লগে লগে পুৰুষৰ তুলনাত মহিলাসকলে নিজৰ খাদ্যৰ প্ৰতি বিশেষ যত্ন ল'ব লাগে। বেছি যত্নও নালাগে, যদিহে এই বয়সৰ মহিলাসকলে তেওঁলোকৰ খাদ্য তালিকাত তিনি বিধ বিশেষ খাদ্য গ্ৰহণ কৰে।

মহিলাৰ এই ৩ ছুপাৰফুড হৈছে-

সৰিয়হ

৩৫ বছৰতকৈ অধিক বয়সৰ মহিলাৰ খাদ্যত সৰিয়হ অন্তৰ্ভুক্ত কৰিব লাগে। সৰিয়হ মহিলাসকলৰ বাবে ছুপাৰফুডতকৈ কোনোগুণে কম নহয়। সৰিয়হে প্ৰজনন শক্তি বৃদ্ধি, হাড় মজবুত হোৱাৰ লগতে ৰজেনিবৃত্তিৰ সৈতে সম্পৰ্কিত সমস্যাবোৰ দূৰ কৰে।ইয়াত আইছ’ফ্লেভন নামৰ মৌল থাকে, যিয়ে ইষ্ট্ৰজেনৰ দৰেই কাম কৰে। ই মহিলাৰ হাড়ৰ ঘনত্ব বৃদ্ধি কৰে।

কেঁচা পিঁয়াজ

স্বাস্থ্য বিশেষজ্ঞৰ মতে, মহিলাসকল সুস্থ হৈ থাকিবলৈ দৈনিক চালাড খাব লাগে। সকলো মহিলাই চালাডত খাব লাগে। তাত কেঁচা পিঁয়াজ থকাটো প্ৰয়োজনীয়। মহিলাৰ বাবে ই বহু দিশত উপকাৰী। পিঁয়াজে হাড় শক্তিশালী, হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত,ছালখনক উজ্জ্বল কৰি তোলাত সহায় কৰে। গ্ৰীষ্মকালত পিঁয়াজে শৰীৰক হিট ষ্ট্ৰ’কৰ পৰা ৰক্ষা কৰে।

তিল

তৃতীয় বস্তুটো হ’ল তিল। বয়স বৃদ্ধিৰ লগে লগে মহিলাৰ শৰীৰত কেলচিয়ামৰ অভাৱ আটাইতকৈ বেছি বৃদ্ধি পায়। তিল খালে পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম পোৱা যায়। পোৰা তিল খালে হৰম’নৰ ভাৰসাম্যহীনতাৰ সমস্যাও নিৰাময় হয়। তিল খালে হজম শক্তি উন্নত হয়। তিলতো আঁহ পোৱা যায়, যাৰ ফলত আন্ত্ৰিক স্বাস্থ্যও ভালে থাকে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin