Dailyhunt
মাত্ৰ এইকেইটা কাম কৰক, শৰীৰৰ লগতে মনটোও হ'ব সুস্থ

মাত্ৰ এইকেইটা কাম কৰক, শৰীৰৰ লগতে মনটোও হ'ব সুস্থ

ডিজিটেল ডেস্ক: ভুল খাদ্যাভ্যাসেই বহু ৰোগৰ মূল কাৰণ। আজিকালি ৰোগ বৃদ্ধি হোৱাৰ আন এক অন্যতম কাৰণ হৈছে স্বাস্থ্যকৰ খাদ্য নোখোৱা তথা নিয়মীয়াকৈ ব্যয়াম নকৰা। এইসমূহ অভ্যাস নোহোৱাৰ বাবেই ডায়েবেটিচ, উচ্চ কলেষ্টেৰল, আৰ্থ্ৰাইটিছ, হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগবোৰে আমাক খুব বেয়াকৈ আগুৰি ধৰিছে। এই ৰোগবোৰৰ পৰা বাচি থাকিবলৈ এক ভাল জীৱনশৈলী অনুসৰণ কৰাটো গুৰুত্বপূৰ্ণ। দৈনন্দিন জীৱনত কেতবোৰ সাধাৰণ কাম কৰিয়েই আপুনি চিৰদিন স্বাস্থ্যৱান হৈ থাকিব পাৰে। হয়, আজি সেই বিষয়ে জানো আহক-

পৰ্যাপ্ত টোপনি

সুস্বাস্থ্যৰ বাবে পৰ্যাপ্ত পৰিমাণৰ টোপনি যোৱাটো খুবেই গুৰুত্বপূৰ্ণ। যিসকলে নিশা ভালদৰে শুব নোৱাৰে, তেওঁলোক যিকোনো ৰোগত আক্ৰান্ত হোৱাৰ আশংকা খুবেই বেছি।

ভাল টোপনিয়ে কেৱল শৰীৰটোকে নহয়, মনটোকো স্বাস্থ্যৱান কৰি ৰাখে। সম্পূৰ্ণ টোপনি পোৱাৰ লগে লগে আমাৰ শৰীৰটোৰ অসুস্থ হোৱাৰ সম্ভাৱনা হ্ৰাস হয়। যদি আপুনি ৰাতি ভালদৰে টোপনি নাহে, তেন্তে কফি নাখাব।

ব্যায়াম

সুস্থ তথা স্বাস্থ্যৱান হৈ থকাৰ প্ৰথম সূত্ৰটোয়েই হ'ল ব্যায়াম। বহুতো গৱেষণাত এইটো প্ৰমাণিত হৈছে যে সপ্তাহত তিনিদিনতকৈ অধিক ব্যায়াম কৰা লোকসকল সদায় স্বাস্থ্যৱান হৈ থাকে। সেয়েহে আপুনি যোগ, নৃত্য, এৰোবিক্স, দৌৰ আদি আপোনাৰ দৈনন্দিন ৰুটিনত অন্তৰ্ভুক্ত কৰিব পাৰে।

ভাল আহাৰ

স্বাস্থ্যৱান হৈ থাকিবলৈ এখন ভাল খাদ্যতালিকা অনুসৰণ কৰাটো খুবেই গুৰুত্বপূৰ্ণ।কমাই কমাই ঘনাই খাব। ৰাতি সদায় পাতল আহাৰ গ্ৰহণ কৰিব। তদুপৰি, যথেষ্ট পৰিমাণৰ ফল, পাচলি, সম্পূৰ্ণ শস্য, স্বাস্থ্যকৰ চৰ্বি আৰু প্ৰ'টিন সমৃদ্ধ খাদ্য খোৱাটো আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী।

পানী

শৰীৰটো হাইড্ৰেটেড ৰাখিবলৈ যথেষ্ট পৰিমাণে পানী খাব লাগে। শৰীৰৰ অংশবোৰ সঠিকভাৱে কাম কৰিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানীৰ প্ৰয়োজন।তদুপৰি, খোৱা পানীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰে আৰু লগতে যিকোনো ধৰণৰ সংক্ৰমণ আঁতৰ কৰে।

ৰাতিপুৱাৰ আহাৰ

কিছুমান মানুহে ওজন হ্ৰাস কৰিবলৈ ৰাতিপুৱাৰ আহাৰ গ্ৰহণ নকৰে।কিন্তু ই স্বাস্থ্যৰ পক্ষে খুবেই হানিকাৰক। ৰাতিপুৱাৰ আহাৰ নাখালে অধিক ভোক লাগিব পাৰে, যাৰ বাবে খোৱাৰ প্ৰৱণতা বৃদ্ধি পায়।ইয়াৰ ফলত হজম শক্তি নষ্ট হ'ব পাৰে।

চাপ

চাপৰ ফলতো ওজন আৰু মানসিক ৰোগৰ আশংকা বৃদ্ধি হয়। চাপৰ পৰা দূৰত থাকিবলৈ ব্যায়াম কৰক। তদুপৰি, আপুনি উশাহ-নিশাহৰ ব্যায়াম বা ধ্যানৰ জৰিয়তেও চাপ হ্ৰাস কৰিব পাৰে।

Also Read: লাভ কৰিব অভাৱনীয় স্বাস্থ্য উপকাৰিতা, কিদৰে খাব লাগে জানি লওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin