Dailyhunt
দূৰ হ'ব সকলো ভয়-সংকট, ভক্তই পাব শক্তি-সাহস

দূৰ হ'ব সকলো ভয়-সংকট, ভক্তই পাব শক্তি-সাহস

ডিজিটেল ডেস্ক: শাৰদীয় নৱৰাত্ৰিৰ সপ্তম দিনটো অৰ্থাৎ মহাসপ্তমীক অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। আজি মহাসপ্তমী। আজিৰ দিনটোত দেৱীৰ সপ্তম ৰূপ মা কালৰাত্ৰীক বিশেষভাৱে পূজা কৰা হয়। বিশ্বাস কৰা হয় যে, এই ৰূপত মা কালৰাত্ৰীয়ে অসুৰক বধ কৰি ধৰ্ম ৰক্ষা কৰিছিল। সেয়েহে, আজি কালৰাত্ৰীক পূজা কৰিলে ভয়, দুৰ্ভাগ্য, সংকট, অশুভ শক্তি ধ্বংস হয় আৰু ভক্তসকল শক্তি, সাহস, সুৰক্ষা তথা ইতিবাচক শক্তিৰে ধন্য হয়।

সপ্তমী পূজাৰ শুভ সময়

অভিজিত মুহুৰ্ত: পুৱা ১১:৪৭ বজাৰ পৰা নিশা ১২:৩৫ বজালৈ।

বিজয় মুহুৰ্ত: দুপৰীয়া ২:১১ বজাৰ পৰা ২:৫৮ বজালৈ।

গধূলি মুহুৰ্ত: সন্ধিয়া ৬:০৯ বজাৰ পৰা সন্ধিয়া ৬:৩৩ বজালৈ।

মা কালৰাত্ৰিৰ পূজা পদ্ধতি

মা কালৰাত্ৰীৰ পূজা পদ্ধতি অতি সহজ আৰু ফলপ্ৰসূ। পূজাস্থলীত মা কালৰাত্ৰীৰ প্ৰতিমা বা ফটো স্থাপন কৰি প্ৰথমে পানী ছটিয়াই ল'ব। ইয়াৰ পাছত মা কালৰাত্ৰীক ৰঙা চন্দনৰ ফোঁট দি গামোচা, সেন্দুৰ, ৰঙা আৰু হালধীয়া ফুল, ফল, প্ৰসাদ, মিঠাই আগবঢ়াব। পূজাৰ সময়ত ধূপকাঠি জ্বলোৱাৰ লগতে মন্ত্ৰ জপ কৰিব। শেষত গোটেই পৰিয়ালটোৰ সৈতে প্ৰাৰ্থনা কৰি ভগৱানৰ আশীৰ্বাদ বিচাৰিব।

মা কালৰাত্ৰিৰ প্ৰিয় প্ৰসাদ, ৰং

প্ৰসাদ

মা কালৰাত্ৰীৰ প্ৰিয় প্ৰসাদ হৈছে গুড় বা গুড়ৰ পৰা তৈয়াৰী মিঠাই, যি পূজাৰ সময়ত আগবঢ়োৱাটো শুভ বুলি গণ্য কৰা হয়।

ৰং

কালৰাত্ৰী মাৰ প্ৰিয় ৰং ৰঙা। গতিকে পূজাৰ সময়ত ৰঙা ফুল আগবঢ়াব আৰু তেওঁক পূজা কৰাৰ সময়ত ৰঙা কাপোৰ পিন্ধিব।

মা কালৰাত্ৰীৰ মন্ত্ৰ

বীজ মন্ত্ৰ: ওম আইম হ্ৰীম ক্লীম কালৰাত্ৰিৰ নমঃ

স্তোত্ৰ মন্ত্ৰ: যা দেৱী সৰ্বভূতেশু মা কালৰাত্ৰি ৰূপেন সংস্থিত। নমস্তেচয় নমস্তেচয় নমস্তেচয় নমো নমঃ

অন্যান্য মন্ত্ৰ: ওম কলৰাত্ৰায়ৈ নম, ওম আইন হ্ৰীম ক্লিম চামুণ্ডায় বিচ্চাই

কিদৰে আবিৰ্ভাৱ হৈছিল মা কালৰাত্ৰীৰ ?

বৰণ: ক’লা

বাহক: গাধ

হাত: চাৰি ভূজা

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin