Dailyhunt

দুৰ্ভগীয়া পৰিয়ালৰ আজৱ সিন্ধান্ত, চৌদিশে চৰ্চা

ডিজিটেল ডেস্ক: শিৰোনামটো দেখি হয়তো আপুনি আচৰিত হৈছে। হোৱাটোও স্বাভাৱিক ! কিন্তু এই আচৰিত ঘটনাটো সংঘটিত হৈছে এইখন ভাৰততে।হয়, কৰ্ণাটকৰ এজন ব্যক্তিয়ে তেওঁৰ মৃত কন্যাৰ বাবে এতিয়া দৰা বিচাৰি হাবাথুৰি খাইছে।

কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ পুট্টুৰৰ এটা পৰিয়ালে ৩০ বছৰ আগতে মৃত্যু হোৱা তেওঁলোকৰ কন্যাৰ বাবে দৰা বিচাৰি বিভিন্ন মাধ্যমত বিজ্ঞাপন দিছে।পৰিয়ালটোৰ মতে, বিবাহ পাশত আবদ্ধ নোহোৱাকৈয়ে কন্যাগৰাকীৰ মৃত্যু হোৱাৰ বাবেই হেনো তেওঁৰ আত্মাই শান্তি লাভ কৰা নাই।যিয়ে, তেওঁলোকৰ পৰিয়ালটোলৈ দুৰ্ভাগ্য কঢ়িয়াইছে। তেওঁলোকৰ কন্যাই কম বয়সতে দুৰ্ঘটনাত পতিত হৈ প্ৰাণ দিবলগীয়া হৈছিল আৰু তাৰ পাছৰে পৰাই ঘৰখনত এটাৰ পিছত আনটো দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈ আহিছে।

সেয়েহে, তেওঁলোকৰ মৃত কন্যাৰ আত্মাৰ সদগতিৰ বাবে এতিয়া পৰিয়ালটোয়ে মৃত যুৱতীগৰাকীৰ বিবাহ কৰোৱাৰ সিদ্ধান্ত লৈছে।যুৱতীগৰাকীৰ পিতৃয়ে বিজ্ঞাপনত উল্লেখ কৰিছে যে তেওঁলোকৰ মৃত কন্যাৰ বাবে কোনো মৃত যুৱকৰ প্ৰয়োজন।এই যুৱকজন ৩০ বছৰ আগতে মৃত্যু হোৱা হ'ব লাগিব।তেওঁলোকে এই বিবাহক 'আত্মাৰ বিবাহ' নাম দিছে।দুৰ্ভগীয়া পিতৃৰ এই কাণ্ডই এতিয়া চৌদিশে চৰ্চা লাভ কৰিছে।

'প্ৰেমৰ নামতে ক্ৰমান্বয়ে শেষ হ'বলৈ ধৰিছে পৃথিৱী '
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin