Dailyhunt

এই অভ্যাসৰ বাবে চিৰদিন ৰোগীয়া হ'ব পাৰে আপুনি

ডিজিটেল ডেস্ক: ম'বাইল অবিহনে জীয়াই থকাটো আজি-কালি সকলোৰে বাবেই হয়তো অসম্ভৱ। ৰাতিপুৱা সাৰ পাই উঠি ম'বাইলটো চোৱাই সকলোৰেই প্ৰথম কাম। একেদৰে, ৰাতি টোপনি যোৱাৰ আগতে ফোনটো চোৱাটোও সকলোৰে অভ্যাস হৈ পৰিছে। সৰু-ডাঙৰ সকলোৱেই আজি ম'বাইল আষক্ত। বহুতেটো শৌচাগাৰলৈও ম'বাইল অবিহনে নাযায়।ম'বাইলটো লৈ তেওঁলোকে শৌচাগাৰত ঘন্টাৰ পিছত ঘণ্টা বহি সময় পাৰ কৰে। কিন্তু বিশেষজ্ঞসকলৰ মতে, এই অভ্যাস স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক হ'ব।আজি এই বিষয়ে জানো আহক-

এক অধ্যয়ন অনুসৰি, শৌচাগাৰত ম'বাইল ব্যৱহাৰ কৰি থকা লোকসকলক পেটৰ বিভিন্ন সমস্যাই আগুৰি ধৰে। তদুপৰি, তেওঁলোকৰ হাড়, আঁঠু, গাঁঠিৰ বিষৰ দৰে আন বহুতো শাৰিৰীক সমস্যা হয়।

এই অধ্যয়ন ৩ মাহত ২৫০ জন লোকৰ ক্ষেত্ৰত কৰা হৈছিল।ইয়াৰে অৰ্ধ শতাধিকেই শৌচাগাৰলৈ ম'বাইল নিয়া লোক আছিল।এই অধ্যয়নৰ পাছত শৌচাগাৰৰ আসনত ২০-৩০ মিনিট সময় অতিবাহিত কৰাসকলে স্পষ্ট কৰে যে তেওঁলোকৰ পেট সঠিকভাৱে পৰিস্কাৰ নহয়।

আয়ুৰ্বেদৰ মতে, পেট যিমান সোনকালে পৰিস্কাৰ হয়, সিমানেই এজন ব্যক্তি স্বাস্থ্যৱান হয়। ৰাতিপুৱা পেট চাফা হ'বলৈ মাত্ৰ ২-৩ মিনিট সময় লাগে। কিন্তু ম'বাইলটো লৈ শৌচাগাৰত ১ ঘণ্টা পৰ্যন্ত থাকিলেও তেওঁলোকৰ পেট সঠিকভাৱে পৰিস্কাৰ নহয়।

আনহাতে, শৌচাগাৰলৈ ম'বাইল লৈ যোৱাৰ ফলত কোষ্ঠকাঠিন্যও হ'ব পাৰে। কিয়নো ই আপোনাৰ শৰীৰৰ সৈতে অত্যাধিক দীঘলীয়া সময়ৰ বাবে কাম কৰাত অভ্যস্ত হৈ পৰে। প্ৰতিবেদন অনুসৰি, দীঘলীয়া সময়ৰ বাবে শৌচাগাৰত বহি থকাৰ বাবে পাইলছৰ সমস্যা হ'ব পাৰে।

ইফালে, শৌচাগাৰৰ আসনত দীঘলীয়া সময় ধৰি বহি থাকিলে পেশী জঠৰ হয় যাৰ ফলত আঁঠুৰ বিষো হ'ব পাৰে।শৌচাগাৰত দীৰ্ঘসময় বহি থকাৰ ফলত ভৰিৰ শিৰাবোৰৰ ওপৰতো চাপ পৰে, যাৰ ফলত ৰক্ত সঞ্চালন অধিক অৱনতি হ'ব পাৰে।

যদি সম্ভৱ, বাহিৰত খোৱাৰ অভ্যাস ত্যাগ কৰক
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin