Dailyhunt
এই গুৰুতৰ স্বাস্থ্য সমস্যাৰ সমাধান দিয়ে ফলৰ ৰসে

এই গুৰুতৰ স্বাস্থ্য সমস্যাৰ সমাধান দিয়ে ফলৰ ৰসে

ডিজিটেল ডেস্ক: কোষ্ঠকাঠিন্যৰ যাতনা কি, সেয়া কেৱল ভুক্তভোগীয়েহে জানে।বহুতেই এই সমস্যাৰ পৰা হাত সাৰিবলৈ ঔষধ খাই যদিও কেইদিনমানৰ পাছত পুনৰ আকৌ একেই সমস্যাতে ভোগে। কিন্তু কিছুমান প্ৰাকৃতিক উপায়ৰে আপুনি আপোনাৰ এই সমস্যা চিৰদিনৰ বাবে নাইকিয়া কৰিব পাৰে। হয়, কেইটামান ফলৰ ৰস খাই আপুনি কোষ্ঠকাঠিন্যৰ সমস্যাক চিৰদিনৰ বাবে বিদায় দিব পাৰে। সেয়া হৈছে-

নেমু পানী

নেমুপানীত ভিটামিন চি থাকে, যিয়ে হজম উন্নত কৰাত সহায় কৰিব পাৰে। ইয়াৰ সেৱন ছালৰ অন্যান্য লাভালাভৰ লগতে পাকস্থলী পৰিস্কাৰ কৰাতো সহায়ক।

মধুৰিআমৰ ৰস

মধুৰিআমৰ ৰসে হজম উন্নত কৰাৰ লগতে কোষ্ঠকাঠিন্য উপশম কৰাত সহায়ক হ'ব পাৰে। আপুনি মধুৰিআমৰ ৰসৰ লগত ক'লা নিমখ মিহলি কৰি খাব পাৰে।

প্লামৰ ৰস

প্লামত ভিটামিন চি আৰু আঁহ থাকে, যিয়ে পাকস্থলী পৰিস্কাৰ কৰাত সহায় কৰে।কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি প্লামৰ ৰস মৌৰ সৈতে মিহলি কৰি সদায় খাব পাৰে।

ডালিমৰ ৰস

ডালিমৰ ৰসে হজম শক্তি উন্নত কৰি পাকস্থলীৰ সমস্যা উপশম কৰিব পাৰে।সেয়েহে ইয়াক নিয়মীয়াকৈ সেৱন কৰাটো অতি লাভজনক।

জামুৰ ৰস

জামুত পোৱা উপাদানবোৰে হজম উন্নত কৰি কোষ্ঠকাঠিন্য উপশম কৰাত সহায়ক হ'ব পাৰে। কোষ্ঠকাঠিন্যৰ পৰা পৰিত্ৰাণ পাবলৈ সদায় ৰাতিপুৱা খালী পেটত জামুৰ ৰস খোৱাটো আপোনাৰ বাবে উপকাৰী হ'ব পাৰে।

এই ফলৰ ৰস সদায় খালে ই কোষ্ঠকাঠিন্যৰ সমস্যাত সহায়ক হ'ব পাৰে। কিন্তু ইয়াৰ পাছতো যদি আপুনি এই সমস্যাৰ পৰা সকাহ লাভ নকৰে, তেন্তে খুব সোনকালে চিকিৎসকৰ পৰামৰ্শ ল'ব।

এইসমূহ ঘৰুৱা প্ৰতিকাৰৰ সহায় লৈ দূৰ কৰক পেটৰ সমস্যা
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin