Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
এই লক্ষণক অৱজ্ঞা কৰিলে হেৰুৱাব আপোনাৰ প্ৰাণ

এই লক্ষণক অৱজ্ঞা কৰিলে হেৰুৱাব আপোনাৰ প্ৰাণ

ডিজিটেল ডেস্ক: হাৰ্ট এটেক হ'ল এক গুৰুতৰ অৱস্থা যিয়ে হঠাতে আপোনাৰ প্ৰাণ কাঢ়িব পাৰে। হাৰ্ট এটেকৰ লক্ষণসমূহ অৱশ্যে কেইবাদিন আগতেই দেখা দিয়ে। প্ৰাণ ৰক্ষাৰ বাবে এই চিনসমূহ চিনাক্ত কৰাটো অতি জৰুৰী। হাৰ্ট এটেকৰ পূৰ্বে শৰীৰত দেখা দিয়া লক্ষণসমূহ হৈছে-

বুকুৰ বিষ

হাৰ্ট এটেকৰ আটাইতকৈ সাধাৰণ লক্ষণ হ'ল বুকুৰ বিষ বা চাপ। এই বিষ প্ৰায়ে বাওঁহাত, কান্ধ বা ডিঙিলৈকে বিয়পিব পাৰে। কিন্তু হাৰ্ট এটেকৰ পূৰ্বে কিছুমান লোকৰ বুকুৰ বিষ নহ'বও পাৰে।

উশাহ লোৱাত অসুবিধা

বহুতে হাৰ্ট এটেকৰ সময়ত উশাহ-নিশাহ লোৱাত অসুবিধা অনুভৱ কৰে। হৃদযন্ত্ৰৰ পেশীত পৰ্যাপ্ত পৰিমাণৰ তেজ আৰু অক্সিজেন যোগান ধৰা নহ'লে এনে হয়। যদি আপুনি হঠাতে উশাহ লোৱাত কষ্ট, গধুৰতা বা অস্বাভাৱিক ভাগৰুৱা অনুভৱ কৰে, তেন্তে ইয়াক সহজভাৱে ল'ব নালাগে।

বাহু, পিঠি, ডিঙি বিষ

হৃদযন্ত্ৰৰ ওচৰৰ স্নায়ু আৰু পেশীৰ বাবে বিষ কেৱল বুকুতে সীমাবদ্ধ হৈ নাথাকে। কেতিয়াবা বাওঁহাত, পিঠি, ডিঙি বা পেটতো বিষ অনুভৱ হয়।

ঘামচি, বমি বা মূৰ ঘূৰোৱা

হাৰ্ট এটেকৰ সময়ত শৰীৰত ষ্ট্ৰেছ হৰম’ন বৃদ্ধি পালে অত্যধিক ঘামচি ওলায়। বমি-বমি বা মূৰ ঘূৰাবও পাৰে। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত এই লক্ষণসমূহ দেখা যায়। যদি কোনো ব্যক্তিয়ে হঠাতে অত্যন্ত ভাগৰুৱা অনুভৱ কৰে, শক্তিৰ অভাৱ অনুভৱ কৰে বা খোজ কঢ়াত অসুবিধা পায়, তেন্তে এইটোও হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে।

হাৰ্ট এটেকৰ বাবে বিপদজনক কাৰক

অনুচিত জীৱনশৈলী, চৰ্বিযুক্ত খাদ্য আৰু জাংক ফুড বেছিকৈ খোৱা, উচ্চ কলেষ্টেৰল, মেদবহুলতা, ৰক্তচাপ, পাৰিবাৰিক ইতিহাসত হাৰ্ট এটেক, বয়স বৃদ্ধি আৰু শাৰীৰিক নিষ্ক্ৰিয়তা হৈছে হাৰ্ট এটেকৰ মূল কাৰক।

হাৰ্ট এটেক প্ৰতিৰোধৰ উপায়

১) গ্ৰহণ কৰক সক্ৰিয় জীৱনশৈলী

২) দৈনিক খোজ কঢ়া, যোগাসন আৰু ব্যায়াম কৰক।

৩) ধূমপান আৰু ধঁপাত পৰিহাৰ কৰক।

৪) ফল-মূল, শাক-পাচলি, কম চৰ্বিযুক্ত দুগ্ধজাত সামগ্ৰী, মাংস, গোটা শস্য আদি হৃদযন্ত্ৰৰ বাবে উপযোগী খাদ্য গ্ৰহণ কৰক।

৫) ছ'ডিয়াম আৰু চেনি খোৱাৰ পৰিমাণ কমাই দিব।

৬) মদ্যপান সীমিত কৰক।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin