Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
এই পাচ বিধ ঘৰুৱা বস্তু খাই সকাহ পাওক

এই পাচ বিধ ঘৰুৱা বস্তু খাই সকাহ পাওক

ডিজিটেল ডেস্ক: ভুল খাদ্যাভ্যাসৰ বাবে আমি পেট সম্পৰ্কীয় বহু সমস্যাৰ সন্মুখীন হ'ব লগীয়া হয়। এই সমস্যাসমূহৰ ভিতৰত অন্যতম কোষ্ঠকাঠিন্য, বদহজম আৰু গেছৰ সমস্যা। বহুসময়ত ঔষধ সেৱন কৰাৰ পাছতো গেছৰ সমস্যাৰ পৰা কোনো সকাহ পোৱা নাযায়। এনে পৰিস্থিতিত আপুনি কিছুমান ঘৰুৱা বস্তু সেৱন কৰি পেট সম্পৰ্কীয় এই সমস্যাসমূহৰ পৰা সকাহ পাব পাৰে। আজি সেই বিষয়ে জানো আহক-

আদা

আদা খাই আপুনি গেছৰ পৰা সকাহ পাব পাৰে।কেইটুকুৰামান আদা একাপ পানীত উতলাই ঠাণ্ডা হোৱাৰ পাছত সেই পানীখিনি সেৱন কৰিব।এইদৰে খালে খুব কম সময়ৰ ভিতৰতে আপুনি গেছ তথা পেটৰ বিষ আৰু হজমৰ সমস্যাৰ পৰা সকাহ পাব। যদি আপুনি এই পানীয়ৰ সোৱাদ জোখতকৈ অধিক তিতা পায়, ইয়াত নেমুৰ ৰস বা মৌ মিহলি কৰি খাব।

নেমু পানী

আপুনি নেমু পানী সেৱন কৰিও পেটৰ সমস্যাৰ পৰা সকাহ পাব পাৰে। নেমু পানীয়ে আপোনাৰ শৰীৰক আৰ্দ্ৰতা প্ৰদান কৰি গেছ সম্পৰ্কীয় সমস্যাৰ পৰা আতৰাই ৰাখে। হজমশক্তি ঠিক কৰিবলৈও আপুনি দিনে ২-৩ বাৰ নেমু পানী সেৱন কৰিব পাৰে।কিন্তু মনত ৰাখিব নেমু পানীৰ অত্যাধিক সেৱন স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

এপল চাইডাৰ ভিনেগাৰ

আপেল চাইডাৰ ভিনেগাৰ গ্ৰহণ কৰিও আপুনি পাচন আৰু পাকস্থলী সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ পাব পাৰে। এগিলাচ পানীত ২ চাহ চামুচ এপল চাইডাৰ ভিনেগাৰ মিহলি কৰি খাদ্য গ্ৰহণৰ আধা ঘণ্টাৰ আগতে খাব। পানীত মিহলি নকৰাকৈ এপল চাইডাৰ ভিনেগাৰ নাখাব।

তুলসী

তুলসীত পোৱা পুষ্টিবোৰে পাকস্থলী সম্পৰ্কীয় সমস্যাবোৰ উপশম কৰাত সহায় কৰে। গেছৰ পৰা সোনকালে সকাহ পাবলৈ এগিলাচ পানীত এমুঠি তুলসীৰ দি উতলাই ঠাণ্ডা হোৱাৰ পাছত খাব পাৰে। ই আপোনাক পেট সম্পৰ্কীয় সমস্যাৰ পৰা সকাহ দিব।

ডিমৰু

হজমৰ সমস্যাৰ পৰা সকাহ পাবলৈ আপুনি ডিমৰুও খাব পাৰে। ইয়াত পোৱা ৰেচকবোৰে এচিড অন্ত্ৰৰ চলাচল সংশোধন কৰাত সহায় কৰে, যিয়ে আপোনাৰ হজম সম্পৰ্কীয় সমস্যাবোৰ দূৰ কৰে। কিন্তু যদি বদহজম আৰু গেছৰ উপৰিও আপোনাৰ আন কোনো পেটৰ সমস্যা আছে, আপুনি বিশেষজ্ঞৰ সহায় লৈহে ডিমৰু গ্ৰহণ কৰিব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin