Dailyhunt
এইসকল নামী-দামী তাৰকাই উজলাব 'বিগ বছ ১৯ '

এইসকল নামী-দামী তাৰকাই উজলাব 'বিগ বছ ১৯ '

ডিজিটেল ডেস্ক: দৰ্শকৰ বাবে সুখবৰ ! আৰম্ভ হ'ব বহু প্ৰত্যাশিত ৰিয়েলিটি শ্ব' 'বিগ বছ'ৰ কাউণ্টডাউন। হয়, আজি নিশা 'বিগ বছ ১৯'ৰ প্ৰিমিয়াৰ সম্প্ৰচাৰ হ'ব। নিৰ্মাতাসকলে ইতিমধ্যে শ্ব'টোৰ নিশ্চিত প্ৰতিযোগীসকলৰ ইংগিত দি বহুকেইটা 'প্ৰম' মুকলি কৰিছে।

ছুপাৰষ্টাৰ ছলমান খানে 'হষ্ট' কৰা এই ৰিয়েলিটি শ্ব' অতি কমেও তিনিমাহ সম্প্ৰচাৰিত হয়। অতি জনপ্ৰিয় এই অভিনেতজনে ১৫ বছৰ ধৰি অৰ্থাৎ ২০১০ চনৰ চতুৰ্থ সংস্কৰণৰ পৰাই এই শ্ব'ৰ আঁত ধৰি আহিছে। ছলমান খানে 'বিগ বছ ১৯'ৰ নতুন 'থীম', বহু ৰঙী এটা আকৰ্ষণীয় তথা স্পন্দনশীল চকুৰ 'ল'গ' উন্মোচন কৰিছে। এই গতিশীল 'ল'গ'টোত নীলা, হালধীয়া, গোলাপী, বগা আৰু বেঙুনীয়া ৰঙৰ 'শ্বেড' আছে, যিয়ে শ্ব'টোক সতেজ, শক্তিশালী ৰূপ দিছে।

‘ঘৰৱাল’ কী চৰকাৰ’ শীৰ্ষক এই সংস্কৰণ গণতন্ত্ৰক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে। যি এক বৃহৎ ‘ফৰ্মেট’ পৰিৱৰ্তনৰ চিন স্বৰূপ, য’ত সকলো মূল সিদ্ধান্ত প্ৰতিযোগীসকলে নিজেই ল’ব।

এইসকল তাৰকাই উজ্বলাব 'বিগ বছ ১৯'ৰ ঘৰ

এইবাৰ ১৯গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিবলগীয়া 'বিগ বছ ১৯'ত জনপ্ৰিয় গায়ক অমল মালিক, ছ’চিয়েল মেডিয়াৰ তাৰকা তথা কৰিঅ’গ্ৰাফাৰ আৱেজ দৰবাৰ, কুনিকা সদানন্দ, নাটালিয়া জানোচেক, নীলম গিৰি, প্ৰণিত ম’ৰে, বাছেৰ আলী, নেহাল চুদাছামা, অভিষেক বাজাজ আৰু গৌৰৱ খান্নাৰ দৰে তাৰকাই অংশগ্ৰহণ কৰাটো প্ৰায় নিশ্চিত হৈছে। উল্লেখ্য যে, আজি নিশা ৯ বজাত 'জিঅ’ হটষ্টাৰ' আৰু 'কালাৰ্ছ টিভি'ত 'বিগ বছ ১৯'ৰ প্ৰিমিয়াৰ সম্প্ৰচাৰ হ’ব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin