Dailyhunt
এইসমূহ লিভাৰ দুৰ্বল হোৱাৰ লক্ষণ, উপেক্ষা নকৰিব

এইসমূহ লিভাৰ দুৰ্বল হোৱাৰ লক্ষণ, উপেক্ষা নকৰিব

ডিজিটেল ডেস্ক: যকৃত বা লিভাৰ হৈছে শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ। যকৃতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ কৰা, খাদ্য হজম, তেজ পৰিস্কাৰ আৰু প্ৰ'টিন প্ৰস্তুত কৰাৰ কাম কৰে। যেতিয়া যকৃত দুৰ্বল হয়, এই সকলোবোৰ কাৰ্য বিফল হ'বলৈ আৰম্ভ কৰে। আজিকালি যকৃতৰ সৈতে সম্পৰ্কিত বহু সমস্যা বৃদ্ধি পাইছে। যকৃত দুৰ্বল হ'লে শৰীৰত কেতবোৰ লক্ষণে দেখা দিয়ে।

কিয় দুৰ্বল হয় যকৃত ?

আমি আমাৰ জীৱনত বহুতো ঔষধ, বেজী আৰু ৰাসায়নিক সামগ্ৰী গ্ৰহণ কৰো। কেতিয়াবা এই পদাৰ্থবোৰ আমাৰ শৰীৰৰ পৰা সঠিকভাৱে ওলাই আহিব নোৱাৰে, যাৰ ফলত ই আমাৰ শৰীৰত জমা হৈ যকৃতৰ ক্ষতি কৰে। তদুপৰি, বেয়া জীৱনশৈলী আৰু খাদ্যাভ্যাসে যকৃত দুৰ্বল কৰি তোলে।

যকৃত ক্ষতিগ্ৰস্ত হ'লে কেনেকৈ গম পাব ?

বিশেষজ্ঞৰ মতে যকৃতৰ কোনো বিকাৰ হ'লে, বিশেষকৈ চৰ্বিযুক্ত যকৃতৰ স্থিতিত সময়ে সময়ে পেটৰ ওপৰৰ সোঁফালে তীব্ৰ বিষ অনুভৱ কৰা হয়। এই বিষ পিছফাল আৰু কান্ধলৈও বিয়পিব পাৰে।

দুৰ্বল যকৃতৰ লক্ষণ

পেটৰ বিষ বা ফুলা: যেতিয়া যকৃত দুৰ্বল হয়, পেটৰ ওপৰৰ অংশ ফুলি উঠে। ইয়াৰ লগতে, পেটৰ বিষো হয়, যি সময়ৰ লগে লগে বৃদ্ধি হৈ গৈ থাকে।

ভোক নোহোৱা হোৱা: যকৃতৰ কাম হৈছে খাদ্য হজম কৰা। যেতিয়া যকৃত দুৰ্বল হয়, খাদ্য সঠিকভাৱে হজম নহয়, যাৰ ফলত ভোক নালাগে।

ওজন হ্ৰাস: যদি আপুনি কম ভোক অনুভৱ কৰে, তেন্তে ওজন হ্ৰাস হোৱা আৰম্ভ হ'ব।

ভাগৰ: দুৰ্বল যকৃতৰ বাবে শৰীৰে শক্তি নাপায়, যাৰ ফলত এজন ব্যক্তিয়ে সকলো সময়তে ভাগৰ অনুভৱ কৰে।

জণ্ডিচ: জণ্ডিচত চকুৰ বগা অংশ হালধীয়া হয়। এনে হয় যেতিয়া যকৃতে তেজৰ পৰা পিত্ত সঠিকভাৱে নিষ্কাশন কৰিব নোৱাৰে।

খজুৱতি: ছালত খজুৱতি হৈছে যকৃত বেয়া হোৱাৰ আন এক লক্ষণ। যেতিয়া তেজৰ পৰা বিষাক্ত পদাৰ্থ মুকলি নহয়, ছালত খজুৱতি আৰম্ভ হয়।

প্ৰস্ৰাৱ আৰু মলৰ গাঢ় ৰং: প্ৰস্ৰাৱ আৰু শৌচৰ ৰঙৰ পৰিৱৰ্তনো যকৃত বেয়া হোৱাৰ এক গুৰুত্বপূৰ্ণ লক্ষণ।

এডিমা: এই অৱস্থাত ভৰি তল অংশ ফুলি যায়। এই স্থিতি তেতিয়া হয়, যেতিয়া যকৃতে পৰ্যাপ্ত এলবামিন প্ৰস্তুত কৰিব নোৱাৰে। তেজত এলবামিনৰ পৰিমাণ হ্ৰাস হ’লে ভৰি বা হাত ফুলে।

মগজুৰ বিভ্ৰান্তি:যেতিয়া যকৃতত কোনো ধৰণৰ সমস্যা হয়, তেজত বিষাক্ত পদাৰ্থৰ সংখ্যা বৃদ্ধি মগজু পায়গৈ। ইয়াৰ ফলত ব্যক্তিজনৰ বিভ্ৰান্তি বা পাহৰাৰ সমস্যা হ’ব পাৰে।

হজমৰ সমস্যা: শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ওলাব নোৱাৰিলে সেইসমূহ ভিতৰতে জমা হৈ ৰয়, যিয়ে হজমৰ সমস্যাৰ সৃষ্টি কৰে।ইয়াৰ ফলত ৰোগীৰ ওকালি, বমি হোৱাৰ দৰে সমস্যা হয়।

কম টোপনি: টোপনি কম হোৱাটোও যকৃত বেয়া হোৱাৰ অন্যতম লক্ষণ।

যকৃতৰ দুৰ্বলতাৰ কাৰণ

-অত্যাধিক সুৰা-চিগাৰেট সেৱন

- বেছিকৈ ৰঙা মাংস খোৱা

- বেছিকৈ নিমখ গ্ৰহণ

-লেতেৰা পানী খোৱা

-মচলাযুক্ত খাদ্যৰ অত্যাধিক গ্ৰহণ

-অত্যাধিক জাংক ফুড গ্ৰহণ কৰা

-নিৰন্তৰ কোষ্ঠকাঠিন্যৰ সমস্যা

-অত্যাধিক এণ্টিবায়টিক আৰু নকল ঔষধ গ্ৰহণ কৰা

আপুনিও যদি শৰীৰত এইসমূহৰ এটাও দেখা পায়, পলম নকৰি বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Also Read: ‘কিডনী ষ্ট’ন’ হ’লে কি খাব লাগে জানি লওঁ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin