Dailyhunt
একেবাৰেই সহজ হৈ পৰিছে বিবাহ-বিচ্ছেদ !

একেবাৰেই সহজ হৈ পৰিছে বিবাহ-বিচ্ছেদ !

ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ আগ্ৰাৰ এগৰাকী মহিলাই অলপতে বিবাহ বিচ্ছেদ বিচাৰি ত্যাগ কৰিলে স্বামীগৃহ। খবৰটো একেবাৰেই সাধাৰণ।কিন্তু বিবাহ বিচ্ছেদৰ কাৰণটোহে অসাধাৰণ।হয়, পছন্দৰ খাদ্য আনি নিদিয়াৰ বাবেই স্বামীৰ বিৰুদ্ধ বহু অভিযোগ আনি পত্নীয়ে বিবাহ বিচ্ছেদৰ সিন্ধান্ত গ্ৰহণ কৰে।

প্ৰকৃততে, বিবাহ বিচ্ছেদ বিচৰা মহিলাগৰাকীৰ প্ৰিয় কুৰকুৰে।যাৰ বাবে প্ৰতিদিনাই তেওঁ স্বামীক কাৰ্যালয়ত পৰা আহোতে তেওঁৰ বাবে ৫ পেকেট কুৰকুৰে আনিবলৈ কয়।সেইমতেই তেওঁৰ স্বামীয়ে কাৰ্যালয়ৰ পৰা আহোতে পত্নীক সন্তুষ্ট কৰিবলৈ প্ৰতিদিনেই কুৰকুৰেৰ ৫টা পেকেট আনে।কিন্তু এদিন তেওঁৰ স্বামীয়ে কুৰকুৰে আনিবলৈ পাহৰি যায়।ইয়াতে খঙত অগ্নিশৰ্মা হৈ স্বামী গৃহ ত্যাগ কৰি মহিলাগৰাকী পিতৃ গৃহ পায়গৈ আৰু স্বামীৰ সৈতে সম্পৰ্ক শেষ কৰিবলৈ আদালতৰ দাৰস্থ হয়।

আগ্ৰাৰ শ্বাহগঞ্জ আৰক্ষীয়ে অৱশ্যে দম্পতিহালক তেওঁলোকৰ সম্পৰ্কটো শেষ কৰাৰ পৰিৱৰ্তে বুজা-পৰাৰ জৰিয়তে সংসাৰখন ভালদৰে ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়।এই সমগ্ৰ বিষয়টো সন্দৰ্ভত মহিলাগৰাকীৰ স্বামীয়ে কোৱা মতে, তেওঁৰ পত্নী কুৰকুৰেৰ প্ৰতি আসক্তি আছে। ইফালে, মহিলাগৰাকীয়ে অভিযোগ কৰা মতে, স্বামীয়ে তেওঁক প্ৰহাৰ কৰাৰ বাবেহে তেওঁ তেওঁৰ পিতৃগৃহলৈ যাবলৈ বাধ্য হৈছে।

দুৰ্ভগীয়া পৰিয়ালৰ আজৱ সিন্ধান্ত, চৌদিশে চৰ্চা
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin