Dailyhunt

একো খৰচ নোহোৱাকৈ ছাল জিলিকাই তোলাৰ সহজ উপায়

ডিজিটেল ডেস্ক: মসৃণ তথা এখন উজ্জ্বল ছাল সকলোৰে কাম্য।উজ্জ্বল ছালৰ গৰাকী হৈ আনৰ প্ৰশংসা বুটলিবলৈ প্ৰতিগৰাকী মহিলাই পৰাখিনি সকলো কৰে।কিন্তু বজাৰত উপলব্ধ এই সামগ্ৰীবোৰে ছালৰ উপকাৰৰ সলনি অপকাৰহে কৰে।ইয়াত থকা ৰাসায়নিক পদাৰ্থয়ে আমাৰ ছালখন খুব বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে।সেয়েহে, ছালৰ যত্নত সদায় প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। প্ৰাকৃতিক বুলি ক'লে আপুনি আপোনাৰ ছালৰ যত্নত নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে। নাৰিকল তেলৰ বহুতো ঔষধি গুণ আছে।আপুনি নাৰিকল তেলত লগতে ঘৰতে উপলব্ধ কেতবোৰ বস্তু যোগ কৰি ছালত প্ৰয়োগ কৰিব পাৰে, সেইসমূহ হৈছে-

লং

নাৰিকল তেলত লঙৰ গুৰি মিহলি কৰি ছালত লগালে ই মৃত কোষ পৰিস্কাৰ কৰে। ইয়াত থকা এণ্টি-এজিং গুণাগুণবোৰে ছালখনৰ যৌৱন ধৰি থাকে।

একে সময়তে, এণ্টি-বেক্টেৰিয়া আৰু এণ্টি-ইনফ্লেমেটৰী গুণাগুণে ছালত ওলোৱা সৰু সৰু ফোঁহাবোৰো নাইকিয়া কৰে।

চাহ গছৰ তেল

ছালক সংক্ৰমণৰ পৰা সুৰক্ষিত কৰিবলৈ নাৰিকল তেলত চাহ গছৰ তেল মিহলি কৰিও ছালত লগাব পাৰে।ই ছালখন ভিতৰৰ পৰা পৰিস্কাৰ কৰে। ইয়াৰ ভেঁকুৰ-বিৰোধী গুণাগুণো আছে।

কফি

নাৰিকল তেলত কফি পাউডাৰ মিহলি কৰি ছালত লগালেও ছালখন ক্ষন্তেকতে জিলিকি উঠে। ইয়াৰ বাবে আপুনি কফি পাউডাৰত নাৰিকল তেল মিহলি কৰি এটা পেষ্ট এটা বনাই ল'ব। এই পেষ্টটো ১০ মিনিটৰ বাবে মুখত প্ৰয়োগ কৰি পাছত পৰিস্কাৰ পানীৰে মুখখন ধুই পেলাব।

চন্দন, হালধি

ছালৰ বাবে চন্দনৰ উপকাৰিকাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।নাৰিকল তেলৰ লগত আপুনি চন্দন আৰু হালধি লগাইও খুব কম দিনতে ইৰ্ষণীয় ছালৰ গৰাকী হ'ব পাৰে। আপুনি নাৰিকল তেলৰ সৈতে পৃথকে পৃথকে বা চন্দন, হালধি একেলগ কৰিও ছালত প্ৰয়োগ কৰিব পাৰে।

আনহাতে, আপুনি পোনপটীয়াকৈও ছালত নাৰিকল তেল প্ৰয়োগ কৰিব পাৰে। ইয়াত লাউৰিক এচিড থাকে, যি ছালৰ শুষ্কতা আঁতৰ কৰে।এই সকলোবোৰ আপুনি মুখত প্ৰয়োগ কৰি ঘৰতে বহি আপোনাৰ ছাল মুকুতাৰ দৰে উজ্জ্বল কৰিব পাৰে।

এই তিনি পানীয়ই ছালৰ লগতে ধ্বংস কৰিছে হজম শক্তি
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin