Dailyhunt
এইসমূহে ছালৰ ক্ষতিৰ লগতে দুৰ্বল কৰিছে হজম শক্তি

এইসমূহে ছালৰ ক্ষতিৰ লগতে দুৰ্বল কৰিছে হজম শক্তি

ডিজিটেল ডেস্ক: পুৰুষেই হওঁক বা মহিলাই হওঁক, উজ্জ্বল ছালৰ গৰাকী হোৱাটো সকলোৰে কাম্য। ছালখন উজ্জ্বল তথা সতেজ কৰি তুলিবলৈ সকলোয়েই বিভিন্ন প্ৰকাৰৰ সৌন্দৰ্য সামগ্ৰী মুখত প্ৰয়োগ কৰে।বিশেষকৈ মহিলাসকলে। কিন্তু অধিক ৰাসায়নিক পদাৰ্থযুক্ত সামগ্ৰীবোৰে মুখৰ ছাল নষ্ট কৰি পেলায়। যদি আপোনাৰ ছাল ডিহাইড্ৰেটেড হৈছে, তেনেহ'লে ই খাদ্যৰ বাবেও হ'ব পাৰে। চিকিৎসক তথা পুষ্টিবিদসকলৰ মতে, ছালৰ সৈতে অন্ত্ৰৰ স্বাস্থ্যৰ পোনপটীয়া সম্পৰ্ক আছে। আমি ভালপোৱা কিছুমান পানীয়ই আমাৰ ছালখন ধ্বংস কৰাত গুৰুতৰ ভূমিকা পালন কৰে। সেই অখাদ্য সমূহৰ বিষয়ে আজি জানো আহক-

সুৰা

সুৰা কেৱল স্বাস্থ্যৰ বাবেই নহয়, ছালৰ বাবেও অত্যন্ত ক্ষতিকাৰক।

ইয়াত কিছুমান বেক্টেৰীয়া পোৱা যায়, যাৰ ছালৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে। সুৰা সেৱন কৰিলে ছাল ডিহাইড্ৰেট হোৱাৰ লগতে ওঁঠ শুকান আৰু ছালখনৰ উজ্জ্বলতা হ্ৰাস হয়। সেয়েহে, আন

ছ’ডা

ইয়াত উচ্চ ফ্ৰুক্টোজ কৰ্ণ চেনী থাকে। যাৰ বাবে ছ'ডা খালে ৰক্ত শৰ্কৰা বৃদ্ধি হয় আৰু ছালখন নিষ্প্ৰাণ দেখায়। তদুপৰি, ই অন্ত্ৰৰ স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক

কফি

কেৱল কফিয়েই নহয়, ফ্ৰাপুচিনৰ দৰে পানীয়য়েও আপোনাৰ ছালৰ যথেষ্ট ক্ষতি কৰে। বহুলোকে অন্ত্ৰৰ স্বাস্থ্য আৰু মগজুৰ বাবে উপকাৰী বুলি ভাবিয়েই কফি খায়। কিন্তু কফিত মিঠা আৰু গাখীৰ মিহলি কৰিলে ই আপোনাৰ অন্ত্ৰৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হৈ পৰে।

Also Read: সাৱধান! এইসকল লোকে পুদিনা নাখাব

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin