Dailyhunt
এনে শিশুক খাবলৈ দিয়ক গাখীৰৰ সমানেই পুষ্টিকৰ এইসমূহ খাদ্য

এনে শিশুক খাবলৈ দিয়ক গাখীৰৰ সমানেই পুষ্টিকৰ এইসমূহ খাদ্য

ডিজিটেল ডেস্ক: গাখীৰক এক সম্পূৰ্ণ আহাৰ বুলি গণ্য কৰা হয়। ইয়াত প্ৰ'টিন, কেলচিয়াম, কাৰ্বোহাইড্ৰেট, চৰ্বি আৰু ভিটামিনৰ দৰে শৰীৰৰ বাবে লাগতিয়াল প্ৰায় সকলো পুষ্টি থাকে। সেয়েহে বিশেষজ্ঞই সকলোকে গাখীৰ খাবলৈ পৰামৰ্শ দিয়ে। বিশেষকৈ শিশুৰ আহাৰত গাখীৰ অন্তৰ্ভুক্ত কৰাটো খুবেই দৰকাৰী। ই শিশুৰ হাড় তথা সমগ্ৰ শাৰিৰীক বিকাশৰ বাবে অতি উপকাৰী। কিন্তু অসুবিধা এয়ে যে, বহু শিশুয়েই গাখীৰ খাবলৈ ভাল নাপায়।

অভিভাৱকসকলে প্ৰায়ে এই বিষয়ক লৈ চিন্তিত হয়। তেওঁলোক আনকি সন্তানে গাখীৰ নোখোৱাৰ অভিযোগ লৈ চিকিৎসকৰ ওচৰলৈও যায়। অৱশ্যে, কিছুমান গৱেষণাত প্ৰমাণ হৈছে যে একাংশ শিশুৱে গাখীৰ খোৱাৰ পিছত এচিডিটি, পেটৰ বিষ বা অস্বস্তি অনুভৱ কৰে।

যাৰ বাবে তেওঁলোকে গাখীৰ খাবলৈ মন নকৰে।

কিন্তু শিশুৰ বাবে গাখীৰ খোৱাটো অতি জৰুৰী। গতিকে কিদৰে সন্তানক গাখীৰ খুৱাব, তাকে লৈ অভিভাৱকসকল চিন্তাত পৰে।যাৰ বাবে বহু চিকিৎসকে অভিভাৱকসকলক গাখীৰৰে তৈয়াৰী দৈ, পনীৰ, চীজ আদি খুৱাবলৈ পৰামৰ্শ দিয়ে।

কিন্তু আপুনি গাখীৰৰ সলনি আন কেতবোৰ স্বাস্থ্যকৰ খাদ্যও শিশুৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। যি গাখীৰৰ সমানেই তেওঁলোকক পুষ্টি প্ৰদান কৰে।সেই খাদ্যসমূহ হৈছে যেনে -

১) গাখীৰৰ সলনি আপুনি সন্তানক ব্ৰকলী খাবলৈ দিয়ক।

২) নাৰিকলৰ গাখীৰ, বাদামৰ গাখীৰ বা ছ'য়া গাখীৰ তেওঁলোকৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰি। ই গাখীৰৰ দৰেই পুষ্টিদায়ক।

৩) যদি আপোনাৰ সন্তানে টফু সুস্বাদু পায়, তেনেহ'লে তেওঁলোকক গাখীৰৰ সলনি টফু খাবলৈ দিব পাৰে।

৪)বীন আৰু মাহজাতীয় শস্যবোৰো শিশুৰ আহাৰত অন্তৰ্ভুক্ত কৰিব। কিয়নো বীন আৰু মাহজাতীয় শস্যত প্ৰ'টিন, আঁহ আৰু ভিটামিন থাকে। যদি শিশুটো ১ বছৰতকৈ সৰু হয়, তেনেহ'লে তেওঁলোকক মচুৰ দাইলৰ পানী আৰু পিউৰি দিব পাৰি।

৫) গাখীৰ খাবলৈ বেয়া পোৱা শিশুসকলৰ খাদ্য তালিকাত আপুনি মাছ অন্তৰ্ভুক্ত কৰিব পাৰে।

৬) এনে শিশুক মুৰ্গী কণীও খাবলৈ দিব। অৱশ্যে, ইয়াক কেনেকৈ, কেতিয়া আৰু কিমান পৰিমাণত দিব লাগে, সেই বিষয়ে বিশেষজ্ঞ বা চিকিৎসকৰ মতামত ল'ব।

আপোনাৰ সন্তানেও নিৰন্তনভাৱে কান্দি থাকে যদি এই কাম কৰক
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin