Dailyhunt
এয়া ডিমেনচিয়াৰ কাৰণ, এইসমূহ দিশত মন দিব

এয়া ডিমেনচিয়াৰ কাৰণ, এইসমূহ দিশত মন দিব

ডিজিটেল ডেস্ক: আজিকালি সকলোৰেই জীৱনটোক ব্যস্ততাই আগুৰি ধৰিছে। ব্যস্ত জীৱনশৈলীৰ বাবে অধিকাংশ লোকেৰেই শাৰীৰিক আৰু মানসিক চাপৰ লগতে বৃদ্ধি হৈছে বিভিন্ন স্বাস্থ্য সমস্যা। যিয়ে, মগজুৰ কাৰ্যপ্ৰণালীক প্ৰভাৱিত কৰে আৰু ইয়াৰ ফলতে ক্ৰমান্বয়ে ডিমেনচিয়াৰ দৰে ঘটনা বাঢ়িবলৈ লৈছে। ডিমেনচিয়াত আক্ৰান্ত হ'লে মগজুৰ কাৰ্য-কলাপ লেহেমীয়া হৈ পৰে আৰু স্মৃতিশক্তি হ্ৰাস হৈ কথাবোৰ পাহৰিবলৈ ধৰে।ডিমেনচিয়াৰ আশংকা হ্ৰাস কৰিবলৈ মগজু স্বাস্থ্যৱান ৰখাটো খুবেই জৰুৰী। আপুনি কেতবোৰ দিশত সজাগ হৈ ডিমেনচিয়াৰ পৰা নিজকে বচাই ৰাখিব পাৰে।আজি সেই বিষয়ে জানো আহক-

প্ৰতিদিনে কাঠবাদাম খাব

আপোনাৰ মন স্বাস্থ্যৱান ৰাখিবলৈ দৈনিক কাঠবাদাম খাব। ই স্মৃতিশক্তি দ্ৰুত কৰে।

দৈনিক এমুঠি কাঠবাদাম খোৱাটোৱে মানসিক স্বাস্থ্য উন্নত কৰাত সহায় কৰে।তদুপৰি জ্ঞানীয় স্বাস্থ্য উন্নত কৰাত আৰু বৃদ্ধসকলৰ চিন্তা, যুক্তি আৰু স্মৃতিশক্তি উন্নত কৰাতো ই কাৰ্যকৰী।

কম চাপ লওঁক

চাপ হৈছে ডিমেনচিয়াৰ আটাইতকৈ ডাঙৰ কাৰণ। ই মগজুৰ ওপৰত অতি গভীৰ প্ৰভাৱ পেলায়।গৱেষণাবোৰত প্ৰমাণ হৈছে যে মধ্য-জীৱনত লোৱা চাপৰ ফলত বৃদ্ধ বয়সত ডিমেনচিয়া হ'ব পাৰে। চাপ হ্ৰাস কৰিলে কেৱল মনেই শান্ত নহয়, ই ডিমেনচিয়াৰ দৰে ৰোগো প্ৰতিৰোধ কৰে।

পৰ্যাপ্ত টোপনি যাব

টোপনিৰ অভাৱে মগজুকো প্ৰভাৱিত কৰে। ইয়াৰ ফলত ডিমেনচিয়াৰ আশংকাও যথেষ্ট পৰিমাণে বৃদ্ধি হয়। পৰ্যাপ্ত টোপনিৰ অভাৱৰ ফলত মগজুত টাউ নামৰ প্ৰ'টিনৰ স্তৰ বৃদ্ধি হয়, যি আলঝেইমাৰ ৰোগৰ অন্যতম কাৰণ।

সক্ৰিয় হৈ থাকক

বহু গৱেষণাত প্ৰকাশ পোৱা মতে, শাৰীৰিক সক্ৰিয়তাই ডিমেনচিয়া প্ৰতিহত কৰে।ফেডাৰেল ইউনিভাৰ্চিটি অফ ৰিঅ' ডি জেনেৰিঅ'ৰ (ইউএফআৰজে) এক অধ্যয়নত কোৱা হৈছে যে ব্যায়ামে আইৰিছিনৰ স্তৰ বৃদ্ধি কৰে। আইৰিছিন হৈছে এক হৰমন, যি স্মৃতিশক্তি হ্ৰাস প্ৰতিহত কৰাত অত্যন্ত সহায়ক।

Also Read: এইসমূহ হৈছে ডেংগুৰ কাৰণ-লক্ষণ, জানি লওঁক প্ৰতিৰোধৰ উপায়

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin