Dailyhunt
কি খাদ্যই শৰীৰত বিহৰ কাম কৰে চিনি থওঁক

কি খাদ্যই শৰীৰত বিহৰ কাম কৰে চিনি থওঁক

ডিজিটেল ডেস্ক: পেটত পাথৰ হোৱাটো আজিকালি একেবাৰে সাধাৰণ স্বাস্থ্য সমস্যাত পৰিণত হৈছে।অধিকাংশ লোকৰেই পিত্তত পাথৰ হয়। পিত্তৰ পাথৰ হৈছে এনে এক স্থিতি, য'ত পিত্তথলীত গোটা জমা হ'বলৈ আৰম্ভ কৰে। ইয়াৰ মুখ্য কাৰণ হৈছে কলেষ্টেৰলৰ বৰ্ধিত পৰিমাণ। কলেষ্টেৰলৰ বৃদ্ধিৰ কাৰণ হৈছে উচ্চ চৰ্বিযুক্ত খাদ্য, জলপান, ফাষ্ট ফুড আৰু মিঠা বস্তু খোৱা। এইবোৰৰ অধিক সেৱনে পিত্তথলীত পাথৰ সৃষ্টি হোৱাৰ আশংকা বৃদ্ধি কৰে।

পিত্তথলীৰ পাথৰ হ'লে শৰীৰত দেখা দিয়া লক্ষণ

১. পেটত তীব্ৰ বিষ

২. বমি আৰু ওকালি অহা

৩. জ্বৰ

৪. জণ্ডিচ

৫. বগা শৌচৰ ৰং

অৱশ্যে, আপুনি যদি কেইবিধমান বিশেষ অস্বাস্থ্যকৰ খাদ্যৰ পৰা আঁতৰি থাকে, তেন্তে এই স্বাস্থ্য সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব।সেইসমূহ হৈছে-

অত্যাধিক ভজা খাদ্য

ভজা খাদ্য যেনে পকোৰা, চিংৰা তথা পথৰ দাঁতিত থকা লোভনীয় খাদ্যত চৰ্বি অধিক থাকে, যিয়ে পিত্তথলীৰ পাথৰৰ আশংকা বৃদ্ধি কৰে। এইবোৰে পিত্তথলীত কঠিন পদাৰ্থ জমা হোৱাত অৰিহণা জনায়।

পৰিশোধিত ময়দাৰে তৈয়াৰী খাদ্য

ময়দাৰ পৰা তৈয়াৰ কৰা বস্তুবোৰত ট্ৰেন্স চৰ্বি আৰু পৰিশোধিত কাৰ্ব থাকে, যি পিত্তথলীত শিল গঠনত সহায় কৰে। সেয়েহে, কেক, পিজ্জা, বিস্কুটকে ধৰি ময়দাৰে তৈয়াৰী খাদ্যসমূহ গ্ৰহণ কৰা পৰিহাৰ কৰক।

সুৰা

অত্যাধিক সুৰা পান কৰাৰ ফলত পিত্তথলী সংকুচিত হৈ ইয়াৰ কাৰ্যক্ষমতা হ্ৰাস হয়। ই পাথৰ গঠনৰ সমস্যা আৰু বৃদ্ধি কৰে। তদুপৰি, অত্যাধিক সুৰা পান কৰিলে পিত্তথলীৰ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয়।

মিঠা বস্তু

বিভিন্ন মিঠাই, কেক, কুকিজ, চ’ডা আদিয়ে কলেষ্টেৰলৰ স্তৰ বৃদ্ধি কৰিব পাৰে, যাৰ ফলত পিত্তৰ পাথৰ হয়।

সংসাধিত খাদ্য

সংসাধিত খাদ্য, যিবোৰ খাদ্য সাধাৰণতে উচ্চ পৰিমাণৰ চেনী, নিমখ আৰু চৰ্বিৰে ভৰপূৰ, এনে খাদ্যই পিত্তথলীত পাথৰ গঠনৰ প্ৰক্ৰিয়াটো দ্ৰুত কৰিব পাৰে।

মূলতে, পিত্তথলীৰ পাথৰ হোৱাৰ পৰা বাচি থাকিবলৈ এক সন্তুলিত আৰু স্বাস্থ্যকৰ আহাৰ অনুসৰণ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে, ভজা, পৰিশোধিত ময়দা, মিঠা খাদ্য, সুৰা আদিৰ পৰা আঁতৰি থাকি ফল-মূল, শাক-পাচলিক আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin