Dailyhunt
গৱেষণাৰ তথ্যঃ মৃত্যুদূতৰূপী হৈছে ধোঁৱা-ধূলি

গৱেষণাৰ তথ্যঃ মৃত্যুদূতৰূপী হৈছে ধোঁৱা-ধূলি

ডিজিটেল ডেস্ক: ভয়াৱহভাৱে বৃদ্ধি পোৱা বায়ু প্ৰদূষণে শিশুক গুৰুতৰভাৱে অসুস্থ কৰি তুলিছে। এই প্ৰদূষণে কেৱল শিশুৰ শাৰীৰিক স্বাস্থ্যই নহয়, মানসিক স্বাস্থ্যতো কুপ্ৰভাৱ পেলাইছে। শেহতীয়া এক অধ্যয়নত এই কথা পোহৰলৈ আহিছে। গৱেষকসকলৰ মতে, বায়ু প্ৰদূষণৰ ফলত শিশুৰ মনোযোগ শক্তি হ্ৰাস পাইছে। ইয়াৰ বাবে প্ৰদূষিত বায়ুত থকা নাইট্ৰ'জেন ডাই অক্সাইডৰ দৰে কাৰকবোৰ মূলতে দায়বদ্ধ।

কি পোহৰলৈ আহিছে গৱেষণাত ?

স্পেইনৰ বাৰ্চিলোনা ইনষ্টিটিউট ফৰ গ্লোবেল হেল্থৰ গৱেষকসকলে কৰা এই অধ্যয়নত প্ৰকাশ পোৱা মতে, বাহনৰ পৰা ওলোৱা ধোঁৱাই শিশুৰ মগজুক খুব বেয়াকৈ প্ৰভাৱিত কৰে। বিশেষকৈ ৪-৮ বছৰ বয়ৰ শিশুক। এই অধ্যয়নটোৰ বিষয়ে 'এনভায়ৰনমেণ্টেল ইণ্টাৰনেচনেল' আলোচনীত শেহতীয়াকৈ প্ৰকাশ পাইছে।

এই অধ্যয়নৰ সময়ত গৱেষকসকলে চহৰখনৰ ৪ টা অঞ্চলত ১৭,০০০ ৰো অধিক মহিলা আৰু তেওঁলোকৰ সন্তানৰ তথ্য গ্ৰহণ কৰিছিল। তথ্যবোৰে প্ৰতিটো পৰিয়ালৰ পৰা গৰ্ভৱতী আৰু শৈশৱৰ প্ৰথম ছয় বছৰৰ সময়ত শিশুৰ ক্ষেত্ৰত এনঅ'২ সংস্পৰ্শলৈ অহাৰ আকলন কৰিছিল। গৱেষকৰ মতে, ল'ৰাৰ মগজু লাহে লাহে বিকশিত হয় আনহাতে ছোৱালীৰ মগজু দ্ৰুতগতিত বিকশিত হয়।

ইফালে, লেঞ্চেটৰ প্ৰতিবেদন অনুসৰি বিশ্বত বায়ু প্ৰদূষণৰ ফলত হোৱা মৃত্যুৰ সংখ্যা প্ৰতি বছৰে ৯ নিযুতলৈকে হয়। তেওঁলোকৰ ভিতৰত দক্ষিণ আৰু পূব এছিয়াত এই সংখ্যা সৰ্বাধিক। প্ৰতি বছৰে চীনত ২৪.৪০ লাখ লোক আৰু ভাৰতত ২১.৮০ লাখ লোক বায়ু প্ৰদূষণৰ ফলত মৃত্যুমুখত পৰে। উল্লেখ্য যে, যানবাহনৰ পৰা ওলোৱা ধোঁৱা, ইন্ধন তেল, কয়লা-ইন্ধন যুক্ত বৈদ্যুতিক সঁজুলি আৰু ৰাসায়নিক সামগ্ৰীৰ ফলত বায়ু প্ৰদূষণৰ মাত্ৰা অভাৱনীয় হাৰত বৃদ্ধি পাইছে।

Also Read: সাধাৰণ যেন লাগিলেও সন্তানৰ এই অভ্যাসক একেবাৰে উপেক্ষা নকৰিব

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin