Dailyhunt
খাও বুলি ক'লেই শিশুক অখাদ্য খাবলৈ নিদিব

খাও বুলি ক'লেই শিশুক অখাদ্য খাবলৈ নিদিব

ডিজিটেল ডেস্ক: অধিকাংশ শিশুয়েই চকলেট, আইচক্ৰীম, পপকৰ্ণ তথা পেকেটজাতীয় খাদ্যৰ প্ৰতি সহজতে আকৰ্ষিত হয়।এইবোৰ খাদ্য দেখিলেই তেওঁলোকে খাবলৈ আকোৰগোজ হৈ পৰে। যাৰ ফলত অভিভাৱকসকলেও তেওঁলোকক সেইবোৰ দিবলৈ বাধ্য হয়।বিশেষকৈ স্বাস্থ্যৰ পক্ষে ভাল বুলি ভাবি বহুতেই তেওঁলোকৰ সন্তানৰ হাতত পপকৰ্ণৰ পেকেট তুলি দিয়ে। কিন্তু আপুনি জানেনে প্ৰকৃততে পপকৰ্ণ শিশুৰ বাবে স্বাস্থ্যকৰ হয় নে নহয় ? আজি এই বিষয়ে জানো আহক-

চিকিৎসকৰ মতে, পাঁচ বছৰৰ তলৰ বয়সৰ শিশুক পপকৰ্ণ একেবাৰে খাবলৈ দিব নালাগে।এই খাদ্যই শিশুৰ জীৱনলৈ চৰম অমানিশা নমাই আনিব পাৰে।পপকৰ্ণৰ আকাৰ অতি সৰু হোৱাৰ বাবে শিশুৰ ঠেক খাদ্যনলীত লাগি যোৱাৰ সম্ভাৱনা বহুত বেছিকৈ থাকে।

সেয়েহে শিশুক পপকৰ্ণ আগবঢ়াই দিয়াৰ আগতে অভিভাৱকসকল সচেতন হোৱাটো খুবেই দৰকাৰ।খাই থাকোতে শিশুটোৰ লগত কথা পাতিব নালাগে। খাওঁতে কথা কৈ থাকিলে খাদ্য সিহঁতৰ ডিঙিত লাগি যাব পাৰে। অসাৱধান হৈ পপকৰ্ণ খোৱাৰ ফলত শিশুৰ মৃত্যু হোৱাৰো উদাহৰণ আছে।শিশু ৰোগ বিশেষজ্ঞসকলে কমেও পাঁচ বছৰ বয়স নোহোৱালৈকে পপকৰ্ণ খাবলৈ নিদিয়াৰ পৰামৰ্শ দিয়ে।শিশুসকলৰ খাদ্যনলীৰ আকাৰ অতি সৰু। সেয়েহে পপকৰ্ণ খালে তেওঁলোকৰ শ্বাসৰুদ্ধ হোৱাৰ আশংকা থাকে।

শিশুক খুৱাই থাকোঁতে অভিভাৱকে এই বোৰ কথাত মন কৰিব

- শিশুটোক খোৱাৰ সময়ত অকলে এৰি নিদিব।তেওঁলোকক পোনপটীয়া নিৰীক্ষণ কৰি থাকিব।

- খোৱাৰ সময়ত শিশুসকলক পোনকৈ বহিবলৈ দিব।

-খাদ্যখিনি সৰু সৰুকৈ বা কম কমকৈ খাবলৈ দিব।

- খেলি থাকোঁতে আৰু খোজ কাঢ়ি থাকোঁতে শিশুক খাবলৈ নিদিব।

বিশেষকৈ তলত উল্লেখ কৰা খাদ্যবোৰ খুৱাওঁতে সাৱধান হ'ব

-টান কেণ্ডি আৰু চুইংগাম

-কেঁচা গাজৰ

-চকলেট

-কণীৰ বগা অংশ

-বিস্কুট

-বাদাম

-আঙুৰ

-বেৰী আৰু নেমুজাতীয় ফল

Also Read: অভিভাৱকে কোনবোৰ দিশত গুৰুত্ব দিব লাগে, জানি লওক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin