Dailyhunt
জে ডি ইনষ্টিটিউটৰ বঁটা প্ৰদান অনুষ্ঠান

জে ডি ইনষ্টিটিউটৰ বঁটা প্ৰদান অনুষ্ঠান

ডিজিটেল ডেস্ক: জে ডি ইনষ্টিটিউট অৱ ফেশ্বন টেকন'লজীৰ ২০ সংখ্যক বাৰ্ষিক ডিজাইন বঁটা প্ৰদান অনুষ্ঠান ২১ নৱেম্বৰত অনুষ্ঠিত হৈ যায়। চিটি চেণ্টাৰ মলৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত প্ৰতিষ্ঠানটোৰ ফেশ্বন, ইণ্টিৰিয়ৰ আৰু অলংকাৰ বিভাগৰ ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ডিজাইনৰ ক্ষেত্ৰত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে ।

এইবেলি ছাত্ৰ-ছাত্ৰীসকলে মানৱতাৰ চূড়ান্ত অগ্ৰগতিৰ ধাৰণাটোক উজ্জ্বল কৰি 'লাষ্ট ইনভেচন' অৰ্থাৎ শেষ উদ্ভাৱন বিষয়বস্তুক লৈ ডিজাইনসমূহ প্ৰস্তুত কৰিছিল। অনুষ্ঠানৰ বিচাৰক হিচাপে উপস্থিত থাকে 'আকৃতি'ৰ স্থপতিবিদ তথা স্বত্বাধিকাৰী ৰিতুল শৰ্মা আৰু আল্পনা শৰ্মা, সঞ্চালক হৰ্ষ দালালৰ লগতে কেন্দ্ৰৰ সঞ্চালকসকল।

স্থপতিবিদ ৰিতুল শৰ্মাই ইণ্টিৰিয়ৰ ডিজাইনৰ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ উদ্ভাৱনী আৰু বহনক্ষম সামগ্ৰীৰ শলাগ লয়। তেওঁ কয়, “ছাত্ৰ-ছাত্ৰীসকলে ‘লাষ্ট ইন’ভেনচন’ৰ ধাৰণাটোক ডিজাইন নেৰেটিভলৈ ৰূপান্তৰিত কৰিছে যিটো অৰ্থপূৰ্ণ আৰু দূৰদৰ্শী। ছাত্ৰ-ছাত্ৰীসকলে কাঠফুলাৰ সৈতে একাউষ্টিক পেনেল প্ৰস্তুত কৰা, লেমনগ্ৰাছৰ সৈতে এটা বহনক্ষম লেম্প তৈয়াৰ কৰাৰ দৰে অনন্য ধাৰণাসমূহ অন্বেষণ কৰিছে ।

স্থপতিবিদ ৰিতুল শৰ্মাৰ লগতে আল্পনা শৰ্মাক প্ৰমোক্ষ কৰি মন্তব্যৰ আঁত ধৰি সঞ্চালক হৰ্ষ দালালে, ছাত্ৰ-ছাত্ৰীৰ অন্বেষণৰ অনন্য ধাৰণাৰ প্ৰশংসা কৰে। তেওঁ কয়, ফেশ্বন আৰু জুৱেলাৰী ডিজাইনে শিক্ষাৰ্থীসকলক তেওঁলোকৰ কল্পনাশক্তিক পৰিধানযোগ্য শিল্পলৈ ৰূপান্তৰিত কৰিবলৈ অনুমতি দিয়ে। আজি তেওঁলোকৰ কৰ্মৰাজিয়ে আত্মবিশ্বাস, কৌতুহল আৰু সৃষ্টিশীলতাৰ প্ৰতি নিৰ্ভীক দৃষ্টিভংগীক প্ৰতিফলিত কৰিছে। প্ৰতিষ্ঠানটোৰ কেন্দ্ৰৰ সঞ্চালিকা সুমিতা দে ডেকা আৰু উশ্মিতা দে হাজৰিকাই যুৱ ডিজাইনাৰসকলৰ সৃষ্টিশীল উৎকৰ্ষতা প্ৰদৰ্শন কৰা অনন্য ধাৰণাসমূহৰ বাবে সকলো অংশগ্ৰহণকাৰীক অভিনন্দন জ্ঞাপন কৰে ।

শ্ৰেষ্ঠ ডিজাইন বঁটা বিজয়ীসকল

দা আৰ্থ বাউণ্ড এছেন্স

শিক্ষাৰ্থী ডিজাইনাৰৰ নাম - তৃতীয় বাৰ্ষিকৰ বি.ভক ফেশ্বন ডিজাইনৰ হৰ্ষিতা দাস আৰু দীপশিখা ভৰালী।

ৰিটাৰ ড’কৰ মাইটি আৰ্কিটেকটনিক কালেকচন

ৰিটাৰ দ্বিতীয় বাৰ্ষিকৰ এডভান্স ডিপ্লমা ইন ফেশ্বন ডিজাইনৰ শিক্ষাৰ্থী

⁠তৃতীয় বাৰ্ষিকৰ বি.ভক ইন্টিৰিয়ৰ ডিজাইনৰ শিক্ষাৰ্থী সুশীলা সোনমৰ ইকো অ’ৰালৈ শ্ৰেষ্ঠ ডিজাইন এৱাৰ্ড।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin