Dailyhunt

জীৱনত এবাৰ হ'লেও ভ্ৰমণ কৰক এই বিশেষ মন্দিৰটো

ডিজিটেল ডেস্ক: শিৰোনামটো দেখি আন বহুজনৰ দৰে হয়তো আপুনিও আচৰিত হৈছে। হোৱাটোও একেবাৰেই স্বাভাৱিক।কিন্তু এই ঘটনাৰ প্ৰমাণ পোৱা যায় আমাৰ দেশতে থকা এটা বিশেষ মন্দিৰত।হয়, গুজৰাটৰ ঘৰপুৰৰ স্বামী নাৰায়ণ গোপীনাথ মন্দিৰত ঘটি আহিছে এই অবিশ্বাস্য ঘটনা। বিশ্বাস কৰা হয় যে, ভগৱান শ্ৰী কৃষ্ণই পৃথিৱীত ১২৫ বছৰ, ৬ মাহ আৰু ৬ দিন বাস কৰি পিছত তেওঁ স্বধামলৈ গৈছিল।কিন্তু এই মন্দিৰত থকা শ্ৰীকৃষ্ণই আজিও উশাহ লৈ থাকি তেওঁ জীৱিত হৈ থকাৰ প্ৰমাণ দিয়ে।এয়া এই মন্দিৰৰ সমীপৰ লোক থকা ভক্তৰ বিশ্বাস।

প্ৰকৃততে, এই মন্দিৰত থকা শ্ৰী কৃষ্ণৰ মূৰ্তিটোৰ মণিবন্ধত এটা ঘড়ী আছে, যিটো শৰীৰৰ স্পন্দনত চলে।এই মূৰ্তিটো বিশেষ বুলি অনুমান কৰিয়েই এজন ইংৰাজে মূৰ্তিটোত এই ঘড়ীটো পিন্ধাই দিছিল।

এই ঘড়ীৰ বিশেষত্ব আছিল যে ই কেৱল ব্যক্তিৰ স্পন্দনৰ দ্বাৰাহে চলি থাকিব। অৰ্থাত্‍ এজন ব্যক্তি জীৱিত হ'লেহে ঘড়ীটো চলিব।আচৰিত কথা এয়ে যে, ইংৰাজজনে সেই শ্ৰী কৃষ্ণৰ মণিবন্ধত বান্ধি দিয়া ঘড়ীটো এই মূৰ্তিটো নিৰ্মাণ কৰোতে যেতিয়া খুলি দিয়া হয়, তেতিয়া ই বন্ধ হৈ পৰে যদিও মূৰ্তিটোৰ হাতত পিন্ধাই দিয়াৰ লগে লগে ঘড়ীটো পুনৰ চলিবলৈ আৰম্ভ কৰে।যাৰ বাবে সকলোয়ে শ্ৰীকৃষ্ণৰ এই মূৰ্তিটোত জীৱিত বুলিয়েই বিশ্বাস কৰে।উল্লেখ্য যে, দেশ বিদেশৰ বহু ভক্তই ভিৰ কৰা এই মন্দিৰটো প্ৰতিদিনে পুৱা ৪:৩০ বজাত খোলা হয়।

দুৰ্ঘটনাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এটা ব্যতিক্ৰমী মন্দিৰ
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin