Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
জীৱনটো সুখৰে পাৰ কৰিবলৈ আজি দান কৰক এই সামগ্ৰী

জীৱনটো সুখৰে পাৰ কৰিবলৈ আজি দান কৰক এই সামগ্ৰী

ডিজিটেল ডেস্ক: আজি জেঠ মাহৰ অমাৱস্যা তিথি। আজি দেশজুৰি গভীৰ ভক্তি আৰু ধৰ্মীয় আস্থাৰে পালন কৰা হৈছে শনি জয়ন্তী আৰু শনি অমাৱস্যা। এইবাৰ শনিবাৰৰ দিনটোতেই শনি জয়ন্তী পৰাৰ ফলত ইয়াৰ ধৰ্মীয় আৰু জ্যোতিষীয় মাহাত্ম্য বহুগুণে বৃদ্ধি পাইছে। হিন্দু ধৰ্মবিশ্বাস অনুসৰি, শনি দেৱক কৰ্মফলৰ দাতা আৰু ন্যায়ৰ অধিপতি বুলি গণ্য কৰা হয়। ভক্তসকলৰ বিশ্বাস, এই বিশেষ তিথিত শনি দেৱৰ পূজা-অৰ্চনা, দান-পুণ্য আৰু উপবাস পালন কৰিলে জীৱনৰ দুখ-কষ্ট, শনি দোষ, সাঢ়েসাতী আৰু ঢৈয়াৰ কুপ্ৰভাৱৰ পৰা মুক্তি লাভ কৰিব পাৰি। সাঢ়ে সাতী হৈছে, শনি গ্ৰহৰ এক বিশেষ সময়কাল বুজায়, যি প্ৰায় সাত বছৰ ছয় মাহ ধৰি থাকে। এই সময়ত শনি গ্ৰহে জন্ম ৰাশিৰ আগৰ, নিজৰ আৰু পিছৰ ৰাশিত গমন কৰে বুলি বিশ্বাস কৰা হয়।

আনহাতে, ঢৈয়াৰ মানে শনি গ্ৰহৰ এক ক্ষুদ্ৰ প্ৰভাৱকাল, যাক সাধাৰণতে আঢ়ৈ বছৰীয়া শনি দশা বুলিও কোৱা হয়। জ্যোতিষ শাস্ত্ৰ অনুসৰি, এই সময়কাল প্ৰায় আঢ়ৈ বছৰ ধৰি থাকে। বহুতে বিশ্বাস কৰে যে এই সময়ত জীৱনত কিছু বাধা, মানসিক চাপ বা সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। ভক্তসকলে আজিৰ দিনটোত শনি দেৱৰ কৃপা লাভৰ উদ্দেশ্যে বিভিন্ন পূজা-অৰ্চনা, দান-পুণ্য আৰু উপবাস পালন কৰিছে।

পৌৰাণিক কাহিনী অনুসৰি শনি দেৱে মানুহৰ ভাল-বেয়া কৰ্ম অনুসৰি ফল প্ৰদান কৰে। তেওঁক শৃংখলা, সংযম আৰু ন্যায়ৰ দেৱতা হিচাপে বিবেচনা কৰা হয়। সেইবাবে শনি জয়ন্তীৰ দিনা শনি দেৱৰ পূজা কৰিলে জীৱনৰ বাধা-বিপত্তি দূৰ হয় আৰু শনি দোষ, সাঢ়েসাতী আৰু ঢৈয়াৰ কুপ্ৰভাৱ কমে বুলি বিশ্বাস কৰা হয়।

শনি জয়ন্তী ২০২৬ৰ শুভ মুহূৰ্ত

  • ব্ৰহ্ম মুহূৰ্ত : পুৱা ৪:০৭ বজাৰ পৰা ৪:৪৮ বজালৈ

  • অভিজিত মুহূৰ্ত : পুৱা ১১:৫০ বজাৰ পৰা দুপৰীয়া ১২:৪৫ বজালৈ

  • গধূলি মুহূৰ্ত : সন্ধিয়া ৭:০৪ বজাৰ পৰা ৭:২৫ বজালৈ

  • নিশিতা মুহূৰ্ত : ৰাতি ১১:৫৭ বজাৰ পৰা পুৱা ১২:৩৮ বজালৈ

শনি জয়ন্তীত পূজাৰ বিধি

এই বিশেষ দিনটোত ভক্তসকলে গা ধোৱাৰ পিছত ক’লা বা নীলা বস্ত্ৰ পৰিধান কৰি শনি মন্দিৰলৈ গৈ শনি দেৱৰ পূজা কৰাৰ লগতে সৰিয়হৰ তেলেৰে চাকি জ্বলাই ক’লা তিল, ফল-মূল, ফুল আৰু বস্ত্ৰ অৰ্পণ কৰিব লাগে।

তদুপৰি, আঁহত গছৰ তলত সৰিয়হৰ তেলেৰে চাকি জ্বলাই পূজা কৰাৰো বিশেষ মাহাত্ম্য আছে। এই দিনটোত শনি মন্ত্ৰ জপ আৰু আৰতি পাঠ কৰি শনি দেৱৰ আশীৰ্বাদ কামনা কৰিব পাৰি।

শনি জয়ন্তীত দানৰ গুৰুত্ব

ধৰ্মীয় বিশ্বাস অনুসৰি, এই দিনটোত কিছুমান বিশেষ সামগ্ৰী দান কৰিলে শনি দেৱ সন্তুষ্ট হয়। সেইবোৰৰ ভিতৰত আছে—

  • সৰিয়হৰ তেল

  • ক’লা তিল

  • মাটি দাইল

  • লোহাৰ বাচন বা লোহাৰ সামগ্ৰী

  • ক’লা কাপোৰ

  • জোতা-চেণ্ডেল

বিশেষকৈ সৰিয়হৰ তেলত নিজৰ ছাঁ চাই দান কৰিলে শনি দোষৰ পৰা মুক্তি লাভ হয় বুলি বিশ্বাস কৰা হয়। লগতে দুখীয়া আৰু অভাৱী লোকক অন্ন-বস্ত্ৰ দান কৰাটোও অত্যন্ত শুভ বুলি গণ্য কৰা হয়। ধৰ্মীয় বিশ্বাস মতে, শনি জয়ন্তীৰ দিনা নিষ্ঠাৰে পূজা-অৰ্চনা আৰু দান-পুণ্য কৰিলে জীৱনৰ নানা সমস্যা দূৰ হয় আৰু সুখ-সমৃদ্ধি বৃদ্ধি পায়।

আজি শনি জয়ন্তী

আজিৰ দিনটোত দানৰ আছে বিশেষ গুৰুত্ব

আজি কি দান কৰিলে দূৰ হয় জীৱনৰ বাধা-বিঘিনি ?

জানিবলৈ পঢ়ক কমেণ্ট বক্সৰ লিংক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin