Dailyhunt
জীৱনৰ আশা হেৰুওৱা কেঞ্চাৰ ৰোগীসকলৰ বাবে সুখবৰ !

জীৱনৰ আশা হেৰুওৱা কেঞ্চাৰ ৰোগীসকলৰ বাবে সুখবৰ !

ডিজিটেল ডেস্ক: কৰ্কট বা কেঞ্চাৰ ৰোগৰ ভয়াৱহতাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। কৰ্কট ৰোগ সন্দৰ্ভত গৱেষণা কৰা এটা বিশেষ আন্তৰ্জাতিক সংস্থাৰ মতে, নতুনকৈ কৰ্কট ৰোগত আক্ৰান্ত ৰোগী ২০২০ চনত ১৯.৩ নিযুতৰ পৰা ২০৪০ চনলৈ ৩০.২ নিযুতলৈ ১.৫ গুণ বৃদ্ধি হ'ব। ভাৰততো ২০৪০ চনৰ ভিতৰত কৰ্কট ৰোগৰ নতুন ঘটনা ২০ লাখলৈ বৃদ্ধি হ'ব।

পাৰিপাৰ্শ্বিক আৰু জীৱনশৈলীৰ কাৰকে কৰ্কট ৰোগৰ আশংকা যথেষ্ট বৃদ্ধি কৰে যদিও প্ৰায় ৫০% কৰ্কট ৰোগেই প্ৰতিৰোধ কৰিব পাৰি। আগতীয়া চিনাক্তকৰণ হ'লে ইয়াৰ চিকিৎসা কৰি কৰ্কট ৰোগক পৰাজয় কৰিব পাৰি। চিকিৎসাত পলম হ'লে কৰ্কট ৰোগ বৃদ্ধি আৰু বিয়পাৰ সম্ভাৱনা অধিক। ইয়াৰ ফলত কৰ্কটৰ চিকিৎসা কঠিন হৈ ভোক্তভোগীৰ জীয়াই থকাৰ সম্ভাৱনা হ্ৰাস হয়।

কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে সাধাৰণতে তিনিটা পদ্ধতি ব্যৱহাৰ কৰা হয়: অস্ত্ৰোপচাৰ, ঔষধ (কেমোথেৰাপী) আৰু বিকিৰণ চিকিৎসা বা তিনিওটাৰ সংমিশ্ৰণ। চিকিৎসাৰ সময়সূচী বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে যেনে কৰ্কট ৰোগৰ প্ৰকাৰ, ইয়াৰ স্তৰ (বিস্তাৰ) তথা কৰ্কট ৰোগৰ সৈতে ৰোগীৰ অন্যান্য ৰোগ।কৰ্কট ৰোগৰ বিভিন্ন চিকিৎসা উপলব্ধ যদিও শেহতীয়াকৈ ইমিউন'থেৰাপীয়ে কৰ্কট ৰোগৰ চিকিৎসাত নতুন আশা প্ৰদান কৰিছে বুলি বিশেষজ্ঞসকলে দাবী কৰিছে।

ইমিউনোথেৰাপী হৈছে চিকিৎসাৰ এনে এক পদ্ধতি, যি কেমোথেৰাপীৰ দৰে পৰম্পৰাগত চিকিৎসাৰ বিপৰীতে পোনপটীয়াকৈ টিউমাৰৰ কোষবোৰ ধ্বংস কৰে। ইমিউনোথেৰাপীয়ে কৰ্কট কোষৰ প্ৰতি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ সঁহাৰি শক্তিশালী কৰে। ইমিউনোথেৰাপীয়ে বিভিন্ন ধৰণে ৰোগ প্ৰতিৰোধ প্ৰণালীৰ সামৰ্থ বৃদ্ধি কৰে। কিছুমান ঔষধে ৰোগ প্ৰতিৰোধ প্ৰণালীক কৰ্কট ৰোগৰ কোষবোৰ চিনাক্ত কৰিবলৈ আৰু সেইবোৰ বৃদ্ধি আৰু বিয়পা প্ৰতিহত কৰিবলৈ অধিক পৰিশ্ৰম কৰাত সহায় কৰে। অন্যান্য ঔষধে ৰোগ প্ৰতিৰোধ প্ৰণালীৰ কাম সলনি কৰে যাতে ই কৰ্কট কোষবোৰক কাৰ্যকৰীভাৱে আক্ৰমণ কৰিব পাৰে।অৱশ্যে, কিছুমান লোকৰ ক্ষেত্ৰত কৰ্কট কোষবোৰ ধ্বংস কৰাৰ এই অন্তৰ্নিহিত ক্ষমতা পৰ্যাপ্ত নহয়।যাৰ ফলত কৰ্কট ৰোগ বৃদ্ধি হয় আৰু বিয়পে। ইমিউনোথেৰাপীয়ে ১৫ টা কৰ্কট ৰোগৰ চিকিৎসা কৰিব পাৰে।ইয়াৰ ভিতৰত হাঁওফাঁও, ছাল, বৃক্ক আৰু মূত্ৰাশয় কৰ্কট অন্যতম।

ৰক্তহীনতাৰ পৰা ডায়েবেটিচলৈ, বহু ৰোগৰ ঔষধ জিকা
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin