Dailyhunt
ৰক্তহীনতাৰ পৰা ডায়েবেটিচলৈ, বহু ৰোগৰ ঔষধ জিকা

ৰক্তহীনতাৰ পৰা ডায়েবেটিচলৈ, বহু ৰোগৰ ঔষধ জিকা

ডিজিটেল ডেস্ক: গ্ৰীষ্মকাল আহিল মানে বজাৰত জিকাও ওলাল। এই দিনকেইটাত বিভিন্ন প্ৰকাৰৰে ৰান্ধি আমি জিকাৰ সোৱাদ লওঁ। অৱশ্যে, আমি বহুতেই জিকাক সাধাৰণ বুলিও ভাবি লওঁ যদিও জিকা অতি স্বাস্থ্যসন্মত পাচলি। ইয়াত পোৱা পুষ্টিবোৰে আমাৰ শৰীৰক বহুতো ৰোগৰ সৈতে যুঁজ দিয়াত সহায় কৰে। জিকাত ভিটামিন-চি, ফাইবাৰ, প্ৰ'টিন, ছ'ডিয়াম, ভিটামিন-বি৬ আদি পুষ্টি থাকে। জিকা খোৱাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে আজি জানো আহক-

ৰক্তহীনতা প্ৰতিৰোধ

জিকাত যথেষ্ট পৰিমাণে আইৰণ পোৱা যায়। সেয়েহে, জিকা খালে শৰীৰত হিমোগ্লোবিনৰ স্তৰ বৃদ্ধি হয় আৰু শৰীৰত তেজৰ অভাৱ দূৰ হয়।

স্বাস্থ্যকৰ হয় হজম

জিকা পেটৰ বাবে অতি উপকাৰী। জিকাত থকা আঁহে পাকস্থলী পৰিস্কাৰ কৰাত সহায় কৰে।

জিকা খালে আপুনি কোষ্ঠকাঠিন্য, গেছ আৰু বদহজমৰ দৰে সমস্যাৰ পৰাও সকাহ পাব পাৰে।

নিয়ন্ত্ৰণত থাকে ৰক্ত শৰ্কৰা

ডায়েবেটিছ ৰোগীৰ বাবেও জিকা খোৱাটো খুব উপকাৰী। কিয়নো, জিকাত পোৱা পেপটাইড আৰু এলকেলইডে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

বৃদ্ধি হয় ৰোগ প্ৰতিৰোধ ক্ষমতা

জিকাত ভিটামিন-চি আৰু বহুতো এণ্টিঅক্সিডেণ্ট থাকে। যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।সেয়েহে, জিকা খাই আপুনি বিভিন্ন প্ৰকাৰৰ ৰোগৰ পৰা নিজকে আঁতৰাই ৰাখিব পাৰে।

হ্ৰাস হয় ওজন

শৰীৰৰ ওজন হ্ৰাসতো জিকায়ে গুৰুতৰ ভূমিকা পালন কৰে। ইয়াত থকা আঁহে পেটটো দীঘলীয়া সময়ৰ বাবে ভৰ্তি কৰি ৰাখে। সেয়েহে, যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, তেনেহ'লে জিকা খোৱা আৰম্ভ কৰিব পাৰে।

বি.দ্ৰ: যদি আপুনি কোনো গুৰুতৰ ৰোগত ভুগি আছে, তেন্তে জিকা খোৱাৰ আগতে এবাৰ চিকিৎসকৰ পৰামৰ্শ ল’ব।

Also Read: কেৱল জলপানৰ লগতেই নহয়, ভাতৰ লগতো খাওঁক দৈ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin