Dailyhunt
কম দিনতে ওজন কমোৱাৰ সহজ উপায়

কম দিনতে ওজন কমোৱাৰ সহজ উপায়

ডিজিটেল ডেস্ক: শৰীৰটোক নিজকে নিৰোগী কৰি ৰাখিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো খুবেই জৰুৰী। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ আমি আমাৰ খাদ্যভাস কিছু সলনি কৰাৰ প্ৰয়োজন। বেছি নালাগে, আপুনি কেৱল দৈনিক খোৱা চাহ কাপ চেনিৰ সলনি গুৰ দি খাব। চেনী স্বাস্থ্যৰ পক্ষে অতি হানিকাৰক। কিন্তু গুৰ খুব স্বাস্থ্য উপকাৰী। গুৰত যথেষ্ট পৰিমাণে প্ৰ'টিন, ভিটামিন বি ১২, কেলচিয়াম, আইৰণ আৰু ভিটামিন চি থাকে, যিয়ে শৰীৰ স্বাস্থ্যৱান ৰখাত সহায় কৰে। আজি গুৰ সৈতে চাহ খোৱাৰ লাভালাভৰ বিষয়ে জানো আহক-

ৰক্তহীনতা

গুৰ চাহ স্বাস্থ্যৰ বাবে আশীৰ্বাদস্বৰূপ।বিশেষকৈ ৰক্তহীনতাৰ সমস্যাত ভুগিলে গুৰৰ চাহ খাব লাগে। ই শৰীৰত তেজৰ অভাৱ দূৰ কৰে।

গুৰৰ চাহত আইৰণ থাকে, যিয়ে লোহিত ৰক্ত কণিকা গঠনত সহায় কৰাৰ লগতে হিম’গ্ল'বিনৰ স্তৰ বৃদ্ধি কৰে আৰু শৰীৰত তেজৰ অভাৱো দূৰ কৰে।

ওজন হ্ৰাস

ওজন হ্ৰাস কৰিবলৈও আপুনি গুৰৰ চাহ খাব পাৰে। চেনী দিয়া চাহ খালে শৰীৰত চৰ্বি বৃদ্ধি হয়। কিন্তু গুৰৰ চাহ খোৱাটোৱে ওজন নিয়ন্ত্ৰণত সহায় কৰে।

পাচন শক্তিশালী

পাচন তন্ত্ৰ স্বাস্থ্যকৰ কৰি ৰখাতো গুৰ চাহ খুব উপকাৰী। যদি আপুনি নিয়মীয়াকৈ গুৰৰ চাহ খায়, ই পাচন তন্ত্ৰ শক্তিশালী কৰাৰ লগতে কোষ্ঠকাঠিন্য, এচিডিটি, বদহজম আদিৰ দৰে সমস্যাৰ পৰা আপোনাক সকাহ দিব পাৰে।

এইদৰে তৈয়াৰ কৰিব গুৰৰ চাহ

- গুৰৰ চাহ তৈয়াৰ কৰিবলৈ এটা পেনত অলপ বেছিকৈ পানী উতলাব।

- যেতিয়া পানী ভালদৰে উতলে, ইয়াত ইলাচী, আদা, ডালচেনি আৰু চাহপাত দি পুনৰ পানীখিনি উতলিবলৈ দিব।

- পানীখিনি উতলিলে তাত গাখীৰ দিব।

- এইদৰে কিছুসময় চাহখিনি উতলিলে আপোনাৰ জোখমতে গুৰ দিব আৰু চাহখিনি ছেকনীৰে ছেকি পেলাব।

- গুৰ দিয়াৰ পিছত চাহ উতলাব নালাগে, অন্যথা চাহ ফাটি যাব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin