ডিজিটেল ডেস্ক: শেহতীয়াকৈ হান্তাভাইৰাছ (Hantavirus Infection)ৰ সংক্ৰমণক লৈ উদ্বিগ্ন হৈ পৰি সমগ্ৰ বিশ্ব। বিশেষকৈ, এম ভি হণ্ডিয়াছ (MV Hondius) ক্ৰুজ জাহাজখনত সংঘটিত ঘটনাৰ পিছত বহু লোকৰ মনত একেই প্ৰশ্ন উত্থাপিত হৈছে যে এই ভাইৰাছ ক'ভিড-১৯ৰ দৰে আকৌ বিশ্বজুৰি বিয়পি পৰিব নেকি? পুনৰ হ'ব নেকি লকডাউন ? পুনৰ মাস্ক পৰিধান বাধ্যতামূলক হ'ব নেকি ?
WHO-ৰ স্পষ্ট বাৰ্তা
বিশ্ব স্বাস্থ্য সংস্থা বা World Health Organization (WHO)-ৰ বিশেষজ্ঞসকলে এই সন্দৰ্ভত স্পষ্টকৈ জনাইছে যে বৰ্তমানৰ পৰিস্থিতি ক'ভিড-১৯ৰ সৈতে তুলনা কৰিব নোৱাৰি। WHOৰ মতে, এই ভাইৰাছৰ সংক্ৰমণৰ ধৰণ সম্পূৰ্ণ পৃথক আৰু এতিয়ালৈকে বৃহৎ মহামাৰীৰ আশংকা দেখা পোৱা নাই।
WHO-ৰ মহামাৰী ব্যৱস্থাপনা (Epidemic and Pandemic Management) বিভাগৰ সঞ্চালক ডাঃ মাৰিয়া ভ্যান কেৰখ’ভয়ে সংবাদমেলত উল্লেখ কৰে যে, 'এয়া ক’ভিড বা ইনফ্লুৱেঞ্জা নহয়, ইয়াৰ সংক্ৰমণৰ ধৰণ সম্পূৰ্ণ বেলেগ। বৰ্তমান জাহাজখনত কোনো নতুন লক্ষণযুক্ত যাত্ৰী বা কৰ্মচাৰী নাই। অতীতত Andes strain-ৰ ক্ষেত্ৰত মানুহৰ পৰা মানুহলৈ সংক্ৰমণ ঘটিছিল যদিও, সেয়া সাধাৰণতে অত্যন্ত ঘনিষ্ঠ সংস্পৰ্শৰ ক্ষেত্ৰতহে দেখা গৈছিল।
ক্ৰুজ জাহাজত কেনেকৈ সংক্ৰমণ ঘটিল?
আটলাণ্টিক মহাসাগৰৰ বুকুত ভ্ৰমণ কৰা এমভি হণ্ডিয়াছ (MV Hondius)ক্ৰুজ জাহাজত প্ৰাদুৰ্ভাৱ ঘটে সকলোকে শংকিত কৰা এই হান্তাভাইৰাছ (Hantavirus)। আৰ্জেণ্টিনাৰ পৰা কেপ ভাৰ্ডে অভিমুখে যাত্ৰা কৰা এমভি হণ্ডিয়াছ ক্ৰুজ জাহাজত শতাধিক যাত্ৰীয়ে আনন্দেৰে ভ্ৰমণ কৰি আছিল। সমুদ্ৰৰ নীলা ঢৌ, আকাশৰ নক্ষত্ৰ আৰু জাহাজৰ বিলাসী পৰিৱেশে সকলোকে মোহিত কৰি তুলিছিল। কিন্তু এই আনন্দৰ মাজতেই নিঃশব্দে ঘূৰি ফুৰিছিল হান্তাভাইৰাছ নামৰ এক অদৃশ্য বিপদ। প্ৰথমে কেইজনমান যাত্ৰীয়ে জ্বৰ, বিষ আৰু ভাগৰ অনুভৱ কৰে। চিকিৎসকসকলে প্ৰথমে এয়া সাধাৰণ ফ্লু বুলি সাধাৰণ চিকিৎসা আগবঢা়য়। কিন্তু কেইটামান দিন পাৰ হোৱাৰ লগে লগে লক্ষণসমূহে ভয়ংকৰ ৰূপ ল’লে। যাত্ৰী কেইজনৰ উশাহ লোৱাত কষ্ট, স্থায়ী কাহ আৰু হাওঁফাওঁত তৰল পদাৰ্থ জমা হোৱা আদি লক্ষণে দেখা দিলে। কেইটামান দিনৰ ভিতৰতে তিনিজন যাত্ৰীয়ে জীৱন হেৰুৱালে।
কি কয় স্বাস্থ্য বিশেষজ্ঞই ?
স্বাস্থ্য বিশেষজ্ঞৰ মতে, হান্তাভাইৰাছ সাধাৰণতে এন্দুৰ জাতীয় জীৱ ৰোডেন্ট(Rodent) ৰ প্ৰস্ৰাৱ, মল বা লেলাৱতিৰ (saliva)ৰ পৰা বিয়পে। ক্ৰুজ জাহাজৰ দৰে আৱদ্ধ পৰিৱেশত এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱ অতি বিৰল। কিন্তু এইবাৰ কোনো অজ্ঞাত উৎসৰ পৰা এই ভাইৰাছ জাহাজত প্ৰৱেশ কৰিলে।
হান্তাভাইৰাছ আৰু ক’ভিড-১৯ৰ মাজত মূল পাৰ্থক্য
ক’ভিড-১৯ আৰু হান্তাভাইৰাছ দুয়োটাই শ্বাস-প্ৰশ্বাসজনিত জটিলতা সৃষ্টি কৰিব পাৰে, কিন্তু সংক্ৰমণৰ ধৰণ সম্পূৰ্ণ পৃথক।
ক’ভিড-১৯
এজনৰ পৰা আনজনলৈ সহজে বিয়পে।
বায়ুত দীর্ঘসময় থাকিব পাৰে।
একে কোঠাত থকা বহু লোকৰ একেলগে সংক্ৰমিত হ'ব পাৰে।
দ্রুত মহামাৰী ৰূপ ল’ব পাৰে।
হান্তাভাইৰাছ
মূলতঃ ৰডেণ্টৰ পৰা মানুহলৈ বিয়পে।
মানুহৰ মাজত সংক্ৰমণ অতি বিৰল।
Andes strain-ত সীমিত human-to-human spread সম্ভৱ।
অত্যন্ত ঘনিষ্ঠ আৰু দীৰ্ঘ সংস্পৰ্শৰ প্ৰয়োজন হয়।
সাধাৰণতে স্থানীয় প্ৰাদুৰ্ভাৱ হিচাপে সীমাবদ্ধ থাকে।
কিদৰে গ্ৰহণ কৰিব লাগে সাৱধানতা?
ঘৰ-দুৱাৰ পৰিষ্কাৰ ৰাখিব।
এন্দুৰ থকা স্থান এৰাই চলিব।
খাদ্য সঠিকভাৱে সংৰক্ষণ কৰিব।
হাত ধোৱাৰ অভ্যাস বজাই ৰাখিব।
দূষিত স্থান পৰিষ্কাৰ কৰাৰ সময়ত গ্ল'ভছ আৰু মাস্ক ব্যৱহাৰ কৰিব।
উল্লেখ্য যে, বিশ্বজুৰি উদ্বেগ থাকিলেও বিশেষজ্ঞসকলে স্পষ্ট কৰিছে যে, হান্তাভাইৰাছ ক’ভিড-১৯ৰ দৰে সহজে বিয়পা ভাইৰাছ নহয়। বৰ্তমানৰ ঘটনাটো এটা সীমিত পৰিৱেশত সংঘটিত প্ৰাদুৰ্ভাৱ আৰু উপযুক্ত জনস্বাস্থ্য ব্যৱস্থা গ্ৰহণ কৰিলে ইয়াক নিয়ন্ত্ৰণত ৰাখিব পৰা সম্ভব। সেয়ে, আতংকৰ পৰিৱৰ্তে সঠিক তথ্য জানি সচেতন হৈ থকাটোৱেই এই মুহূৰ্তত আটাইতকৈ প্ৰয়োজনীয়।

