Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
বিশ্ববাসীৰ সন্মুখত পুনৰ উজলিল ভাৰতৰ ঐতিহ্য-সংস্কৃতি

বিশ্ববাসীৰ সন্মুখত পুনৰ উজলিল ভাৰতৰ ঐতিহ্য-সংস্কৃতি

ডিজিটেল ডেস্ক: বিশ্বৰ আটাইতকৈ গ্লেমাৰাছ ফেশ্বন মঞ্চসমূহৰ ভিতৰত অন্যতম Met Gala 2026-ত এইবাৰ সকলোৰে দৃষ্টি নিজৰ ফালে আকৰ্ষণ কৰিলে মুকেশ আম্বানীৰ দুহিতা ঈশা আম্বানীয়ে। নিউয়ৰ্কৰ ৰেড কাৰ্পেটত তেওঁৰ ৰাজকীয় উপস্থিতিয়ে ভাৰতীয় হস্তশিল্প, ঐতিহ্য আৰু শিল্পকলাৰ সৌন্দৰ্য কিমান ঐশ্বৰ্যশালী, সূক্ষ্ম আৰু কালজয়ী হ'ব পাৰে, সেয়া পুনৰ বিশ্ববাসীৰ সন্মুখত প্ৰমাণ কৰে। পৰম্পৰা আৰু আধুনিক নান্দনিকতাৰ এক অনন্য সমন্বয় ঘটাই ঈশাই এইবাৰৰ মেট গালাত কেৱল ফেশ্বনৰেই নহয়, ভাৰতীয় সাংস্কৃতিক গৌৰৱৰো এক উজ্জ্বল প্ৰতিচ্ছবি উপস্থাপন কৰিলে।

ঈশাই পৰিধান কৰিছিল খ্যাতনামা ডিজাইনাৰ গৌৰৱ গুপ্তাই ডিজাইন কৰা এখন বিশেষ শাৰী, যিখন ভাৰতীয় শিপিনীসকলৰ নিখুঁত কাৰুকাৰ্যৰে সজাই তোলা হৈছিল।

বিশুদ্ধ সোণৰ সূতাৰে বোৱা এই শাৰীখনত শেঁতা সোণালী আৰু মাটিৰঙা আভাৰ ওপৰত হাতেৰে অংকিত ৰাজস্থানৰ পৰম্পৰাগত চিত্ৰশৈলী 'পিচৱাই' শৈলীৰ সূক্ষ্ম মটিফে সৃষ্টি কৰিছিল এক অপূৰ্ব শিল্পসৌন্দৰ্য। ভাস্কৰ্যৰ দৰে নিখুঁত ড্ৰেপিং কৰা এই শাৰীখনে যেন ৰেড কাৰ্পেটকেই এক চলন্ত শিল্পগৃহলৈ ৰূপান্তৰিত কৰিছিল।

কিন্তু ঈশাৰ সমগ্ৰ লুকৰ আটাইতকৈ আলোচিত অংশ আছিল তেওঁৰ ৰত্নখচিত ব্লাউজ। এই অনন্য ব্লাউজৰ সজ্জা কৰা হৈছিল মাতৃ তথা মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীৰ ব্যক্তিগত সংগ্ৰহত থকা উত্তৰাধিকাৰী গহনাৰে। ১৮০০ কেৰেটতকৈও অধিক হীৰা, পান্না, পলকী আৰু কুণ্ডনৰ জাকজমকীয় উপস্থিতিয়ে ব্লাউজটোক এক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল। ইয়াৰ সৈতে যোৰ কৰা হৈছিল হাতেৰে বোৱা সোণালী সূতাযুক্ত টিছু শাৰী—যি ভাৰতীয় কৌট্যুৰ ইতিহাসৰ অন্যতম পুৰণি আৰু ঐতিহ্যময় বস্ত্ৰ হিচাপে পৰিচিত।

ঈশাৰ লুকটোক অধিক নাটকীয় আৰু নান্দনিক কৰি তুলিছিল তেওঁৰ অভিনৱ চুলি বন্ধা ষ্টাইলে। জেচমিন ফুলৰ পৰা অনুপ্ৰাণিত এই চুলিৰ ভাস্কৰ্যটোক পৰম্পৰাগত 'মোগৰা গজৰা'ৰ আধুনিক ৰূপ হিচাপে ডিজাইন কৰা হৈছিল। কাগজ, তাম আৰু পিতল ব্যৱহাৰ কৰি হাতেৰে নিৰ্মিত এই শিল্পকৰ্ম সম্পূৰ্ণ কৰিবলৈ ১৫০ ঘণ্টাতকৈও অধিক সময় লাগিছিল।

ঈশাৰ হাতৰ সেই বিশেষ আমটো...

সমগ্ৰ সাজ-পোছাকৰ সমান্তৰালকৈ চৰ্চালৈ আহিল ঈশায়ে হাতত লোৱা আমটো। হয়, ঈশায়ে এই শাৰীৰ সৈতে হাতত লৈছিল হুবহু আমৰ দৰে এটা বেগ। ভাৰতৰ জাতীয় ফল আমক কেন্দ্ৰ কৰি এই বিশেষ বেগটো তৈয়াৰ কৰিছে শুবোধ গুপ্তাই, যি ভাৰতীয় ঐতিহ্য, সাংস্কৃতিক পৰিচয় আৰু গৌৰৱৰ এক শক্তিশালী প্ৰতীক।

গহনাৰ ক্ষেত্ৰতো ঈশাই বাছি লৈছিল বিলাসিতা আৰু ঐতিহ্যৰ এক অনুপম সমন্বয়। Lorraine Schwartz আৰু Kantilal Chhotalal-ৰ বিশেষ গহনাৰ লগতে নীতা আম্বানীৰ ব্যক্তিগত সংগ্ৰহৰ অলংকাৰে সম্পূৰ্ণ কৰিছিল তেওঁৰ এই ৰাজকীয় উপস্থিতি।

ফেশ্যন সমালোচকসকলৰ মতে, ঈশা আম্বানীৰ এই উপস্থিতি কেৱল এটা 'ৰেড কাৰ্পেট লুক'তেই সীমাবদ্ধ নাছিল, ই আছিল বিশ্বমঞ্চত ভাৰতীয় হস্তশিল্প, ঐতিহ্য আৰু আধুনিক সৃজনশীলতাৰ এক গৌৰৱোজ্জ্বল উদযাপন। ভাৰতীয় শিল্প আৰু সংস্কৃতিৰ আবেদন আজিও যে বিশ্ব ফেশ্বনৰ কেন্দ্ৰবিন্দুত অটুটভাৱে অধিষ্ঠিত, সেয়া Met Gala 2026-ত ঈশা আম্বানীয়ে পুনৰবাৰ প্ৰমাণ কৰে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin