Dailyhunt

'কেডবেৰী'ৰ চকলেটক অস্বাস্থ্যকৰ ঘোষণা খাদ্য গৱেষণাগাৰৰ

ডিজিটেল ডেস্ক: সকলো বয়সৰ লোকৰে চকলেট প্ৰিয়।আপোনাৰো যদি চকলেট প্ৰিয়, তেন্তে এতিয়াৰ পৰা চকলেট খাওঁতে আপুনি সাৱধান হ'ব। আপোনাৰ মোৰ সকলোৰে প্ৰিয় চকলেটত এতিয়া ওলাইছে অগনন পোক।হয়, শেহতীয়াকৈ ছ'চিয়েল মেডিয়াত ভাইৰেল হোৱা ভিডিঅ'য়ে সকলোকে শংকিত কৰি তুলিছে।

হায়দৰাবাদৰ এজন ব্যক্তিয়ে এই ভিডিঅ'টো শ্বেয়াৰ কৰিছে। য'ত,এটা ডেইৰী মিল্ক চকলেটত অগনন পোক থকা দেখা গৈছে।এই ঘটনাৰ পাছতে এতিয়া তেলেংগানা ৰাজ্যিক খাদ্য গৱেষণাগাৰে (এছএফএল) 'কেডবেৰী' বেণ্ডৰ চকলেটক অস্বাস্থ্যকৰ বুলি ঘোষণা কৰিছে। তথ্য অনুসৰি, ব্যক্তিজনে চহৰখনৰ এটা মেট্ৰ' ষ্টেচনৰ পৰা এই চকলেটটো কিনিছিল। এই ভিডিঅ'টো ব্যক্তিজনে তেওঁৰ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পাছতে স্বাভাৱিকভাৱেই সকলোৰে মনত চকলেট স্বাস্থ্য পক্ষে সুৰক্ষিত নে নহয়, তাৰ লৈ প্ৰশ্ন উত্থাপন হৈছে।

আনহাতে, এই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত তেলেংগানা ৰাজ্যিক খাদ্য গৱেষণাগাৰে (এছএফএল) 'কেডবেৰী'ৰ চকলেট অসুৰক্ষিত বুলি ঘোষণা কৰিছে। ৰাজ্যিক খাদ্য গৱেষণাগাৰৰ প্ৰতিবেদন অনুসৰি, খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন, ২০০৬-ৰ ধাৰা ৩(জেড)(৩)(নৱম)ৰ অধীনত পোক ওলোৱা চকলেট স্বাস্থ্যৰ পক্ষে অসুৰক্ষিত বুলি গণ্য কৰা হয়।ভোক্তভোগী ব্যক্তিজনে তেওঁৰ পোষ্টত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডৱিয়াক টেগ কৰি কয় যে অসুৰক্ষিত খাদ্য যোগান ধৰাৰ বাবে এফএমচিজি কোম্পানীবোৰক জবাবদিহি আৰু জৰিমনা দিয়াৰ সময় আহি পৰিছে। মানুহৰ স্বাস্থ্যক লৈ হেতালি খোলা কোম্পানীবোৰৰ অনুজ্ঞাপত্ৰ বাতিল কৰিব লাগে।উল্লেখ্য যে, ব্যক্তিজনে তেওঁৰ প'ষ্টটো 'কেডবেৰী'ৰ গৰাকী মণ্ডেলেজকো 'টেগ' কৰিছিল। এই সমগ্ৰ প'ষ্টটোত মণ্ডেলেজে উত্তৰ দি লেখে যে, ' এই চকলেট তৈয়াৰ কৰোতে আমাৰ বিভ্ৰান্তি হোৱা নাই। আমি আন্তৰ্জাতিকভাৱে স্বীকৃত এইচএচিচিপি (হেজাৰ্ড এনালাইচিছ আৰু গুৰুত্বপূৰ্ণ নিয়ন্ত্ৰণ বিন্দু) কাৰ্যসূচী অনুসৰণ কৰো। যি হৈছে বিশ্বৰ আটাইতকৈ সুৰক্ষিত খাদ্য প্ৰণালী। আমি ইয়াক ব্যৱহাৰ কৰো যাতে আমাৰ সামগ্ৰীবোৰত কোনো মাইক্ৰ'বায়োলজিকেল বা কোনো ৰাসায়নিক সামগ্ৰী নাথাকে। অন্যান্য খাদ্য সামগ্ৰীৰ দৰে চকলেটও ভাল পৰিৱেশত সংৰক্ষণ কৰা প্ৰয়োজন। আমি একেটা সময়তে তৈয়াৰ কৰা চকলেটৰ নমুনা পৰীক্ষা কৰিছো আৰু ইয়াত কোনো সমস্যা পোৱা হোৱা নাই।'

সাৱধান! চকলেট খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়াৱহ বিপদ
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin