Dailyhunt
Kidney Health: অৱহেলা নকৰিব, লক্ষণ চিনি লৈ সাৱধান হওঁক

Kidney Health: অৱহেলা নকৰিব, লক্ষণ চিনি লৈ সাৱধান হওঁক

ডিজিটেল ডেস্ক: শৰীৰৰ গুৰুত্বপূৰ্ণ অংগবোৰৰ ভিতৰত এক অন্যতম অংগ হৈছে কিডনী বা বৃক্ক। কিডনীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰি শৰীৰটোক সুস্থ কৰি ৰখাত সহায় কৰে। যদি কিডনীৰ কাৰ্যক্ষমতা সামান্যভাৱেও পৰিৱৰ্তন হয়, তেনেহ'লে গোটেই শৰীৰটো প্ৰভাৱিত হয়। কিডনীয়ে সঠিকভাৱে কাম নকৰিলে খনিজ পদাৰ্থ, ৰাসায়নিক পদাৰ্থ, ছ'ডিয়াম, কেলচিয়াম, পানী, ফছফৰাছ, পটাছিয়াম, গ্লুকোজৰ পৰিমাণ শৰীৰত বৃদ্ধি হ'বলৈ আৰম্ভ হয়। তেতিয়া কিডনীত অত্যাধিক চাপ পৰে আৰু কাৰ্যপ্ৰণালীত ইয়াৰ প্ৰভাৱ পৰে।বিশেষকৈ যেতিয়া কিডনীৰ অৱনতি হ'বলৈ আৰম্ভ কৰে, শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। আজি এই লক্ষণসমূহৰ বিষয়ে জানো আহক-

তলুৱাৰ চাৰিওফাল ফুলা

কিডনীয়ে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও, যদি শৰীৰত ছ’ডিয়ামৰ পৰিমাণ বৃদ্ধি পায়, তেনেহ'লে কিডনীয়ে ইয়াক বাহিৰ কৰাত সহায় কৰে। কিন্তু কিডনীৰ অৱনতি হোৱাৰ লগে লগে, চকু, মুখ, গোৰোহা আৰু তলুৱাৰ চাৰিওফালে ফুলি উঠে।সেয়েহে এইসমূহ হোৱা যেন লাগিলে সোনকালে বিশেষজ্ঞৰ পৰামৰ্শ লওঁক।

দুৰ্বলতা আৰু ভাগৰ

শৰীৰটো দুৰ্বল যেন লগা আৰু ভাগৰ বেছিকৈ লগাটো কিডনী বেয়া হোৱাৰ এক লক্ষণ। সেয়েহে দৈনিক কাম-কাজ কৰাৰ মাজতে আপুনি আপোনাৰ শৰীৰটোকো লক্ষ্য কৰি থাকিব। এইবোৰ লক্ষণ দেখা পালে লগে লগে চিকিৎসকৰ কাষ চাপিব।

ভোক নলগা

ভোক নলগাটোও কিডনী বিকল হোৱাৰ লক্ষণ। শৰীৰত বিষাক্ত পদাৰ্থ জমা হোৱাৰ ফলত ভোক হ্ৰাস হ'ব পাৰে। তদুপৰি, বমি, ওকালি অহা অনুভৱ, দ্ৰুত ওজন হ্ৰাস হোৱাটোও দুৰ্বল কিডনীৰ লক্ষণ হ'ব পাৰে।

সঘনাই প্ৰস্ৰাৱ

যদি আপুনি অত্যাধিক প্ৰস্ৰাৱ কৰি আছে আৰু প্ৰস্ৰাৱৰ সময়ত তেজ আৰু জ্বলা-পোৰা কৰি আছে, তেনেহ'লে ই কিডনীৰ গুৰুতৰ সমস্যাৰ কাৰণ হ'ব পাৰে।

খজুৱতি

ছালত অত্যাধিক খজুৱতি কিডনী বিকল হোৱাৰ লক্ষণ। শৰীৰত বিষাক্ত পদাৰ্থ বৃদ্ধি হোৱাৰ ফলত খজুৱতি হ'ব পাৰে। যদি খজুৱতি বেছি হয়, তেন্তে এবাৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰক।

Also Read: অলপ সাৱধান হ'লেই বাচিব আপোনাৰ প্ৰাণ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin