Dailyhunt
মহিলাসকল সাৱধান হওঁক, অন্যথা আধা বয়সতে বিকল হ'ব কিডনী

মহিলাসকল সাৱধান হওঁক, অন্যথা আধা বয়সতে বিকল হ'ব কিডনী

ডিজিটেল ডেস্ক: প্ৰতিগৰাকী মহিলাই সৌন্দৰ্যৰ প্ৰতি সচেতন। নিজকে আৰু অধিক ধুনীয়া কৰিবলৈ অধিকাংশ মহিলাই মুখত বিভিন্ন ক্ৰীম ব্যৱহাৰ কৰে। বিশেষকৈ ছাল বগা হোৱা ক্ৰীম। কিন্তু এই ক্ৰীম কিমান ক্ষতিকাৰক আপুনি জানেনে ? এই ক্ৰীমত থকা ৰাসায়নিক পদাৰ্থৰ প্ৰভাৱৰ ফলত আপোনাৰ কিডনী বিকল হৈ পৰিব পাৰে। শেহতীয়া এক চিকিৎসা গৱেষণাত সকলোকে আচৰিত কৰা এই তথ্য পোহৰলৈ আহিছে। হয়, এই ক্ৰীম নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে খুব কম দিনতে কিডনী বিকল হ'ব পাৰে।

কিডনীত ক্ৰীমৰ প্ৰভাৱ

বিগত কেইটামান বছৰত মহিলাসকলৰ মাজত মেমব্ৰানাছ নেফ্ৰোপেথি (এম.এন.)ৰ দৰে কিডনীৰ সমস্যা বৃদ্ধি পাইছে। এই সমস্যাটো ক্ৰীমত থকা পাৰাৰ উচ্চ স্তৰৰ ফলত হয়। পাৰাই কিডনী ফিল্টাৰ প্ৰভাৱিত কৰে, যাৰ ফলত কিডনীত প্ৰ'টিন লিকেজ হয় আৰু লাহে লাহে কিডনীৰ সমস্যাই গুৰুতকৰ ৰূপ লয়।

পাৰাৰ ভয়াৱহতা

গৱেষণাই প্ৰকাশ কৰিছে যে ছাল বগা কৰাৰ বাবে ব্যৱহৃত ক্ৰীম আৰু বেজীত অনুমোদিত সীমাতকৈ অধিক পাৰা থাকে। যাৰ প্ৰভাৱ কিডনীত পৰে। চিকিৎসকৰ মতে, ভুক্তভোগীসকলৰ ওচৰত এই ক্ৰীমবোৰৰ ব্ৰেণ্ড বা লেবেলৰ বিষয়ে কোনো তথ্য নাথাকে, যিয়ে এই সমস্যা আৰু অধিক বৃদ্ধি কৰে।

সমগ্ৰ দেশতে বৰ্ধিত ঘটনা

শেহতীয়া বছৰবোৰত সমগ্ৰ দেশতে এনে ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে। ছাল বগা কৰিবলৈ ব্যৱহাৰ কৰা এনে ক্ৰীমৰ প্ৰভাৱ পৰা লোকৰ সংখ্যা কেৰালাত অধিক বৃদ্ধি পাইছে।

স্থানীয় ব্ৰেণ্ডবিহীন ক্ৰীম পৰিহাৰ কৰিব

চিকিৎসকৰ মতে, প্ৰায়ে স্থানীয়ভাৱে বিক্ৰী হোৱা ব্ৰেণ্ডবিহীন ক্ৰীমত উচ্চ পৰিমাণৰ পাৰাৰ লগতে বহু ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে। যি কিডনীৰ বাবে বিপদজনক হ'ব পাৰে।

সেয়েহে, ছাল বগা কৰা ক্ৰীম ব্যৱহাৰ কৰোতে সতৰ্ক হ'ব আৰু নিশ্চিত কৰিব যে সেইবোৰ প্ৰমাণিত আৰু পৰীক্ষা কৰা হয়। যদি আপুনি কিডনীৰ সমস্যা পৰিহাৰ কৰিব বিচাৰে, এনে ক্ৰীমৰ পৰা আঁতৰি থকাটো আপোনাৰ বাবে হ'ব সৰ্বশ্ৰেষ্ঠ বিকল্প।

Also Read: দুসপ্তাহ খবৰ নাই পুণ্য প্ৰাপ্ত কৰিবলৈ যোৱা পুত্ৰৰ, ভোকতে প্লাষ্টিক খালে দুৰ্ভগীয়া মাতৃয়ে

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin