ডিজিটেল ডেস্ক: সমগ্ৰ দেশতে ডেংগুয়ে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। শেহতীয়াকৈ কমেডিয়ান প্ৰণীত ম'ৰেও ডেংগুত আক্ৰান্ত হৈ 'বিগ বছ ১৯'ৰ পৰা বাহিৰ হ'বলগীয়া হৈছে। কেৱল প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰতে নহয়, শিশুৰ ক্ষেত্ৰতো ডেংগুৰ সংক্ৰমণ দ্ৰুতগতিত বৃদ্ধি হৈছে। এনে পৰিস্থিতিত অভিভাৱকসকল সাৱধান হোৱাটো খুবেই জৰুৰী। শিশুৰ ক্ষেত্ৰত ডেংগুৰ লক্ষণবোৰ কি আৰু তেওঁলোকক ডেংগুৰ পৰা কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি, আজি সেই বিষয়ে আজি জানো আহক-
শিশুৰ ক্ষেত্ৰত ডেংগু কিমান বিপদজনক ?
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শিশুৰ ক্ষেত্ৰত ডেংগুৰ লক্ষণ মৃদু বা গুৰুতৰ দুয়োধৰণৰ হ'ব পাৰে। এয়া নিৰ্ভৰ কৰে শিশুটো এই ৰোগত প্ৰথমবাৰ আক্ৰান্ত হৈছে নে, তেওঁ আগতেও ইয়াৰ ভুক্তভোগী আছিল।
অৱশ্যে, ডেংগুৰ লক্ষণবোৰ প্ৰাপ্তবয়স্কৰ তুলনাত শিশুৰ ক্ষেত্ৰত অলপ বেলেগ হয়।
ডেংগুৰ লক্ষণ
. তীব্ৰ জ্বৰ
. অত্যাধিক বমি
. শৰীৰত দাগ
. নাকৰ পৰা ৰক্তক্ষৰণ
. মূৰ আৰু শৰীৰত বিষ
শিশুক পিতৃ-মাতৃয়ে কিদৰে সুৰক্ষা দিব ?
. শিশুক ডেংগুৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ আপুনি আপোনাৰ ঘৰৰ চাৰিওফালটো পৰিস্কাৰ কৰি ৰাখিব। পানী জমা হ’ব পৰাকৈ ঘৰৰ বাহিৰত একো সা-সামগ্ৰী নাৰাখিব।
. খোৱা পানীৰ পাত্ৰ আৰু পানীৰ টেংকীটো সঘনাই পৰিস্কাৰ কৰিব।
. যদি আপুনি ঘৰত কুলাৰ ব্যৱহাৰ কৰে, তেন্তে ইয়াৰ পানী দৈনিক সলনি কৰিব।
. যদি শিশুটোৰ শৰীৰটোত ঠাণ্ডা অনুভৱ কৰে, লগে লগে চিকিৎসকৰ ওচৰলৈ লৈ যাব।
Also Read: পেলু হোৱাৰ লক্ষণ

