Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
লঙত লুকাই আছে আয়ুৰ্বেদৰ আশ্চৰ্য শক্তি

লঙত লুকাই আছে আয়ুৰ্বেদৰ আশ্চৰ্য শক্তি

ডিজিটেল ডেস্ক: ভাৰতীয়সকলৰ পাকঘৰত বিধে বিধে মচলা আছে, যাক খাদ্যৰ সোৱাদ বঢ়োৱাৰ লগতে স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ইয়াৰ ভিতৰত এটা হৈছে লং। লঙত মেঙ্গানিজ, ফাইবাৰ, অমেগা-৩ ফেটি এচিড, ছডিয়াম, মেগনেছিয়ামৰ দৰে পুষ্টি থাকে। বিশেষকৈ ভজা লং অতি উপকাৰী। আজি লঙৰ লাভালাভৰ বিষয়ে জানো আহক-

ছাইনাছৰ প্ৰতিকাৰক

শীতকালত ছাইনাছৰ সমস্যা বৃদ্ধি হয়। এনে পৰিস্থিতিত আপুনি ভজা লং খাব পাৰে। ভজা লং খোৱাটোৱে আপোনাক ছাইনাছৰ সমস্যাৰ পৰা সকাহ দিব। লং ভাজি থাকোতেই ইয়াৰ গোন্ধ লওঁক। কেৱল ছাইনাছেই নহয়, লঙে যিকোনো সংক্ৰমণ তথা শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ পৰা সকাহ দিয়ে।

শক্তিশালী কৰে ৰোগ প্ৰতিৰোধ ক্ষমতা

লঙে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।

ইয়াত পোৱা এণ্টিঅক্সিডেণ্টে আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰাত সহায় কৰে।তদুপৰি ভজা লঙে শীতকালৰ অধিকাংশ সংক্ৰমণৰ পৰাও সকাহ দিয়ে।

বদহজম, এচিডিটিৰ পৰা সকাহ

ভজা লং খালে আপোনাৰ এচিডিটি, বদহজম দৰে সমস্যা দূৰ হব। আপুনি ৰাতিপুৱা আৰু সন্ধিয়া ভজা লং খাব পাৰে। ই হজম সম্পৰ্কীয় যিকোনো ধৰণৰ সমস্যাৰ পৰা সকাহ দিব।

হাপানী ৰোগীৰ বাবে উপকাৰী

ভজা লং খোৱাটোৱে আপোনাক শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ পৰা যথেষ্ট সকাহ দিয়ে। ই ডিঙি আৰু বুকুত জমা হোৱা কফ আঁতৰ কৰাতো যথেষ্ট সহায়ক।

দূৰ কৰে চৰ্দি-কাহ

শীতকালত কাহ-চৰ্দি আৰু ফ্লুৰ দৰে সমস্যাৰ বাবে ভজা লং অতি উপকাৰী। কাহৰ পৰা সকাহ পাবলৈ আপুনি লং ভাজি কিছু সময়ৰ বাবে মুখত ৰাখিব। এনে কৰিলে আপোনাৰ কাহৰ লগতে ডিঙিৰ বিষো হ্ৰাস হ'ব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin