ডিজিটেল ডেস্ক: আমাৰ দেহৰ এটা অতি গুৰুত্বপূর্ণ অংশ হৈছে ভৰি। কিন্তু অধিকাংশ সময়তে ভৰিক আমি যথেষ্ট গুৰুত্ব নিদিও। জোতা-চেণ্ডেলৰ ভিতৰতে সোমাই থকা এই ভৰিয়েই কিন্তু দেহৰ ভিতৰত হোৱা বহু সমস্যাৰ আগতীয়া সংকেত দিয়ে। ভৰিৰ ৰঙৰ পৰিবর্তন, খোজ কঢ়াৰ পিছত হোৱা বিষ, ৰাতি ভৰি টানি ধৰা বা কিছু অবশ অনুভৱ কৰা আদিবোৰ সাধাৰণ সমস্যা নহয়, এইসমূহ গুৰুতৰ ৰোগৰ আৰম্ভণিৰ লক্ষণ।
কি ৰোগৰ আৰম্ভণিৰ সংকেত দিয়ে ভৰিৰ সমস্যাই ?
ভৰি হৈছে দেহত ৰক্ত সঞ্চালনৰ একেবাৰে শেষ অংশ। সেয়েহে ইয়াৰ সুস্থতা সম্পূর্ণভাৱে নিৰ্ভৰ কৰে ভাল ৰক্ত সঞ্চালন, শক্তিশালী স্নায়ু আৰু সমতা বজাই ৰখা হৰম'নৰ ওপৰত। চিকিৎসকসকলৰ মতে, বহু ক্ষেত্ৰত ডায়েবেটিছ, থাইৰয়ড, হৃদযন্ত্ৰ অথবা কিডনীৰ সমস্যাৰ প্ৰথম লক্ষণ ভৰিতেই দেখা যায়।
সেইবাবেই নিয়মীয়া স্বাস্থ্য পৰীক্ষাৰ সময়ত চিকিৎসকসকলে ভৰি বিশেষভাৱে পৰীক্ষা কৰে।
ভাল ৰক্ত সঞ্চালন ভৰিৰ বাবে অতি প্ৰয়োজনীয়
ভাল ৰক্ত সঞ্চালনে ভৰিক উষ্ণ, সক্ৰিয় আৰু সুস্থ কৰি ৰাখে। কিন্তু ধমনীৰ সমস্যা আৰম্ভ হ’লে আৰম্ভণিতে লক্ষণবোৰ খুব সূক্ষ্ম হয়। যেনে, অলপ সময় খোজ কঢ়াৰ পিছত বিষ অনুভৱ হোৱা আৰু বিশ্ৰাম ল’লে সেই বিষ কমি যোৱা। বহুতে ইয়াক সাধাৰণ ক্লান্তি বুলি ভাৱে, কিন্তু ই 'পেৰিফেৰেল আৰ্টাৰী ডিজিজ'ৰ দৰে সমস্যাৰ আগতীয়া সংকেত হ’ব পাৰে। দীর্ঘ সময় থিয় হৈ থাকিলে ভৰি ফুলি উঠা, গোৰোহাত গধুৰ অনুভৱ বা ভৰি টানি ধৰা, এইবোৰো ৰক্ত সঞ্চালনৰ সমস্যাৰ লক্ষণ হ’ব পাৰে।
স্নায়ুৰ ক্ষতিৰ লক্ষণ চিনাক্ত কৰক
স্বাস্থ্য বিশেষজ্ঞৰ মতে, ডায়েবেটিছৰ বাবে হোৱা 'নিউৰোপেথি' ভৰিৰ আলচাৰ আৰু সংক্রমণৰ এটা ডাঙৰ কাৰণ। ভৰিৰ ৰং সলনি হোৱা, ৰঙা দাগ, ক’লা পৰি যোৱা বা ছাল শুকাই ফাটি যোৱা আদিবোৰ স্নায়ু বা ৰক্ত সঞ্চালনৰ সমস্যাৰ ইংগিত।
সৰু কটা-ঘাঁকো অবহেলা কৰা উচিত নহয়। যি ঘাঁ সহজে ভাল নহয়, সেয়া পিছলৈ ডাঙৰ সংকটৰ ৰূপ ল’ব পাৰে। অধিক গুৰুতৰ ক্ষেত্ৰত 'চাৰকট ফুট' বা হাড়ত সংক্রমণৰ দৰে ৰোগ নীৰৱভাৱে বৃদ্ধি পাব পাৰে। কেতিয়াবা বিষ অনুভৱ নোহোৱাকৈও সমস্যা বহুগুণে বাঢ়ি যায়।
কেনেকৈ বুজিব ভৰিৰ ইংগিত?
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, প্ৰতিদিনে এবাৰ নিজৰ ভৰি ভালদৰে পৰীক্ষা কৰা উচিত। বিশেষকৈ—
ভৰিৰ ৰং বা আকাৰ সলনি হৈছে নেকি লক্ষ্য কৰিব।
ছাল শুকাই ফাটিছে নেকি মন কৰিব।
ভৰি ফুলা বা ঠাণ্ডা অনুভৱ হৈছে নেকিও মন কৰিব।
ৰাতি ঝিনঝিন, জ্বলা-পোৰা বা অবশ অনুভৱ হ’লে অবহেলা নকৰিব।
কেইদিনমান ধৰি নুশুকুৱা ঘাঁ থাকিলে তৎক্ষণাৎ চিকিৎসকৰ পৰামৰ্শ ল'ব।
ভৰি কেৱল আমাৰ খোজ কঢ়াৰ মাধ্যম নহয়, ই আমাৰ সামগ্ৰিক স্বাস্থ্যৰ এখন আয়নাও বটে। বহু গুৰুতৰ ৰোগে প্ৰথমে ভৰিৰ জৰিয়তেই নিজৰ উপস্থিতি জনায়। সেয়েহে সময়তে এই সংকেতবোৰ বুজি সাৱধান হ’লে বহু ডাঙৰ সমস্যাৰ পৰা ৰক্ষা পোৱা সম্ভব। নিজৰ ভৰিৰ যত্ন লওক, কাৰণ সুস্থ ভৰি মানেই সুস্থ জীৱন।

