Dailyhunt
মধুৰিআমৰ দৰেই ইয়াৰ পাতকেইটাও খুবেই গুণসম্পন্ন

মধুৰিআমৰ দৰেই ইয়াৰ পাতকেইটাও খুবেই গুণসম্পন্ন

ডিজিটেল ডেস্ক: আমাৰ স্বাস্থ্য ৰক্ষাত ফলৰ গুৰুত্ব কি, সেয়া হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।এনে এবিধ আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ফল হৈছে মধুৰিআম।মধুৰিআমত ভিটামিন চি প্ৰচুৰ পৰিমাণে পোৱা যায়। মধুৰিআমৰ সমান্তৰালকৈ ইয়াৰ পাতবোৰো বহু গুণাগুণেৰে সমৃদ্ধ। মধুৰিআমৰ পাতত থকা এণ্টিঅক্সিডেণ্ট, ভিটামিন চি, পটাছিয়াম আৰু আঁহ হৃদযন্ত্ৰ, হজম আৰু শৰীৰৰ অন্যান্য প্ৰণালীৰ বাবে যথেষ্ট সহায়ক। মধুৰিআম পাত মধুমেহ ৰোগীসকলৰ বাবে এক আশীৰ্বাদস্বৰূপ। আজি মধুৰিআম পাত লাভালাভসমূহৰ বিষয়ে জানো আহক-

ৰক্ত শৰ্কৰা নিয়ন্ত্ৰক

আপুনি ১০-১৫টা মধুৰিআমৰ পাত ভালদৰে পৰিস্কাৰ কৰি লৈ এক কাপ পানীত উতলাই ঠাণ্ডা হোৱাৰ পাছত সেৱন কৰিব।যদি আপুনি এইদৰে খাবলৈ নিবিচাৰে, তেন্তে মধুৰিআমৰ সতেজ পাত কেইটামান ধুই পৰিস্কাৰ কৰি চোবাই খাব।বহুতেই আকৌ এই পাতৰে চাহ বনাই খায়।এনেদৰে খোৱা আৰম্ভ কৰিলে মধুমেহ ৰোগীসকলে খুব সোনকালেই শাৰীৰিক পৰিৱৰ্তন দেখিবলৈ পাব।

হৃদযন্ত্ৰৰ বাবে উপকাৰী

মধুৰিআম পাতত থকা এণ্টিঅক্সিডেণ্ট আৰু ভিটামিনবোৰ হৃদযন্ত্ৰক মুক্ত ৰেডিকেল ক্ষতিৰ পৰা সুৰক্ষিত কৰাত যথেষ্ট সহায়ক।তদুপৰি, ৰক্তনিম্নচাপৰ সমস্যা তথা 'বেয়া' এলডিএল কলেষ্টেৰল নিয়ন্ত্ৰণ কৰি 'ভাল' এইচডিএল কলেষ্টেৰল বৃদ্ধি কৰাৰ কামো কৰে মধুৰিআমৰ পাতে।

বৃদ্ধি কৰে পাচন শক্তি

মধুৰিআম পাতে পাচন শক্তিও বৃদ্ধি কৰে। ইয়াত পোৱা উপাদানবোৰে পাকস্থলীৰ ক্ষতিকাৰক উপাদানবোৰ নিয়ন্ত্ৰণ কৰে। মধুৰিআম পাত আঁহসমৃদ্ধ হোৱা বাবে ই কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে। তদুপৰি, ই আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালীও শক্তিশালী কৰে।

ছালৰ বাবে উপকাৰী

মধুৰিআম পাত ভিটামিন চি সমৃদ্ধ, যি আপোনাৰ ছালৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ভিটামিন চি সমৃদ্ধ খাদ্য খালে ছালৰ উজ্জ্বলতা বৃদ্ধি হয় আৰু ছালখন বয়সৰ চাপ পৰাৰ পৰা বাচি থাকে। মধুৰিআমৰ পৰা তৈয়াৰ কৰা ছালৰ ট'নাৰ ব্যৱহাৰ কৰিলে মুখৰ ৰং উন্নত হয়। আপুনি মধুৰিআম পাত পিছি মুখৰ বাবে পেষ্ট তৈয়াৰ কৰিব পাৰে। ইয়াৰ ফলত শালমইনাৰ সমস্যাৰ পৰাও হাত সাৰি থাকিব পাৰিব।

আজিৰে পৰাই খোৱা আৰম্ভ কৰক এইকেইবিধ ফল
Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin