ডিজিটেল ডেস্ক: পশ্চিম বংগৰ ৰাজনীতিত আৰম্ভ হ'ল এক নতুন অধ্যায়। প্ৰথমবাৰৰ বাবে বিজেপি দলৰ এজন মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ দায়িত্ব গ্ৰহণ কৰাত সমগ্ৰ দেশজুৰি সৃষ্টি হৈছে ব্যাপক চর্চা। ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ অনুষ্ঠানো আছিল অতি বিশেষ। এই শপত গ্ৰহণ অনুষ্ঠান কেৱল এক ৰাজনৈতিক অনুষ্ঠানেই নহয়, এয়া আছিল ইতিহাসৰ এক স্মৰণীয় মুহূৰ্ত। বহু বছৰৰ ৰাজনৈতিক সংঘাত, তীব্ৰ নিৰ্বাচনী যুঁজ আৰু নাটকীয় পৰিৱর্তনৰ পিছত অৱশেষত বংগই লাভ কৰিলে নতুন নেতৃত্ব।
ৰাজনৈতিক মহলত শুভেন্দু অধিকাৰীক Giant Slayer অৰ্থাৎ শক্তিশালী প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰা ব্যক্তি বুলি অভিহিত কৰা হয়। কাৰণ, তেওঁ এনে এজন নেতা যিয়ে শক্তিশালী প্ৰতিদ্বন্দ্বী মমতা বেনাৰ্জীক একাধিকবাৰ কঠিন পৰিস্থিতিৰ সন্মুখীন কৰাইছে।
২০২১ চনৰ বিধানসভা নিৰ্বাচনত নন্দিগ্ৰাম সমষ্টিত হোৱা মমতা বনাম শুভেন্দুৰ যুঁজখনে সমগ্ৰ দেশৰে দৃষ্টি আকর্ষণ কৰিছিল। সেই নিৰ্বাচনত শুভেন্দু অধিকাৰীয়ে সংকীৰ্ণ ব্যৱধানত জয়লাভ কৰি ৰাজনৈতিক মহলত আলোড়ন তুলিছিল।
২০২৬ চনৰ নিৰ্বাচনত পুনৰ এবাৰ চমক। মমতা বেনাৰ্জীৰ শক্তিশালী গঢ় হিচাপে পৰিচিত ভৱানীপুৰ সমষ্টিত ১৫ হাজাৰৰো অধিক ভোটত জয়লাভ কৰি ইতিহাস ৰচিলে শুভেন্দু অধিকাৰীয়ে।
বংগৰ 'দিদি'ৰ সৈতে আছে শুভেন্দুৰ ব্যক্তিগত জীৱনৰ মিল
ৰাজনৈতিক জীৱনত সদায় আক্রমণাত্মক আৰু দৃঢ়মনা নেতা হিচাপে পৰিচিত শুভেন্দু অধিকাৰীৰ ব্যক্তিগত জীৱন কিন্তু অত্যন্ত সৰল। মমতা বেনাৰ্জীৰ দৰে শুভেন্দু অধিকাৰীও অবিবাহিত।
২০২১ চনত এটা সাক্ষাৎকাৰত তেওঁ নিজৰ অবিবাহিত জীৱনৰ বিষয়ে স্পষ্টকৈ কৈছিল, 'মই অবিবাহিত। ইয়াৰ আটাইতকৈ ডাঙৰ সুবিধা হ’ল মোৰ কামৰ বাবে যথেষ্ট সময় থাকে আৰু ব্যক্তিগত দায়িত্ব কম থাকে।' তেওঁৰ মতে, জনসেৱাৰ পথত সম্পূর্ণভাৱে নিজকে নিয়োজিত কৰিবলৈ তেওঁ এই সিদ্ধান্ত লৈছিল। ছাত্রজীৱনৰ পৰাই ৰাজনীতিৰ সৈতে জড়িত শুভেন্দুৱে ১৯৮৭ চনত এন এছ ইউৰ জৰিয়তে ছাত্র ৰাজনীতিত প্ৰৱেশ কৰিছিল। তাৰ পিছৰ পৰা ৰাজনীতিয়েই তেওঁৰ জীৱনৰ মূল লক্ষ্য হৈ উঠে।
স্বাধীনতা সংগ্ৰামীসকলেই তেওঁৰ প্ৰেৰণা
নিজৰ জীৱনৰ আদৰ্শৰ কথা ক’বলৈ গৈ শুভেন্দু অধিকাৰীয়ে সতীশ সমন্তা, সুশীল ধৰ আৰু অজয় মুখাৰ্জীৰ দৰে স্বাধীনতা সংগ্ৰামীসকলৰ নাম উল্লেখ কৰিছিল। তেওঁ কৈছিল যে এই নেতাসকলৰ জীৱনী পঢ়ি তেওঁ গভীৰভাৱে অনুপ্ৰাণিত হৈছিল। আকৰ্ষণীয় বিষয়টো এয়ে যে, এই তিনিজন নেতাই গোটেই জীৱন অবিবাহিত হৈ থাকিছিল। সেই আদৰ্শই শুভেন্দুকো গভীৰভাৱে প্ৰভাৱিত কৰে। তেওঁ স্পষ্টকৈ কৈছিল, 'তেওঁলোক তিনিওজনেই অবিবাহিত আছিল। মইও তেওঁলোকৰ পথ অনুসৰণ কৰিছো।'
পৰিয়াল ৰাজনীতিৰ বিৰোধী শুভেন্দু অধিকাৰী
শুভেন্দু অধিকাৰীয়ে এই সাক্ষাৎকাৰতে আৰু এটা গুৰুত্বপূর্ণ কথা উল্লেখ কৰিছিল। তেওঁৰ মতে, বহু ৰাজনীতিবিদে পৰিয়ালৰ সদস্যক ৰাজনীতিত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে আৰু নিজৰ ৰাজনৈতিক প্ৰভাৱ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰে। কিন্তু তেওঁ সেই পথ বাছি ল’ব নিবিচাৰে। তেওঁ কৈছিল, আনৰ জৰিয়তে নিজৰ ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰা বা ৰাজনৈতিক প্ৰভাৱৰ অপব্যৱহাৰ কৰাটো ঠিক নহয়। তেওঁ এই কথাও জনাইছিল যে বৃদ্ধ পিতৃ-মাতৃৰ যত্ন লোৱাটো তেওঁৰ জীৱনৰ এটা ডাঙৰ দায়িত্ব।
বংগৰ ৰাজনীতিত অবিবাহিত মুখ্যমন্ত্ৰীৰ ইতিহাস
পশ্চিম বংগৰ অবিবাহিত মুখ্যমন্ত্ৰী কেৱল শুভেন্দু অধিকাৰী আৰু মমতা বেনাৰ্জীয়েই নহয়, আগতেও একাধিক অবিবাহিতই ৰাজ্যখনৰ দায়িত্ব লৈছে। ৰাজ্যখনৰ দ্বিতীয় মুখ্যমন্ত্ৰী প্ৰখ্যাত চিকিৎসক ডাঃ বিধানচন্দ্ৰ ৰায়েও গোটেই জীৱন অবিবাহিত হৈ থাকি জনসেৱাত নিজকে উৎসৰ্গা কৰিছিল।
নতুন যুগৰ সূচনা নে নতুন ৰাজনৈতিক সমীকৰণ?
শুভেন্দু অধিকাৰীৰ উত্থানে পশ্চিম বংগৰ ৰাজনীতিত এক নতুন সমীকৰণ সৃষ্টি কৰিছে। তেওঁৰ ৰাজনৈতিক আগ্ৰাসন, সংগঠন দক্ষতা আৰু ব্যক্তিগত জীৱনৰ সৰলতাই বহু মানুহক আকৰ্ষিত কৰিছে। এতিয়া সমগ্ৰ দেশৰ দৃষ্টি বংগত—নতুন মুখ্যমন্ত্ৰীৰ নেতৃত্বত কোন দিশে আগবাঢ়ে ৰাজ্যখন...

