ডিজিটেল ডেস্ক: অসমীয়া ছবি জগতত এক নতুন চিন্তাধাৰা আৰু সামাজিক বাৰ্তা লৈ আহিছে মুক্তিৰ অপেক্ষাত থকা অসমীয়া ছবি 'হোমৱৰ্ক'য়ে। শিশুৰ স্বাভাৱিক কৌতূহল, শিকাৰ আগ্ৰহ, স্বাধীন চিন্তা আৰু অনুকৰণৰ ক্ষমতাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এই ছবিখনে ইতিমধ্যে ব্যাপক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে। আধুনিক সময়ত শিশু শিক্ষাক লৈ অভিভাৱক আৰু সমাজত যি এক অতিৰিক্ত প্ৰতিযোগিতামূলক মনোভাৱ গঢ় লৈ উঠিছে, তাৰ মাজতেই 'হোমৱৰ্ক' ছবিখনে এক ইতিবাচক আৰু হৃদয়স্পৰ্শী বাৰ্তা আগবঢ়াইছে।
ছবিখনৰ মূল বিষয় হৈছে—শিশুৱে হেঁচা বা ভয়ৰ মাজত নহয়, আনন্দ আৰু স্বাধীনতাৰ পৰিৱেশত অধিক স্বতঃস্ফূৰ্তভাৱে শিকে। ভুলৰ পৰা শিক্ষা গ্ৰহণ কৰা, নিজে নিজে সংশোধন কৰা আৰু পুনৰ চেষ্টা কৰাৰ মানসিকতাই শিশুৰ শিক্ষণ পদ্ধতিক অধিক শক্তিশালী কৰি তোলে।
অভিভাৱকসকলে যদি শিশুৰ ওপৰত চাপ সৃষ্টি নকৰি বন্ধু হিচাপে আচৰণ কৰে, তেন্তে শিশুৰ মানসিক বিকাশ অধিক সুস্থ আৰু স্বাভাৱিক হয়। এই গভীৰ সামাজিক চিন্তাধাৰাক সুন্দৰভাৱে উপস্থাপন কৰিছে ‘হোমৱৰ্ক’ ছবিখনে।
ছবিখনৰ কাহিনী আৰু পৰিচালনা অচিন্ত শংকৰৰ। চিত্ৰনাট্য আৰু সংলাপ ৰচনা কৰিছে হিমাংশু নাথে। সংগীতৰ ক্ষেত্ৰতো ছবিখন যথেষ্ট সমৃদ্ধ। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আৰু অৰূপজ্যোতি বৰুৱাৰ সৃজনশীল সংগীতে ছবিখনক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে।
‘আউটৰিছ এডভাৰ্টাইজিং প্ৰাইভেট লিমিটেড’ৰ বেনাৰত নিৰ্মিত এই ছবিখনত অভিনয় কৰিছে একাধিক অভিজ্ঞ আৰু নতুন শিল্পীয়ে। দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা, দেবজিত হাজৰিকা, পদ্মৰাগ গোস্বামী, চিন্ময় চক্ৰৱৰ্তী, ৰিম্পী দাস আৰু গায়ত্ৰী মহন্তৰ অভিনয়ে ছবিখনক অধিক জীৱন্ত কৰি তুলিছে। আনহাতে, শিশুশিল্পী সূৰ্যাংগ জিউ মাৰ্ঘেৰিটা, বৃত্তান্ত নয়ন কাশ্যপ আৰু অলংকৃতা পদ্মৰাগ গোস্বামীয়েও কাহিনীত বিশেষ ভূমিকা পালন কৰিছে। তেওঁলোকৰ স্বাভাৱিক অভিনয়ে ছবিখনৰ আৱেগিক গভীৰতা বৃদ্ধি কৰিছে।
কাৰিকৰী দিশতো ‘হোমৱৰ্ক’ যথেষ্ট শক্তিশালী। ৰূপমজ্যোতি শইকীয়াৰ চিত্ৰগ্ৰহণ, জ্যোতি শংকৰ ভট্টাচাৰ্যৰ কলা নিৰ্দেশনা, ভাস্কৰ দত্তৰ ৰূপসজ্জা আৰু ধীৰাজ ডেকাৰ সাজসজ্জাই ছবিখনৰ সৌন্দৰ্য বৃদ্ধি কৰিছে। সম্পাদনাৰ দায়িত্বত থকা ৰিতু ৰঞ্জন হাতীমূৰীয়া, শব্দ সজ্জাত দেবজিত গায়ন আৰু আৱহ সংগীতত পৰাণ বৰকটকীৰ অৱদান ছবিখনক অধিক প্ৰভাৱশালী কৰি তুলিছে। সহকাৰী পৰিচালক হিচাপে জিতুল ৰাজবংশী আৰু পুণম বৰ্মনেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
১৫ মে'ত আহিব ছবিগৃহলৈ..
উল্লেখ্য যে, মুক্তিৰ পূৰ্বেই সীমাহীন চৰ্চা লাভ কৰা এই অসমীয়া ছবি ‘হোমৱৰ্ক’ অহা ১৫ মে’ত ছবিগৃহলৈ আহিব। শিক্ষণ, মানসিক বিকাশ আৰু অভিভাৱক-শিশুৰ সম্পৰ্কৰ দৰে গুৰুত্বপূৰ্ণ বিষয়ক কেন্দ্ৰ কৰি নিৰ্মাণ হোৱা এই ছবিখনে দৰ্শকৰ হৃদয় স্পৰ্শ কৰিব বুলি আশা কৰা হৈছে।

