Dailyhunt
'নেশ্যনেল ক্ৰাছ'ৰ চৰ্চাত আকৌ তোলপাৰ ছ'চিয়েল মেডিয়া

'নেশ্যনেল ক্ৰাছ'ৰ চৰ্চাত আকৌ তোলপাৰ ছ'চিয়েল মেডিয়া

ডিজিটেল ডেস্ক: 'নেশ্যনেল ক্ৰাছ', এই শব্দ দুটা খুবেই চৰ্চিত আৰু সকলোৰে চিনাকি।সময়ৰ লগে লগে অৱশ্যে সলনি হয় 'নেশ্যনেল ক্ৰাছ'। শেহতীয়াকৈ আকৌ চৰ্চালৈ আহিছে এগৰাকী নতুন 'নেশ্যনেল ক্ৰাছ'।তেওঁক প্ৰথম দেখা পোৱা গৈছিল আই পি এলৰ নিলাম অনুষ্ঠানত।

হয়, সম্প্ৰতি ইণ্টাৰনেটত খুব চৰ্চাত থকা এইগৰাকী সুন্দৰীৰ নাম জাহ্নৱী মেহতা। শেহতীয়াকৈ হৈ যোৱা আই পি এল নিলামত জাহ্নৱীক কলকাতা নাইট ৰাইডাৰ্ছৰ সদস্যসকলৰ সৈতে দেখা গৈছিল।জাহ্নৱী মেহতাই চৌদি আৰৱৰ জেদ্দাত অনুষ্ঠিত আই পি এল নিলাম ২০২৫ত প্ৰতিনিধিত্ব কৰিছিল। কম বয়সীয়া অথচ আকৰ্ষণীয় চেহেৰা অধিকাৰী এইগৰাকী যুৱতীৰ ভিডিঅ' আৰু ফটো এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

জাহ্নৱী জুহি চাওলা আৰু জয় মেহতাৰ জীয়ৰী। নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা জাহ্নৱী ছ'চিয়েল মেডিয়াত সক্ৰিয় নহয়।যাৰ বাবে তেওঁ সকলোৰে পৰিচিত নহয়।

উল্লেখ্য যে, ২০২২ত জুহি চাওলাই জাহ্নৱী আৰু অভিনেতা শ্বাহৰুখ খানৰ সন্তান আৰ্যন খান আৰু সুহানা খানক তেওঁলোকৰ দল কলকাতা নাইট ৰাইডাৰ্ছ (কেকেআৰ)ৰ ভৱিষ্যতেই নহয়, ‘বৰ্তমান' বুলি অভিহিত কৰিছিল।২০২২ত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) নিলাম অনুষ্ঠানত জাহ্নৱী, আৰ্যন আৰু সুহানাক দেখা গৈছিল, য'ত তিনিওজনে তেওঁলোকৰ পিতৃ-মাতৃক প্ৰতিনিধিত্ব কৰিছিল।

Also Read: ‘এতিয়া ঘৰলৈ উভতাৰ সময়’- চিনেমাৰ পৰা অৱসৰ ঘোষণা অভিনেতা বিক্ৰান্ত মেছিৰ

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin