Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
নীতা আম্বানীৰ সেই শাৰীখন.

নীতা আম্বানীৰ সেই শাৰীখন.

ডিজিটেল ডেস্ক: যেতিয়া সাজ-পোছাকে ফেশ্বনৰ সীমা অতিক্ৰম কৰি গল্প কোৱাৰ এক মাধ্যম হৈ উঠে, তেতিয়া সেয়া হৈ উঠে এক জীৱন্ত ঐতিহ্য। এনে এক অপূৰ্ব মুহূৰ্তৰ সাক্ষী হৈছিলো আমি, যেতিয়া নীতা আম্বানীয়ে পিন্ধিছিল হস্ততাঁতৰ এখন বিশেষ শাৰী। যিখন শাৰীয়ে আধ্যাত্মিকতা, শিল্পকলাৰ সূক্ষ্মতা আৰু সাংস্কৃতিক সংৰক্ষণক একেলগে প্ৰতিফলিত কৰে।

ৰাম নবমীৰ শুভ দিনটোত নীতা আম্বানীয়ে পিন্ধিছিল 'স্বদেশ'য়ে বিশেষভাৱে প্ৰস্তুত কৰা এই বান্ধা ইকাট শাৰী, যি ওড়িশাৰ সমৃদ্ধ বস্ত্ৰ পৰম্পৰা আৰু দক্ষ শিল্পীৰ প্ৰতি এক আন্তৰিক সন্মান। এই শাৰীখন প্ৰস্তুত কৰিছিল প্ৰখ্যাত শিল্পী হৰিশংকৰ মেহেৰে আৰু এই বিশেষ শাৰীখন তৈয়াৰ কৰিবলৈ সময় লাগিছিল প্ৰায় দুবছৰ।

এই সময়সীমাই আমাক সোঁৱৰাই দিয়ে যে প্ৰকৃত শিল্পকলা কেতিয়াও তৎক্ষণাত সৃষ্টি নহয়, ইয়াৰ বাবে লাগে ধৈৰ্য, নিষ্ঠা আৰু প্ৰেম।

এই শাৰীখন কেৱল এক বস্ত্ৰয়েই নহয়, ই এক জীৱন্ত কাহিনী। পৰম্পৰাগত বান্ধা (টাই-ডাই) পদ্ধতিৰে প্ৰস্তুত কৰা এই শাৰীখনত ব্যৱহাৰ কৰা হৈছে প্ৰাকৃতিক ৰং—যি পৰিবেশ-সচেতনতা আৰু ঐতিহ্যৰ মাজৰ সুন্দৰ সমন্বয়। শাৰীৰ গাত থকা ডিজাইনসমূহ ‘ৰাম শিলা’ৰ পৰা প্ৰেৰিত, য’ত ‘ৰাম’ শব্দটো বিভিন্ন লিপিত অঙ্কিত কৰা হৈছে। আনহাতে, আঁচলত ওড়িয়া লিপিত লিখা পবিত্ৰ মন্ত্রসমূহ ইকাট পেটাৰ্ণৰ সৈতে মিশ্ৰিত হৈ এক গভীৰ আধ্যাত্মিক আবহ সৃষ্টি কৰিছে। ইয়াত প্ৰতিটো আৰ্হি কেৱল সৌন্দৰ্যৰ বাবে নহয়, তাৰ এক গভীৰ অৰ্থ আৰু উদ্দেশ্য আছে।

এই বিশেষ সাজযোৰ অধিক অলংকৃত নকৰাকৈ নীতা আম্বানীয়ে quiet luxuryৰ ধাৰণাক প্ৰাধান্য দিছে। দুটা স্তৰৰ মণিৰ মালা আৰু পল্কি শৈলীৰ কাণফুলাই শাৰীৰ সৰল সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিছে। তেওঁ সাধাৰণতে বন্ধা খোপা, কমকৈ কৰা মেকআপ আৰু কপালৰ ৰঙা ফোঁটটোয়ে তেওঁৰ এই সম্পূৰ্ণ ৰূপটোক অধিক শালীন আৰু মাধুৰ্যময় কৰি তুলিছিল।

এই শাৰীখন পিন্ধি নীতা আম্বানীয়ে উপস্থিত হৈছিল সেই অনুষ্ঠানত, য’ত তেওঁক 'কেলিংগা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সেছ'য়ে 'মানৱীয় সেৱা বঁটা' প্ৰদান কৰিছিল। শিক্ষা, স্বাস্থ্য আৰু সমাজ উন্নয়নৰ ক্ষেত্ৰত তেওঁৰৰ অৱদানৰ স্বীকৃতি হিচাপে তেওঁ এই সন্মান আগবঢ়োৱা হৈছিল।

সামাজিক মাধ্যমত বিশেষ চৰ্চা

নীতা আম্বানীৰ এই শাৰীখনত লৈ সামাজিক মাধ্যমত বিশেষ চৰ্চা চলিছে। বহুতৰ মতে, আজিৰ যুগত য’ত ফেশ্বনে সদায় নতুন ধাৰাৰ পিছত দৌৰি থাকে, তেনে সময়ত এয়া এক সোঁৱৰণী যে, কিছুমান বস্ত্ৰ কেৱল পিন্ধিবলৈ নহয়। এই বস্ত্ৰই আমাৰ ইতিহাস সংৰক্ষণ কৰে, শিল্পীৰ পৰিশ্ৰমক সন্মান জনায় আৰু জীৱন্ত ঐতিহ্যক উদযাপন কৰে।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin