Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
তামৰ পাত্ৰৰ সঠিক ব্যৱহাৰ নকৰিলে উপকাৰৰ সলনি হয় অপকাৰ

তামৰ পাত্ৰৰ সঠিক ব্যৱহাৰ নকৰিলে উপকাৰৰ সলনি হয় অপকাৰ

ডিজিটেল ডেস্ক: তামৰ পাত্ৰত থকা পানী শৰীৰৰ বাবে ঔষধ বুলিয়েই গণ্য কৰা হয়। তামৰ প্ৰভাৱ গৰম হয়, সেয়েহে শীতকালত তামৰ পাত্ৰত থকা পানী খোৱাটো শৰীৰৰ বাবে খুবেই লাভজনক। এই দিনকেইটাত তামৰ পাত্ৰত ৰখা পানী খালে ই শৰীৰৰ উষ্ণতা সঠিক কৰি ৰখাৰ লগতে দেহ-মন সতেজ কৰি ৰাখে। তামৰ পাত্ৰত থোৱা পানী খালে ৰোগ প্ৰতিৰোধ ক্ষমতা, হজম শক্তিশালী কৰাৰ লগতে ওজন হ্ৰাস, আৰ্থ্ৰাইটিছৰ বিষ, কলেষ্টেৰল আৰু উচ্চ ৰক্তচাপৰ ক্ষেত্ৰতো যথেষ্ট উপকাৰী।

কি কয় স্বাস্থ্য বিশেষজ্ঞই ?

কিন্তু বিশেষজ্ঞসকলৰ মতে, এই সকলোবোৰ তেতিয়াহে লাভ কৰিব, যেতিয়া আপুনি তাম সঠিকভাৱে ব্যৱহাৰ কৰিব। তামৰ পাত্ৰ বা বটল ব্যৱহাৰ কৰোতে আপুনি কোনবোৰ দিশত মন দিব লাগে, আজি জানি লওঁক-

ৰাতিপুৱা খালী পেটত নেমু আৰু মৌ মিহলাই খোৱা পানী স্বাস্থ্যৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। কিন্তু যদি আপুনি এই পানী তামৰ পাত্ৰত খাই, ই আপোনাৰ বাবে বিষাক্ত প্ৰমাণিত হ'ব পাৰে। কিয়নো নেমুত থকা এচিড তামৰ সৈতে মিহলি হোৱাৰ ফলত পেটৰ বিষ, গেছ বা বমি হ'ব পাৰে।

তদুপৰি, যদি আপুনি গোটেই দিনটো তামৰ বটল বা এই পাত্ৰত ৰখা পানী খাই, তেনেহ'লে আপোনাৰ শৰীৰত তামৰ পৰিমাণ প্ৰয়োজনতকৈ অধিক হ'ব পাৰে।ইয়াৰ ফলত, আপোনাৰ তীব্ৰ ওকালি অহা, মূৰ ঘূৰোৱা, পেটৰ বিষৰ লগতে যকৃত আৰু বৃক্ক বিকল হ’ব পাৰে।

আনহাতে, তামৰ বাচন-বৰ্তন দৈনিক ধুব নালাগে। এই পাত্ৰবোৰ দৈনিক ধোৱাৰ ফলত ইয়াত থকা উপকাৰী গুণাগুণবোৰ হ্ৰাস হ'বলৈ আৰম্ভ কৰে।কিন্তু আপুনি মাহত এবাৰ নিমখ আৰু নেমু ব্যৱহাৰ কৰি পাত্ৰটো ভালদৰে পৰিস্কাৰ কৰিবলৈ নাপাহৰিব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin