Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
ওজন হ্ৰাসৰ বাবে আৰু ব্যায়াম কৰিব নালাগে

ওজন হ্ৰাসৰ বাবে আৰু ব্যায়াম কৰিব নালাগে

ডিজিটেল ডেস্ক: আমাৰ শৰীৰটোক ৰোগমুক্ত কৰি ৰাখিবলৈ ওজন নিয়ন্ত্ৰণ কৰাটো খুবেই প্ৰয়োজনীয়।অধিকাংশ লোকে কাৰ্ব'হাইড্ৰেটযুক্ত খাদ্য আৰু চেনী খোৱাটো হ্ৰাস কৰি ওজন হ্ৰাস কৰে।কিন্তু বৰ্ধিত ওজন হ্ৰাস কৰিবলৈ আপুনি আপোনাৰ আহাৰত কেতবোৰ কাৰ্ব'হাইড্ৰেটযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰিব পাৰে।খাব জানিলে আপুনি বেছিকৈ খাইও ওজন নিয়ন্ত্ৰণ কৰিব পাৰে। কেতবোৰ খাদ্যই ওজন বৃদ্ধিৰ বিপৰীতে ওজন হ্ৰাস কৰাতহে আপোনাক সহায় কৰে।আজি এই বিষয়ে জানো আহক-

প্ৰ'টিন

প্ৰ'টিনে ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই ভোকৰ আকাংক্ষা প্ৰতিহত কৰাৰ লগতে পেশী বৃদ্ধিতো সহায় কৰে। বহু গৱেষণাত ইতিমধ্যে প্ৰমাণিত হৈছে যে ৰাতিপুৱা দুটা কণী খোৱা লোকৰ, কণী নোখোৱা লোকৰ তুলনাত ওজন হ্ৰাস হোৱাৰ সম্ভাৱনা ৫০% অধিক।

পাচলি

যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে তেনেহ'লে আহাৰত পাচলি অন্তৰ্ভুক্ত কৰিব। ই আপোনাক স্বাস্থ্যৱান কৰি ৰখাৰ লগতে ওজন হ্ৰাস কৰাটো সহায় কৰিব। শাক-পাচলিত পোৱা ফাইটোনিউট্ৰিয়েণ্টবোৰে চৰ্বি কোষৰ প্ৰদাহ বিপৰীত কৰাত সহায় কৰে, যাৰ ফলত ওজন হ্ৰাস হয়। ইয়াৰ বাহিৰেও, পাচলি খালে পেটটো দীৰ্ঘসময় ধৰি ভৰ্তি হৈ থাকে। যদি আপুনি ওজন হ্ৰাস কৰাৰ কথা ভাবি আছে, তেন্তে দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰত কমেও আধা প্লেট সতেজ পাচলি খাব।

কাৰ্ব খাদ্য হ্ৰাস কৰক

কেৱল আধা ৰুটী বা এটা ৰুটী খাই আপুনি শৰীৰত কাৰ্বহাইড্ৰেটৰ মাত্ৰা পূৰণ কৰিব পাৰে। এনে পৰিস্থিতিত আপুনি কেৱল আধা ৰুটী খাই ওজন হ্ৰাস কৰিব পাৰে। ইয়াত থকা শৰ্কৰাবোৰে আপোনাৰ শৰীৰক সুস্থ কৰি ৰখাৰ লগতে আপুনি অত্যাধিক খাদ্য খোৱাটো এৰাই চলিব পাৰে।

আলুৰ পৰা আঁতৰি থাকিব

আলুয়ে শৰীৰৰ সমস্যা বৃদ্ধি কৰে।আলুৰ সকলি আন পাচলি বেছিকৈ খাব।আলুয়ে ৰক্ত শৰ্কৰাৰ মাত্ৰাও বৃদ্ধি কৰে।সেয়েহে পৰাপক্ষত আলু নাখাব।

চালাড

আপুনি চালাডক আপোনাৰ আহাৰৰ অংশ কৰি ওজন হ্ৰাস কৰিব পাৰে।চালাড হৈছে স্বাস্থ্যৱান হৈ থকাৰ এটা অতি উত্তম উপায়।চালাডে আপোনাৰ ভোক দীৰ্ঘ সময়ৰ বাবে পূৰণ কৰি ৰাখিব পাৰে। বিশেষকৈ যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰে, তেন্তে আপুনি ইয়াক আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰে।

কাঠফুলা

ওজন হ্ৰাসৰ বাবে আপুনি আপোনাৰ আহাৰত কাঠফুলা অন্তৰ্ভুক্ত কৰিব পাৰে। ইয়াত পোৱা আঁহ, ভিটামিন-ডি-য়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাশক্তিশালী কৰে।কাঠফুলা ভিটামিন-ডি সমৃদ্ধ হোৱাৰ বাবে ই ওজন তথা পেটৰ চৰ্বি হ্ৰাস কৰাত যথেষ্ট সহায় কৰে।

তিয়ঁহ

তিয়ঁহেও আপোনাক ওজন হ্ৰাস কৰাত সহায় কৰিব।কম তেলত তিয়ঁহ ভাজি অথবা চালাড হিচাপে আপুনি আপোনাৰ খাদ্য তালিকাত তিয়ঁহ অন্তৰ্ভূক্ত কৰিব পাৰে।কিন্তু তিয়ঁহ সদায় দিনৰ ভাগত খাবলৈ চেষ্টা কৰিব। ৰাতি তিয়ঁহ খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।

Also Read: ঘৰৰ সামগ্ৰীবোৰ কি দিশত ৰাখিলে বাস্তু ক্ৰুটি দূৰ হয় জানেনে ?

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin