Dailyhunt Logo
  • Light mode
    Follow system
    Dark mode
    • Play Story
    • App Story
Skincare: এই খাদ্য খালে শীতকালতো জিলিকি থাকিব আপোনাৰ ছাল

Skincare: এই খাদ্য খালে শীতকালতো জিলিকি থাকিব আপোনাৰ ছাল

ডিজিটেল ডেস্ক: গৰমৰ তুলনাত ঠাণ্ডা দিনত মানুহৰ শৰীৰটোত নানান সমস্যাই দেখা দিয়ে। ইয়াৰ ভিতৰত অন্যতম এক সমস্যা হৈছে শুকান ছালৰ সমস্যা। উষ্ণতা আৰু আৰ্দ্ৰতাৰ ঋতুগত তাৰতম্যই ছালখনক বহু বেছিকৈ ক্ষতি কৰিব পাৰে। এই সময়ছোৱাত শুকান ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আমি মূলতে খাদ্যত বহু সচেতন হ'ব লাগিব। শীতকালৰ শুকান ছালৰ সৈতে যুঁজিবলৈ আপুনি খাবলগীয়া কেতবোৰ খাদ্য হৈছে-

তিয়ঁহ

তিয়ঁহত যথেষ্ট পৰিমাণে পানী থাকে। শৰীৰটো 'হাইড্ৰেটেড' হৈ থকাত ই যথেষ্ট সহায় কৰিব পাৰে। যাৰ ফলত আপোনাৰ ছালখনেও আৰ্দ্ৰতা লাভ কৰে। তিয়ঁহত চিলিকা নামৰ এবিধ ভিটামিন পোৱা যায়, যিয়ে ছালৰ আৰ্দ্ৰতা আৰু কোমলতা বৃদ্ধি কৰাত সহায় কৰে।

মিঠা আলু

শীতকালীন আহাৰৰ তালিকাত সন্নিবিষ্ট এবিধ অন্যতম খাদ্য মিঠা আলু।

মিঠা আলুত ভিটামিন এ প্ৰচুৰ পৰিমাণে থাকে। ভিটামিন এ আমাৰ ছালৰ স্বাস্থ্যৰ বাবে খুবেই প্ৰয়োজনীয়। ইয়াত ৰেটিনইড আৰু কেৰোটিনইড থাকে, যি শুকান ছালৰ চিকিৎসাৰ এক অন্যতম উপাদান।

পালেং শাক

পালেং শাকত এ আৰু চি ভিটামিন প্ৰচুৰ পৰিমাণে থাকে।এই দুই ভিটামিনে ছালক পুষ্টি যোগান ধৰা কোলাজেন প্ৰস্তুত কৰাত সহায় কৰে। সেয়ে ছালখনক সুস্থ কৰি ৰখাত পালেং শাকৰ গুৰুত্ব যথেষ্ট বেছি। শীতকালত যথেষ্ট পৰিমাণে শাক-পাচলি উপলব্ধ হয়।সেয়ে ঠাণ্ডা দিনত পালেঙৰ লগতে আন শাক-পাচলিবোৰো খাদ্যৰ তালিকাত অন্তৰ্ভূক্ত কৰক আৰু সুস্থ থাকক।

Also Read: Protein Diet: কণীতকৈ অধিক প্ৰটিন থাকে এই ৫ টা সস্তা নিৰামিষ খাদ্যত

সূৰ্যমুখী ফুলৰ বীজ

সূৰ্যমুখী ফুলৰ বীজ ভিটামিন ইৰ এক সমৃদ্ধ উৎস। আমাৰ সকলোৰে জ্ঞাত যে ছাল মসৃণ ৰখাত ভিটামিন ইৰ ভূমিকা অপৰিসীম।ভিটামিন ইয়ে ‘হাইড্ৰেচন’ৰ বাবে ছালৰ আৱৰণ শক্তিশালী কৰি ৰাখে।এই ফুলৰ বীজত চেলেনিয়াম থাকে, যি ছালৰ সংক্ৰমণ প্ৰতিহত কৰাত সহায় কৰে।আনহাতে, ইয়াত থকা অমেগা ৬ ফেটি এছিডে ছালৰ সুস্থ বিকাশত অৰিহনা যোগায়।

কণী

কণীবোৰ পুষ্টিৰে ভৰপূৰ।কণীত থকা ভিটামিন বি৫, ভিটামিন এ আৰু ই ছালৰ বাবে অতি প্ৰয়োজনীয়। কণীয়ে সঠিক ছালৰ কাৰ্যক্ষমতা আৰু বাধা প্ৰতিৰক্ষা বজাই ৰখা কোষবোৰ প্ৰস্তুতত সহায় কৰে।কণীত থকা প্ৰদাহ আৰু ভিটামিন ডিয়ে ছালখন অধিক উজ্জ্বল কৰাত সহায় কৰে।

আখৰোট

আলফা-লিনোলেনিক এচিড হৈছে এক উদ্ভিদ আধাৰিত অমেগা ৩ ফেটি এচিড। এই এচিড আখৰোটত প্ৰচুৰ পৰিমাণে থাকে। ই ছালৰ আৰ্দ্ৰতা বজাই ৰাখি ছালৰ কোষবোৰ ৰক্ষা কৰি ছালৰ আৱৰণ উন্নত কৰাত সহায় কৰে।আখৰোটত আন বাদামৰ তুলনাত প্ৰায় দুগুণ এণ্টিঅক্সিডেণ্ট থাকে, যিয়ে ছালৰ বয়স বৃদ্ধি আৰু মুক্ত ৰেডিকেল ক্ষতি প্ৰতিহত কৰাত সহায় কৰে।

উল্লেখ্য, এই খাদ্যবোৰ কেৱল শুকান ছালৰ সমস্যা দূৰকৰাৰ বাবেই নহয়, শৰীৰৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰাতো এইকেইবিধ খাদ্যৰ ভূমিকা অপৰিসীম।

বি. দ্ৰ: এই নিবন্ধটোৰ তথ্যসমূহ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰা হৈছে। ই আপোনাক সমগ্ৰ বিষয়টো সন্দৰ্ভত প্ৰাৰম্ভিক ধাৰনা কৰাত সহায় কৰিব। অধিক পৰামৰ্শৰ বাবে আপুনি বিশেষজ্ঞ অথবা চিকিৎসকৰ সহায় ল’ব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin