Dailyhunt
পাছপ'ট, ভিজাত সমস্যা থাকিলে ভ্ৰমণ কৰিব এই গুৰুদ্বাৰ

পাছপ'ট, ভিজাত সমস্যা থাকিলে ভ্ৰমণ কৰিব এই গুৰুদ্বাৰ

ডিজিটেল ডেস্ক: ভাৰত এখন অতি ধৰ্মীয় দেশ। বিশ্বাস অনুসৰি, ৩ কোটিতকৈও অধিক দেৱ-দেৱীক ভাৰতীয়সকলে পূজা-অৰ্চনা কৰে। সকলো ভাৰতীয়ই ঈশ্বৰ ওপৰত ভৰষা কৰিয়েই দিনটো আৰম্ভ কৰে। কিন্তু ভাৰতত এনে দুটা অদ্ভুত মন্দিৰ আছে, য'ত কৰা হয় বাহনৰ পূজা।হয়, আজি এই মন্দিৰৰ বিষয়ে জানো আহক-

বুলেট বাবা, যোধপুৰ

এই মন্দিৰৰ নাম শুনিয়েই মন্দিৰটো যে ব্যতিক্ৰম তাক অনুমান কৰিব পাৰি। যোধপুৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত বান্দাই গাঁৱত আছে এই মন্দিৰটো।ইয়াত ভক্তসকলে ঈশ্বৰক নহয়, এখন এনফিল্ড মটৰ চাইকেলৰ উপাসনা কৰে। এই মটৰ চাইকেলখন গ্লাছৰে নিৰ্মিত এটা বক্সৰ ভিতৰত থাকে যদিও সন্মুখৰ অংশটো খোলা হৈ থাকে। যাত্ৰা শুভ তথা সুৰক্ষিত হোৱাৰ বাবে ভক্তসকলে এই মন্দিৰত প্ৰাৰ্থনা কৰে।

ভক্তসকলৰ মতে, এই মটৰ চাইকেলখনৰ অতি প্ৰাকৃতিক শক্তি আছে। এই মটৰ চাইকেল খনৰ গৰাকী আছিল ওম বান্না। কিন্তু এক শোকাৱহ মটৰ চাইকেল দুৰ্ঘটনাত বান্নাই অকালতে মৃত্যুক সাবটিবলগীয়া হৈছিল। দুৰ্ঘটনাৰ পাছত আৰক্ষীয়ে এই মটৰ চাইকেলখন জব্দ কৰে যদিও কেইদিনমান পাছতে আৰক্ষী থানাৰ পৰা নাইকিয়া হৈ মটৰ চাইকেলখন নিজে নিজে দুৰ্ঘটনাস্থলীত উপস্থিত হয়।এই ঘটনা এবাৰেই নহয়, বহুবাৰ ঘটিছে।গাওঁবাসীয়ে বিশ্বাস কৰে যে ওম বান্না এই বাইকখনত আছে আৰু তেওঁ লোকসকলক সুৰক্ষিতভাৱে গাড়ী চলাবলৈ আশীৰ্বাদ দিয়ে।

এৰ’প্লেন গুৰুদ্বাৰ, জলন্ধৰ

পঞ্জাৱৰ জলন্ধৰত আছে এই এৰ’প্লেন গুৰুদ্বাৰ।এই গুৰুদ্বাৰত বহুকেইখন সৰু সৰু এৰ’প্লেনক উপাসনা কৰা হয়। এই গুৰুদ্বাৰলৈ গ’লে পাছপ’ৰ্ট আৰু ভিছা সম্পৰ্কীয় সকলো সমস্যা দূৰ হয় বুলি বিশ্বাস কৰা হয়। সেয়েহে, ভিছা আৰু পাছপ’ৰ্ট বনোৱাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱা লোকসকলে এই গুৰুদ্বাৰ দৰ্শন কৰে।

Also Read: পৃথিৱীৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক’ত আছে জানেনে ?

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin