Dailyhunt
পাকঘৰৰ সকলো মচলা স্বাস্থ্যৰ বাবে হানিকাৰক নহয়

পাকঘৰৰ সকলো মচলা স্বাস্থ্যৰ বাবে হানিকাৰক নহয়

ডিজিটেল ডেস্ক: স্বাস্থ্য ভালে ৰাখিবলৈ মছলা জাতীয় খাদ্য পৰাপক্ষত নোখোৱাই ভাল। কিন্তু আমাৰ পাকঘৰত এনে বহু মছলা আছে, যিসমূহ স্বাস্থ্যৰ বাবে অতি উপকাৰী। খাদ্যৰ সোৱাদ বৃদ্ধি কৰাতো এই মছলাই অতি গুৰুতৰ ভূমিকা পালন কৰে। হালধি, জালুক, আজৱাইন, তেজপাত আদি হৈছে এনে কেইবিধমান মছলা। বিশেষকৈ হালধি আৰু জালুক স্বাস্থ্যৰ বাবে আশীৰ্বাদতকৈ কোনোগুণে কম নহয়। আয়ুৰ্বেদৰ মতে, হালধি আৰু জালুক প্ৰকৃততে এক প্ৰকাৰ ঔষধ। এই দুয়োটা বস্তুৰ প্ৰদাহ প্ৰতিৰোধী আৰু বেক্টেৰিয়া প্ৰতিৰোধী গুণাগুণ আছে, যি বিভিন্ন প্ৰকাৰৰ ৰোগৰ পৰা শৰীৰটোক সুৰক্ষা দিয়ে।আপুনি আপোনাৰ আহাৰত হালধি আৰু জালুক একেলগে মিহলি কৰি পানীয় হিচাপে অন্তৰ্ভুক্ত কৰিব পাৰে।

হালধি আৰু জালুক খালে কি কি সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি, সেই বিষয়ে আজি জানো আহক-

দূৰ কৰে শৰীৰ ফুলা সমস্যা

হালধি আৰু জালুকৰ পানী খালে শৰীৰৰ বিভিন্ন অংশৰ ফুলাৰ সমস্যাৰ পৰা হাত সাৰি চলিব পাৰি। এই দুয়োটা বস্তুৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ আছে যি প্ৰদাহ হ্ৰাস কৰাত সহায় কৰে।


ওজন হ্ৰাসত সহায়ক

হালধি আৰু জালুক মিহলি পানী খালে, ই আপোনাক ওজন হ্ৰাসত যথেষ্ট সহায় কৰিব পাৰে। এই পানীয়ে শৰীৰৰ ‘ফেট বাৰ্ণাৰ’ হিচাপে কাম কৰে।কিছুদিনৰ বাবে নিয়মীয়াকৈ এই পানী খোৱাৰ অভ্যাস কৰি নিজেই ফলাফল লাভ কৰক।

উপশম কৰে গাঁঠিৰ বিষ

হালধি আৰু জালুকৰ পানী খোৱাটোৱে গাঁঠিৰ বিষৰ পৰাও সকাহ দিয়ে। ইয়াত পোৱা প্ৰদাহ-প্ৰতিৰোধী গুণাগুণবোৰে প্ৰদাহ ৰক্ষা কৰাৰ লগতে গাঁঠিৰ বিষ উপশম কৰাত সহায় কৰে।

ডায়েবেটিচত উপকাৰী

ক'লা জালুক আৰু হালধি পানী ডায়েবেটিচ ৰোগীসকলৰ বাবে অতি উপকাৰী। ইয়াক সেৱন কৰি ইনচুলিনৰ স্তৰ নিয়ন্ত্ৰণ কৰা হয় আৰু ৰক্ত শৰ্কৰাও নিয়ন্ত্ৰণত থাকে।

আৰ্থ্ৰাইটিছৰ বাবে উপকাৰী

এই পানী খোৱাটো আৰ্থ্ৰাইটিছ ৰোগীসকলৰ বাবেও যথেষ্ট উপকাৰী হ'ব পাৰে। এই পানী খোৱাটোৱে গাঁঠি আৰু হাড়ৰ বিষ আৰু ফুলাত সকাহ দিয়ে।

হ্ৰাস কৰে কৰ্কট ৰোগৰ আশংকা

হালধি আৰু জালুকৰ পানী খোৱাটোৱে কৰ্কট ৰোগৰ আশংকাও হ্ৰাস কৰে। এইবোৰত কাৰকিউমিন নামৰ পুষ্টি থাকে, যি কৰ্কট কোষবোৰ আঁতৰ কৰাত সহায় কৰে। অধ্যয়ন মতে, স্তনৰ কৰ্কট, গেষ্ট্ৰিক, পাকস্থলীৰ কৰ্কট আৰু লিউকেমিয়া কৰ্কট হ্ৰাস কৰাত হালধি অতি উপকাৰী।

Also Read: Cucumber Benefits: তিয়ঁহৰ স্বাস্থ্য উপকাৰিতা

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin