Dailyhunt
কোষ্ঠকাঠিন্যৰ পৰা গাঁঠিৰ বিষলৈকে সকলো হ'ব দূৰ

কোষ্ঠকাঠিন্যৰ পৰা গাঁঠিৰ বিষলৈকে সকলো হ'ব দূৰ

ডিজিটেল ডেস্ক : কোষ্ঠকাঠিন্য, আৰ্থ্ৰাইটিছ বা গাঁঠিৰ বিষৰ দৰে সমস্যাত বহুতেই যাতনা ভোগে। আপুনিও যদি ভোক্তভোগী, তেতিয়া এক আয়ুৰ্বেদিক প্ৰতিকাৰ আপোনাৰ বাবে অত্যন্ত লাভজনক হ'ব পাৰে। হয়, মাত্ৰ ১৫ দিনৰ বাবে খালী পেটত তিয়াই থোৱা মেথি গুটি খালে আপুনি বহু ৰোগৰ পৰা বাচি থাকিব পাৰে।

তিয়াই থোৱা মেথি গুটি খোৱাৰ অবিশ্বাস্য লাভালাভ

শক্তিশালী কৰে পাচন তন্ত্ৰ

তিয়াই থোৱা মেথি গুটিত যথেষ্ট পৰিমাণে আঁহ থাকে, যিয়ে পাচন তন্ত্ৰ শক্তিশালী কৰে। ই কোষ্ঠকাঠিন্য হ্ৰাস কৰাৰ লগতে অন্ত্ৰ পৰিস্কাৰ কৰে। নিয়মীয়াকৈ খালে এচিডিটি, পাকস্থলী জ্বলা আৰু গেছৰ সমস্যাৰ পৰা সকাহ দিয়াৰ লগতে খাদ্য সঠিকভাৱে হজম কৰাত সহায় কৰে। যিসকলে সঘনাই পেটৰ বিষ, বদহজম বা এচিডিটিৰ সমস্যাত ভোগে, তেওঁলোকৰ বাবে তিয়াই থোৱা মেথি গুটি খোৱাটো অত্যন্ত উপকাৰী হ'ব পাৰে।

শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ

তিয়াই থোৱা মেথি ডায়েবেটিছ ৰোগীৰ বাবে আশীৰ্বাদতকৈ কম নহয়। ইয়াত থকা উপাদানে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। বিশেষকৈ টাইপ-২ ডায়েবেটিছ ৰোগীৰ বাবে ই অত্যন্ত উপকাৰী বুলি প্ৰমাণিত হৈছে। মেথিত থকা ‘গেলেক্ট’মেনন’ নামৰ আঁহে তেজত চেনি শোষণ প্ৰক্ৰিয়াটো লেহেমীয়া কৰে, যাৰ বাবে গ্লুক’জৰ মাত্ৰা সুস্থিৰ হৈ থাকে। তদুপৰি, ইয়াত থকা এমিন’ এচিডে ইনচুলিন হৰম’নৰ উৎপাদন বৃদ্ধি কৰাত সহায় কৰে।

ওজন হ্ৰাসত সহায়ক

যদি আপুনি ওজন কমাবলৈ সংগ্ৰাম কৰি আছে, তেন্তে মেথি আপোনাৰ বাবে অতি ফলপ্ৰসূ হ’ব পাৰে। তিয়াই থোৱা মেথিয়ে বিপাকীয় ক্ৰিয়া ক্ষীপ্ৰ কৰে আৰু শৰীৰত জমা হোৱা চৰ্বি কমোৱাত সহায় কৰে। ইয়াত থকা আঁহে ভোক নিয়ন্ত্ৰণ কৰে আৰু অতিমাত্ৰা খাদ্য খোৱাৰ ইচ্ছা কমাই দিয়ে। যাৰ ফলত অপ্ৰয়োজনীয় কেলৰি গ্ৰহণ কমি যায়। যদি আপুনি নিয়মিতভাৱে খোৱা আৰম্ভ কৰে তেন্তে ই আপোনাৰ শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ বাহিৰ কৰাতো সহায় কৰে আৰু ওজন হ্ৰাস প্ৰক্ৰিয়াটো ক্ষিপ্ৰ কৰে। ৰাতিপুৱা খালী পেটত তিয়াই থোৱা মেথি গুটি খালে পেটটো অধিক সময়লৈকে ভৰপূৰ অনুভৱ হয়, যাৰ ফলত আপোনাৰ বাবে সঘনাই খোৱাৰ অভ্যাস নিয়ন্ত্ৰণ কৰাটো সহায়ক হ’ব পাৰে।

সুস্থ কৰি ৰাখে হৃদযন্ত্ৰ

নিয়মিতভাৱে তিয়াই থোৱা মেথি খালে শৰীৰত থকা বেয়া কলেষ্টেৰলৰ পৰিমাণ কমি যায়, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয়। ই তেজৰ সোঁত উন্নত কৰে আৰু ধমনীত তেজ বন্ধ হোৱা প্ৰক্ৰিয়া ৰোধ কৰে। যাৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰ’কৰ সম্ভাৱনা কম হয়। তদুপৰি, ইয়াত থকা এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী উপাদানে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। যদি আপুনি আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ বিচাৰে, তেন্তে প্ৰতিদিনে পুৱা তিয়াই থোৱা মেথি খাবলৈ আৰম্ভ কৰক।

বাতবিষ, গাঁঠিৰ বিষৰ পৰা উপশম

মেথিত থকা প্ৰদাহ নিবাৰণকাৰী গুণে বাত বিষ আৰু গাঁঠিৰ বিষৰ পৰা উপশম পোৱাত সহায় কৰে। ফুলা কমোৱাত আৰু শৰীৰৰ নমনীয়তা বজাই ৰখাত ই সহায়ক। যিসকল বাত বিষ, অষ্টিঅ’আৰ্থাইটিছ অথবা বাত বিষত আক্ৰান্ত তেওঁলোকৰ বাবে এই ঘৰুৱা উপায় অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। মেথিৰ গুটিত কেলচিয়াম, আইৰণ আৰু ফছফৰাছ থাকে, যিয়ে হাড় মজবুত কৰে আৰু গাঁঠিত লুব্ৰিকেচন বজাই ৰাখে। প্ৰতিদিনে ৰাতিপুৱা তিয়াই থোৱা মেথি খালে কেইসপ্তাহমানৰ ভিতৰতে গাঁঠিৰ বিষ আৰু ফুলা কমি যাব পাৰে।

চুলি-ছালৰ বাবে উপকাৰী

মেথি গুটিত থকা এন্টিঅক্সিডেন্ট আৰু পুষ্টিকৰ উপাদানে চুলিক মজবুত আৰু চিকচিকিয়া কৰি তোলে। ই মূৰৰ ছালত ৰক্ত সঞ্চালন বৃদ্ধি কৰি চুলিৰ গুৰি শক্তিশালী কৰে আৰু উফিৰ সমস্যাৰ পৰাও সকাহ দিয়ে। যদি আপুনি চুলিৰ সমস্যাবোৰত ভাৰাক্ৰান্ত হৈ আছে, তেন্তে তিয়াই থোৱা মেথি গুটি খোৱাৰ লগতে ইয়াৰ মেথি গুটিৰে তৈয়াৰী চুলিৰ মাস্ক লগাব পাৰে।

মেথিৰ গুটি ছালৰ বাবেও অতি উপকাৰী। ই ছালৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই ছালখনক পৰিস্কাৰ আৰু উজ্জ্বল কৰি তোলে। ইয়াত থকা এন্টি-বেক্টেৰিয়েল গুণে শালমইনা, বলিৰেখাৰ সমস্যা দূৰ কৰাত সহায় কৰে। দৈনিক খালে ছালখন চিৰযৌৱনা হৈ থাকে আৰু মুখমণ্ডললৈ প্ৰাকৃতিক উজ্জ্বলতা আনে।

তিয়াই থোৱা মেথি কেনেকৈ খাব?

এচামুচ মেথি গুটি পানীত ৰাতি তিয়াই থ’ব। ৰাতিপুৱা উঠি মেথি গুটিখিনি খালি পেটত খাব লাগে। একেৰাহে ১৫ দিন খালেই আপুনি বহু স্বাস্থ্য সমস্যাৰ পৰা পৰিত্ৰাণ লাভ কৰিব। তিয়াই থোৱা মেথি গুটি স্বাস্থ্যৰ বাবে অতি উপকাৰী আৰু আয়ুৰ্বেদত ইয়াক প্ৰাকৃতিক ঔষধ বুলি গণ্য কৰা হয়। যদি আপুনিও আপোনাৰ স্বাস্থ্য উন্নত কৰিব বিচাৰে, তেন্তে মেথি গুটি খোৱাটো আপোনাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।

বি. দ্ৰ: যদি আপুনি কোনো গুৰুতৰ ৰোগত আক্ৰান্ত বা কোনো ঔষধ গ্ৰহণ কৰি আছে, তেন্তে মেথি গুটি খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব।

Also Read: কি ৰোগ হ’লে কোনবিধ ফল খাব লাগে জানি লওঁক

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin