Dailyhunt
ফ্ৰীজত কণী ৰখা অভ্যাস আজিয়েই এৰক

ফ্ৰীজত কণী ৰখা অভ্যাস আজিয়েই এৰক

ডিজিটেল ডেস্ক: কণীৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। কণী হৈছে প্ৰ'টিন আৰু কেলচিয়ামৰ এক উৎকৃষ্ট উৎস।কণী প্ৰ'টিন আৰু অন্যান্য জৈৱিক যৌগ সমৃদ্ধ হোৱাৰ বাবে নষ্ট হোৱাৰ সম্ভাৱনা অধিক। যাৰ বাবে আমি সকলোয়ে কণী বেয়া নহ'বলৈ ফ্ৰীজত ৰাখো। কিন্তু শেহতীয়া এক অধ্যয়ন অনুসৰি, কণী ফ্ৰীজত ৰাখিলে সেয়া আৰু খোৱাৰ উপযোগী হৈ নাথাকে। কোঠাৰ উষ্ণতাত ৰাখিলেহে কণী খোৱাৰ বাবে উপযোগী। কণী কিয় ফ্ৰীজত ৰাখিব নালাগে, তাৰ কাৰণ সম্পৰ্কে আজি জানো আহক-

কণী সোনকালে নপচে

কোঠাৰ উষ্ণতাত ৰখা কণীবোৰ ফ্ৰীজত ৰখা কণীতকৈ বেছিদিন ভাল হৈ থাকে। ফ্ৰীজত বেছিদিন থৈ পিছত বাহিৰলৈ উলিয়াই আনিলে কিছুমান কণী বেয়া হৈ যায়।

বেকিঙৰ বাবে উত্তম

সকলো বেকিং ৰেচিপিত কোঠাৰ উষ্ণতাত ৰখা কণী ব্যৱহাৰ কৰা উচিত। কিয়নো ফ্ৰীজত থকা কণীতকৈ বাহিৰত ৰখা কণী ব্যৱহাৰ কৰিলে বনোৱা সামগ্ৰীটো ভালদৰে ফুলি উঠে।গতিকে, যদি আপুনি বেকিং প্ৰক্ৰিয়াত কণী ব্যৱহাৰ কৰে, কণীবোৰ কোঠাৰ উষ্ণতাত ৰাখিব।

হ্ৰাস কৰে ক্টেৰিয়াৰ বিকাশ

কণী ফ্ৰীজত ৰাখি তাৰ পিছত কোঠাৰ উষ্ণতালৈ আনিলে বেক্টেৰিয়া বিকাশৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি হয়। সেই বেক্টেৰিয়া কণীত সোমালে ই ব্যৱহাৰৰ বাবে অনুপযোগী হৈ পৰে।সেয়ে কণী সদায় কোঠাৰ উষ্ণতাতে ৰাখিব লাগে।

Also Read: শৰীৰত তেজ কমিছে? আজিৰ পৰাই খোৱা আৰম্ভ কৰক এই খাদ্য

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin