ডিজিটেল ডেস্ক: এক আজৱ ঘটনা ! শিৰোনাম পঢ়ি হয়তো আপুনি এই ঘটনাৰ বিষয়ে কিছু অনুমান কৰিব পাৰিছে। এই ঘটনাটো ঘটিছে প্ৰেমৰ চহৰ আগ্ৰাত। এযোৰ ছেণ্ডেলৰ বাবেই স্বামীৰ সৈতে সংঘাত হৈ মহিলাগৰাকীয়ে বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ কাষ চাপিছে।
দৰাচলতে, চৰ্চিত এই দম্পতীহালে ২০২৪ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। মহিলাগৰাকীৰ হাই হিল অৰ্থাৎ ওখ গোৰোহাৰ ছেণ্ডেল পিন্ধাৰ খুব চখ আছিল। বিয়াৰ পিছত তেওঁ স্বামীক প্ৰায়ে ওখ গোৰোহাৰ ছেণ্ডেল আনি দিবলৈ কৈছিল। কিন্তু ওখ গোৰোহাৰ চেণ্ডেল পিন্ধি এদিন মহিলাগৰকী লুটি খাই পৰি আঘাতপ্ৰাপ্ত হৈয়। যাৰ বাবে পৰৱৰ্তী সময়ত স্বামীয়ে তেওঁক এনে ছেণ্ডেল আনি দিবলৈ অমান্তি হৈছিল।
এই বিষয়টোক কেন্দ্ৰ কৰিয়েই দুয়ো পতি-পত্নীৰ মাজত প্ৰায়ে সংঘাতৰ সৃষ্টি হৈছিল।
Also Read:এইকেইটা কথা মনত ৰাখিব

