Dailyhunt
পৰুৱা-চৰাইক খাদ্য খুওৱাৰ উপকাৰিতা জানিলে আচৰিত হ'ব আপুনি

পৰুৱা-চৰাইক খাদ্য খুওৱাৰ উপকাৰিতা জানিলে আচৰিত হ'ব আপুনি

ডিজিটেল ডেস্ক: মানুহক যিদৰে খাদ্যৰ প্ৰয়োজন, চৰাই-চিৰিকটি, জন্তুকো বাচি থাকিবলৈ খাদ্যৰ প্ৰয়োজনীয়। মানুহে ভোক লাগিলে নিজে খাদ্য প্ৰস্তুত কৰি খায়, কিন্তু চৰাই-জন্তুবোৰৰ ভোক লাগিলে সময়মতে খাদ্য বিচাৰি নাপাবও পাৰে। সেয়ে, বিজ্ঞজনে চৰাই-চিৰিকতি, জন্তুক সামৰ্থ অনুসৰি খাদ্য খুৱাবলৈ পৰামৰ্শ দিয়ে। বাস্তু শাস্ত্ৰৰ মতেও জন্তু, চৰাই- চিৰিকটিক খাদ্য খুওৱাটো খুব পুণ্যৰ কাম। আজি এই বিষয়ে ভালদৰে জানো আহক-

গৰুক ঘাঁহ খুৱাব

বিশ্বাস অনুসৰি, নৱগ্ৰহক শান্ত কৰাৰ ক্ষেত্ৰত গৰুৰ প্ৰভাৱ যথেষ্ট আছে। গৰুক খাদ্য খুৱালে মা লক্ষ্মী সন্তুষ্ট হয় আৰু ভক্তসকলক মানসিক শান্তি আৰু সুখী জীৱনৰ আশীৰ্বাদ দিয়ে। তদুপৰি, ৰাশিফলত বুধ গ্ৰহক শান্ত কৰিবলৈও গৰুক ঘাঁহ খুওৱাটো শুভ বুলি গণ্য কৰা হয়।

মেকুৰীয়ে আঁতৰ কৰে দুৰ্ভাগ্য

মেকুৰীক খাদ্য দিয়াৰ ফলত ব্যক্তিজনৰ ওপৰত পৰা যিকোনো ধৰণৰ কুপ্ৰভাৱ হ্ৰাস হয়। তদুপৰি, যদি জীৱনত ৰাহুৰ অশুভ প্ৰভাৱৰ বাবে সমস্যা আহি আছে, তেন্তে সেইবোৰো আঁতৰি যায়। মেকুৰীক খাদ্য দি আপুনি আপোনাৰ পৰিয়ালৰ লোকসকলৈ সৌভাগ্য কঢ়িয়াই আনিব পাৰে।

পৰুৱাই আনে সৌভাগ্য

বিশ্বাস অনুসৰি, যদি ক'লা পৰুৱাক চাউলৰ সৈতে চেনী মিহলি কৰি খাবলৈ দিয়া হয়, তেনেহ'লে ই পৰিয়াললৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িওৱাৰ লগতে সকলোলৈকে সৌভাগ্য কঢ়িয়াই আনে।

স্বাস্থ্য ভালে ৰাখিবলৈ চৰাইক খুৱাওক

ভাল কেৰিয়াৰ আৰু স্বাস্থ্যৰ বাবে চৰাইক খুবলৈ দিয়াটো অতি শুভ বুলি গণ্য কৰা হয়। বিশ্বাস অনুসৰি, ই ৰাশিফলত থকা ৰাহু-কেতুৰ মহাদশাও উন্নত কৰে।

কুকুৰক ৰুটী খুৱাওক

ঘৰত কুকুৰ থাকিলে নেতিবাচক শক্তি আঁতৰ হয় আৰু কেতিয়াও ঘৰত কাৰো কুদৃষ্টি নপৰে।তদুপৰি কুকুৰক ৰুটী খুৱালে শনি দোষ, শনিৰ সদাসতীও আঁতৰ হোৱাৰ লগতে কামৰ সমস্যা আৰু বাধাবোৰো দূৰ হয়।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin