Dailyhunt
কিদৰে ল'ব সাৱধানতা, জানি লওঁক

কিদৰে ল'ব সাৱধানতা, জানি লওঁক

ডিজিটেল ডেস্ক: হৃদযন্ত্ৰ, হাঁওফাঁও আৰু যকৃতৰ দৰে, কিডনী বা বৃক্কয়েও আমাৰ শৰীৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেতিয়া বৃক্কয়ে নিজৰ কাম সঠিকভাৱে নকৰে, ব্যক্তিজনৰ স্বাস্থ্যৰ অৱনতি হ'বলৈ আৰম্ভ কৰে। বৃক্কৰ কাম হৈছে প্ৰস্ৰাৱৰ জৰিয়তে আমাৰ শৰীৰৰ পৰা বিষাক্ত উপাদানবোৰ আঁতৰ কৰা। কিন্তু যেতিয়া বৃক্কয়ে এই কাম সঠিকভাৱে কৰিব নোৱাৰে, তেতিয়া বৃক্কৰ সংক্ৰমণ, বৃক্কৰ কৰ্কট ৰোগ তথা ই সম্পূৰ্ণ ৰূপে বিকল হৈ পৰে। বৃক্কত কৰ্কট ৰোগ আৰম্ভ হ'লে শৰীৰত কেতবোৰ বিশেষ লক্ষণে দেখা দিয়ে।

বৃক্কৰ কৰ্কট ৰোগ কি ?

বিশেষজ্ঞসকলৰ মতে, যেতিয়া এটা বা দুয়োটা বৃক্কৰ কোষত কেতবোৰ পৰিৱৰ্তন হয়, তেতিয়া বৃক্কৰ কৰ্কট ৰোগ আৰম্ভ হয়। এনে পৰিস্থিতিত, কোষবোৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়।

ইয়াৰ ফলত কিডনীকৰ্টিকেল টিউমাৰ নামৰ কোষৰ এটা গোট গঠন হয়। এই টিউমাৰটো অধিক গুৰুতৰ হ'ব পাৰে। নিৰন্তৰ টিউমাৰৰ বিকাশৰ ফলতো কৰ্কট ৰোগ হ'ব পাৰে। কোষবোৰৰ পৰিৱৰ্তন মুখ্যতঃ ডিএনএৰ পৰিৱৰ্তনৰ বাবে হ'ব পাৰে।

বৃক্ক হৈছে শৰীৰৰ অন্যতম মুখ্য অংগ যদিও আপুনি ইয়াক চাব বা স্পৰ্শ কৰিব নোৱাৰে।যাৰ বাবে বৃক্কৰ কৰ্কট ৰোগো সহজে চিনাক্ত কৰা নহয়। তদুপৰি, বৃক্কত সমস্যা হ'লে শৰীৰত কিছুমান সচৰাচৰ লক্ষণে দেখা দিয়ে। বহু সময়ত মানুহে আৰম্ভণিতে এই চিহ্নবোৰ উপেক্ষা কৰে আৰু তৃতীয় বা চতুৰ্থ পৰ্যায়ত উপনীত হোৱাৰ পিছত ইয়াৰ চিকিৎসা কঠিন হৈ পৰে।যাৰ বাবে কোনো এজন ব্যক্তিৰ অকালতে মৃত্যু হ'ব পাৰে।

এই ৰোগৰ লক্ষণ

বৃক্কৰ কৰ্কট ৰোগৰ মুখ্য লক্ষণবোৰ হৈছে প্ৰস্ৰাৱৰ দ্বাৰা ৰক্তক্ষৰণ। অৱশ্যে আন বহু স্বাস্থ্য সমস্যাৰ বাবেও প্ৰস্ৰাৱৰ সৈতে তেজ ওলায়। ইয়াৰ আন আন লক্ষণবোৰ হৈছে-

. পিঠি আৰু তল পেটত বিষ।

. পেট বা পিঠিৰ তলফালে গধুৰ গধুৰ অনুভৱ হোৱা।

. সঘনাই জ্বৰ উঠা।

যদি আপুনিও আপোনাৰ শৰীৰত ইয়াৰে এটা হ'লেও লক্ষণে দেখা দিয়ে, লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব।

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin