Dailyhunt
আজিৰ পৰাই বেছিকৈ নিমখ খোৱা বাদ দিয়ক

আজিৰ পৰাই বেছিকৈ নিমখ খোৱা বাদ দিয়ক

ডিজিটেল ডেস্ক: দুৰ্বল জীৱনশৈলীৰ বাবে সম্প্ৰতি ডায়েবেটিচৰ দৰে দুৰাৰোগ্য ৰোগ তুলনামূলকভাৱে বৃদ্ধি হৈছে।জাংক ফুড আৰু চেনী ডায়েবেটিচৰ মূখ্য কাৰণ বুলি গণ্য কৰা হয়।কিন্তু আপুনি জানি আচৰিত হ'ব যে নিমখো হৈছে ডায়েবেটিছৰ অন্যতম কাৰণ। হয়, টাইপ ২ ডায়বেটিছৰ অন্যতম কাৰণ নিমখ।যিসকলে টাইপ ২ ডায়বেটিছৰ পৰা হাত সাৰি থাকিবলৈ বিচাৰে, তেওঁলোকে অতিৰিক্ত নিমখ খোৱা বাদ দিয়ক।

টুলেন বিশ্ববিদ্যালয়ত প্ৰকাশিত এক অধ্যয়নত পোহৰলৈ আহিছে সকলোকে আচৰিত কৰা এই তথ্য। বিগত ১১ বছৰ ধৰি চাৰি লাখতকৈও অধিক লোকৰ ক্ষেত্ৰত কৰা এই গৱেষণা কৰা হৈছিল। য'ত ১৩ হাজাৰৰো অধিক লোকৰ দেহত টাইপ ২ ডায়েবেটিছ ধৰা পৰে।

কি আছে অধ্যয়নত ?

এই অধ্যয়নত পোহৰলৈ আহিছে যে যিসকল লোকে কেতিয়াবা বা সদায়ে তেওঁলোকৰ খাদ্যত অত্যাধিক নিমখ খায়, তেওঁলোকৰ টাইপ ২ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা সীমিত পৰিমাণে খোৱা লোকৰ তুলনাত ১৩%, ২০% আৰু ৩৯% অধিক হ'ব পাৰে।

এই অধ্যয়ন সন্দৰ্ভত লেখক আৰু টুলেন ইউনিভাৰ্চিটি স্কুল অৱ পাব্লিক হেল্থ এণ্ড ট্ৰপিকেল মেডিচিনৰ মুৰব্বীয়ে কয়, 'আমি ইতিমধ্যে জানো যে নিমখ সেৱন সীমিত কৰিলে হৃদৰোগ আৰু উচ্চ ৰক্তচাপৰ আশংকা হ্ৰাস হ'ব পাৰে, কিন্তু এই অধ্যয়নটোৱে প্ৰথমবাৰৰ বাবে দেখুৱাইছে যে খাদ্যৰ সৈতে অতিৰিক্ত নিমখ অন্তৰ্ভূক্ত নকৰিলে টাইপ ২ ডায়েবেটিছৰ পৰা হাত সাৰি থাকিব পাৰি।অধিক নিমখ খোৱাৰ ফলত টাইপ ২ ডায়েবেটিছৰ আশংকা বৃদ্ধি হোৱাৰ লগতে মেদবহুলতাৰ দৰে সমস্যাও হয়।'

Also Read: এটা নহয়, বহু ৰোগৰ ঔষধ ‘ব্লেক’ কফি

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin