Dailyhunt
সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া, স্পষ্টীকৰণ দিলে সংশ্লিষ্ট কৰ্তৃপক্ষই

সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া, স্পষ্টীকৰণ দিলে সংশ্লিষ্ট কৰ্তৃপক্ষই

ডিজিটেল ডেস্ক: প্ৰায় সকলো বয়সৰ লোকই সম্প্ৰতি ৰীলৰ আসক্তিত ভুগিছে বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব।বিখ্যাত হ'বলৈ একাংশই অতি আজৱ কাণ্ডৰ সহায় লয়।শেহতীয়াকৈও ৰীলৰ আসক্তিত ভোগা এগৰাকী মহিলাৰ কৰ্ম-কাণ্ডই সকলোকে আচৰিত কৰিছে।হয়, এই মহিলাগৰাকীয়ে মন্দিৰলৈ গৈ ভগৱানৰ সন্মুখত কেক কাটি জন্মদিন উদযাপন কৰাৰ এটা ৰীল তৈয়াৰ কৰিছে।যিটোক কেন্দ্ৰ কৰি সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ভাইৰেল হৈ থকা এটা ভিডিঅ'ত দেখা পোৱা মতে, ছ'চিয়েল মেডিয়া প্ৰভাৱশালী এগৰাকী মহিলাই কাশীৰ কোতৱাল বাবা কালভৈৰৱৰ মন্দিৰত উপস্থিত হৈ ঈশ্বৰৰ আশীৰ্বাদ লয়।ইয়াৰ পাছত তেওঁ মন্দিৰৰ ভিতৰতে জন্মদিনৰ কেক কাটি বাবা কালভৈৰৱলৈ আগবঢ়ায়।

আচৰিত ধৰণে এই সময়ছোৱাত মন্দিৰত উপস্থিত থকা পুৰাজীয়েও কোনো আপত্তি উত্থাপন কৰা নাছিল।

মন্দিৰৰ গৰ্ভগৃহত কেক কাটি থকা ভিডিঅ' পোহৰলৈ অহাৰ পিছতে এতিয়া এই বিশেষ মহিলাগৰাকীৰ বিৰুদ্ধে সচেতন মহল গৰজি উঠিছে।একাংশই ইয়াক নিকৃষ্ট কৰ্ম আখ্যা দি মহিলাগৰাকীৰ বিৰুদ্ধে তেওঁলোকৰ আপত্তি পঞ্জীয়ন কৰিছে। তেওঁলোকৰ মতে, কাশীৰ কোতৱালৰ সন্মুখত এনে কাৰ্য্য কৰাটো বৰ দুখজনক।এই বিতৰ্কৰ পিছত মন্দিৰৰ পুৰোহিত মোহিত যোগেশ্বৰে দিয়া স্পষ্টীকৰণ মতে, মন্দিৰৰ গৰ্ভগৃহত কেক কাটি জন্মদিন উদযাপন কৰোটো উচিত নহয়।মহিলাগৰাকীক ভিডিঅ' আৰু ফটো ল'বলৈ নিষেধ কৰা হৈছিল যদিও তেওঁ সন্মত হোৱা নাছিল।

এই সমগ্ৰ বিষয়টো সন্দৰ্ভত কাশী বিদৱত পৰিষদৰ সাধাৰণ সম্পাদক ড০ ৰামনাৰায়ণ দ্বিবেদীয়ে কয় যে, এয়া একেবাৰেই গ্ৰহণযোগ্য নহয়। উপাসনাস্থলীত সদায় ঈশ্বৰৰ উপাসনা কৰা উচিত। মন্দিৰ পৰিচালনা সমিতিয়ে মন্দিৰৰ মৰ্যাদাৰ যত্ন ল'ব লাগিব।উল্লেখ্য যে, কাশীৰ কোতৱাল বাবা কালভৈৰৱ মন্দিৰ হৈছে বাৰাণসীৰ এক বিখ্যাত ধৰ্মীয় স্থান, যি ভগৱান শিৱৰ ভৈৰৱ ৰূপৰ উপাসনা কৰা হয়। বাবা কালভৈৰৱক 'কাশীৰ কোতৱাল' অৰ্থাৎ বাৰাণসীৰ ৰক্ষক দেৱতা বুলি গণ্য কৰা হয়। মন্দিৰটো ধৰ্মীয় বিশ্বাস আৰু পৌৰাণিক তাৎপৰ্যৰে পৰিপূৰ্ণ, যি বাৰাণসী ভ্ৰমণ কৰা ভক্ত আৰু পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

Also Read: ৰাম লাল্লাক পিন্ধোৱা হৈছে উমাল কাপোৰ, খাবলৈ দিয়া হৈছে গৰম খাদ্য

Dailyhunt
Disclaimer: This content has not been generated, created or edited by Dailyhunt. Publisher: Asomiya Pratidin